Logo
image

নিৰ্বাচন খেলিবলৈ ধন নাই নিৰ্মলাৰ! স্বামীৰ দৃষ্টিত ইলেক্ট’ৰেল বণ্ড বিশ্বৰ সৰ্ববৃহৎ কেলেংকাৰি

নতুন দিল্লী, ২৯ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ইলেক্ট’ৰেল বণ্ডক কেন্দ্ৰ কৰি অস্বস্তিকৰ পৰিস্থিতিত পৰিব লগা হৈছে বিজেপি দলটো৷ ইয়াৰ মাজতে ইলেক্ট’ৰেল বণ্ডক বিশ্বৰ সৰ্ববৃহৎ দুৰ্নীতি বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পাৰাকালা প্ৰভাকৰে৷ স্বাভাৱিকতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ স্বামীৰ ইলেক্ট’ৰেল বণ্ড সম্পৰ্কীয় এই মন্তব্যক লৈ ৰাজনৈতিক মহলত এতিয়া দেশজুৰি আলোড়নৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে বিশিষ্ট অৰ্থনীতিবিদ তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পাৰাকালা প্ৰভাকৰে  শেহতীয়াকৈ এক সংবাদমেলত ইলেক্ট’ৰেল বণ্ড সম্পৰ্কে মন্তব্য আগবঢ়ায়৷ তেওঁ কয়– ইলেক্ট’ৰেল বণ্ড অতি গুৰুত্বপূৰ্ণ বিষয়৷ ইয়াক লৈ আনকি শাসকীয় বিজেপি দলটো সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷ ইয়াৰ পৰিণাম  বিজেপিয়ে এসময়ত ভুগিব লাগিব৷ অৰ্থনীতিবিদগৰাকীৰ এই বিস্ফোৰক মন্তব্যৰ পাছতে বিৰোধী দলসমূহেও বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ পাৰাকালা প্ৰভাকৰে পুনৰ কয় যে ইলেক্ট’ৰেল বণ্ড যে এটা বৃহৎ কেলেংকাৰি সেয়া এতিয়া অকল ভাৰতৰ নাগৰিকেই নহয়, বিশ্ববাসীয়েও জানিব পাৰিছে৷ যাৰ বাবে এইবাৰৰ নিৰ্বাচনত শাসকীয় দলটোৱে ইয়াৰ পৰিণাম ভুগিবলগীয়া হ’ব পাৰে বুলি তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ স্বামী পাৰাকালা প্ৰভাকৰ এজন প্ৰখ্যাত অৰ্থনীতিবিদ৷ ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে তেওঁ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ সৈতে জড়িত হৈ আছিল৷ আনকি তেওঁ কমিউনিকেশ্যন এডভাইজাৰ হিচাপেও দীৰ্ঘদিন ধৰি কাম কৰিছে৷ অৰ্থনীতি সম্পৰ্কীয় তেওঁৰ কেইবাখনো গ্ৰন্থ অতি জনপ্ৰিয়৷ ইপিনে স্বামী পাৰাকালা প্ৰভাকৰে ইলেক্ট’ৰেল বণ্ডক লৈ কৰা বিস্ফোৰক মন্তব্যৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ তেওঁৰ ধনৰ অভাৱ বুলি প্ৰকাশ কৰিছে৷ বিত্তমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়– বিজেপিৰ সভাপতি জে পি নাড্ডাই তেওঁক অন্ধ্ৰপ্ৰদেশ বা তামিলনাডুৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল৷ কিন্তু তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে৷ বিশেষকৈ ধনৰ অভাৱৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অপাৰগ বুলি কয়৷ স্মৰ্তব্য যে নিৰ্মলা সীতাৰমণে ৰাজ্যসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ দায়িত্ব পালন কৰি আছে৷ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ তেওঁৰ হাতত ধনৰ অভাৱ বুলি কৰা মন্তব্যক লৈ স্বাভাৱিকতে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে৷