Logo
image

‘কা’ৰ বিৰুদ্ধে ছুপ্ৰিম ক’ৰ্টত অগপৰো গোচৰ ৯ এপ্ৰিলত শুনানি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ মাৰ্চঃ সদৌ অসম ছাত্ৰ সন্থা, উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দল-সংগঠনে ‘কা’ৰ বিধি বলৱৎকৰণৰ বিৰুদ্ধে গোচৰ তৰাৰ সময়তে ‘কা’ৰ বিৰুদ্ধে পুনৰ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদ৷ ‘কা’ৰ জৰিয়তে অসম চুক্তিক নস্যাৎ কৰাৰ অভিযোগ তুলি ‘কা’ৰ বিধি বলৱৎকৰণত স্থগিতাদেশ বিচৰাৰ লগতে অসমত ‘কা’ কাৰ্যকৰী হোৱাত বাধা দিবৰ বাবে আবেদন জনাই উচ্ছতম ন্যায়ালয়ৰ শৰণাপন্ন হৈছে ৰাজ্যৰ শাসনাধিষ্ঠিত মিত্ৰজোঁটৰ অংশীদাৰ দলটো৷ 

এই আইনী যুঁজৰ যাৱতীয় কাম-কাজ সম্পন্ন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে অগপৰ দুই জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু কুমাৰ দীপক দাসক৷ এই কামৰ বাবে নতুন দিল্লীলৈ যায় অগপৰ শীৰ্ষ নেতা দুজন৷ দিনচেৰেক পূৰ্বে কলিতা আৰু দাসৰ তত্বাৱধানত উচ্ছতম ন্যায়ালয়ত ‘কা’ৰ বিধি বলৱৎকৰণৰ বিৰুদ্ধে আবেদন জনাই অগপই৷ সৰ্বোচ্ছ ন্যায়ালয়ে অহা ৯ এপ্ৰিলত অগপই তৰা গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰিছে৷ উল্লেখ্য, আছু-নেছ’, যুৱ-ছাত্ৰকে ধৰি বিভিন্ন দল সংগঠনে ‘কা’ৰ বিৰুদ্ধে ৰুজু কৰা আন আন গোচৰৰো শুনানি গ্ৰহণ কৰিব দেশৰ শীৰ্ষ আদালতে৷ অগপৰ গোচৰটোত উচ্ছতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিব জ্যেষ্ঠ অধিবক্তা অমিত আনন্দ তিৱাৰী আৰু অধিবক্তা ৰাহুল প্ৰতাপে৷ উল্লেখ্য, ‘কা’ সন্দৰ্ভত অসম গণ পৰিষদৰ ‘নাটক’ৰ অন্ত নাই৷ ‘কা’বিৰোধী আন্দোলন তুংগত উঠাৰ সময়ত বিজেপিৰ সংগ এৰিবৰ বাবে অগপৰ ওপৰত পৰা তীব্ৰ ৰাজহুৱা হেঁচাৰ বাবে বিজেপি নেতৃত্বাধীন মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল অগপৰ মন্ত্ৰীয়ে৷ কিন্তু সেয়া আছিল মাত্ৰ কেইটামান দিনৰ বাবে৷ ‘কা’ কাৰ্যকৰী নোহোৱাৰ অচিলাত আৰু ‘কা’ কাৰ্যকৰী হ’লেই মন্ত্ৰিত্ব ত্যাগ কৰাৰ লগতে বিজেপিৰে মিত্ৰতা ত্যাগ কৰাৰ ৰাজহুৱা ঘোষণা কৰি পুনৰ বিজেপিৰ সৈতে চৰকাৰৰ গঠনত ভাগ লৈছিল অসম চুক্তিক মূল ভিত্তিৰূপে লৈ গঠন হোৱা অসম গণ পৰিষদে৷ কিন্তু কেইদিনমান পূৰ্বে যেতিয়া ‘কা’ৰ বিধি বলৱৎ কৰাৰ ফলত দেশজুৰি ‘কা’ কাৰ্যকৰী হ’ল, তেতিয়া অগপই অৱলম্বন কৰিলে অস্বাভাৱিক নীৰৱতা৷ অগপৰ নেতাসকলে ‘কা’ সন্দৰ্ভত এইবাৰ টু শব্দও উচ্ছাৰণ নকৰিলে৷ নিৰ্বাচনী অংকতেই অগপৰ জ্যেষ্ঠ নেতা তথা বৰপেটা সমষ্টিৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ঘোষণা কৰিলে যে এইবাৰৰ নিৰ্বাচনত ‘কা’ ফেক্টৰ নহয়৷ ইপিনে, ‘কা’ প্ৰসংগই ভৱিষ্যতে অগপক অস্বস্তিত পেলোৱাৰ আশংকাত দুয়োকুল ৰক্ষা কৰি অসম গণ পৰিষদে উচ্ছতম ন্যায়ালয়ত ‘কা’ৰ বিধি বলৱৎকৰণৰ বিৰুদ্ধে গোচৰ তৰিলে৷ অৰ্থাৎ সাপো মৰক, লাঠীও নাভাঙক৷ অগপৰ নাটক এইবাৰেই নহয়, আগতেও হৈছে৷ সংসদত অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ‘কা’ৰ বিৰুদ্ধে উদাত্ত ভাষণ দিছিল৷ কিন্তু ভোটদানৰ সময়ত ‘কা’ৰ সপক্ষে ভোট দিছিল অগপই৷ এই অদ্ভুত কাৰ্যৰ সমৰ্থনত অগপৰ যুক্তি আছিল এয়ে যে তেওঁলোকে মিত্ৰতাৰ ধৰ্ম পালন কৰিছিল৷ কিন্তু অগপৰ এটা ভোট নহ’লে বিজেপিৰ একো ক্ষতিও নহ’লহেঁতেন আৰু ‘কা’ গৃহীত হোৱাৰ ক্ষেত্ৰতো এধানমানো অসুবিধাৰ সৃষ্টি নহ’লহেঁতেন৷ কেৱল সেয়েই নহয়, ‘কা’ বাতিল কৰাৰ বাবে অগপই উচ্ছতম ন্যায়ালয়ত আবেদনো জনাইছিল৷ এই কথা সূৰ্যৰ পোহৰৰ দৰে সত্য যে ‘কা’ৰ জৰিয়তে অসম চুক্তি আৰু অসম গণ পৰিষদৰ প্ৰাসংগিকতা শূন্যলৈ পৰ্যবসিত হৈছে৷ এই সত্য কথাটোকে বুজিব নোখোজে অসম গণ পৰিষদে৷ ‘কা’ সন্দৰ্ভত অগপই গ্ৰহণ কৰা দুতলীয়া স্থিতিয়ে এই কথা দ্বিধাহীনভাৱে প্ৰমাণ কৰিছে যে অগপৰ বাবে অসম চুক্তিতকৈ হাজাৰগুণে অধিক গুৰুত্বপূৰ্ণ বিজেপিৰ সৈতে মিত্ৰতাৰ বিষয়টোহে৷ সম্ভৱতঃ সংসদত এখন আইনৰ বিপক্ষে কথা কৈ, সপক্ষে ভোট দি একেখন আইনৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰা পৃথিৱীৰ একমাত্ৰ দল অসম গণ পৰিষদ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আছু, নেছ’, যুৱ-ছাত্ৰকে ধৰি বিভিন্ন পক্ষই ইতিপূৰ্বে ‘কা’ বাতিলৰ প্ৰাৰ্থনাৰে উচ্ছতম ন্যায়ালয়ত গোচৰ তৰাৰ উপৰি শেহতীয়াকৈ ‘কা’ বিধি বলৱৎকৰণৰ বিৰুদ্ধে সৰ্বোচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ এই সকলোবোৰ গোচৰৰ শুনানি আৰম্ভ হ’ব ৯ এপ্ৰিলৰ পৰা৷