Logo
image

কংগ্ৰেছক নচলা দুটকীয়া পইচা আখ্যা ভৱেশ কলিতাৰ

'আমাৰ অসম'ৰ লখিমপুৰৰ প্ৰতিনিধি, ২৯ মাৰ্চঃ "অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত ১৩ খন আসনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিব৷ প্ৰথম পৰ্যায়ত ৫খন আসন আমিয়েই পাম। কংগ্ৰেছ দল এতিয়া নচলা দুটকীয়া পইচা৷" শুকুৰবাৰে লখিমপুৰত এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

লখিমপুৰ বিজেপি কাৰ্যালয়ত সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত ভৱেশ কলিতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে৷ তেওঁ কয় যে ভূপেন বৰাই বিজেপিলৈ আহিবলৈ ঠেং দাঙিয়েই আছে। 

উল্লেখ্য যে ৬ এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব লগা গৃহমন্ত্ৰী অমৃত শ্বাহৰ কাৰ্যসূচী সন্দৰ্ভত লখিমপুৰত দলীয় নেতা-কৰ্মীৰ সৈতে এক আলোচনাত মিলিত হয় ৰাজ্যিক বিজেপিৰ সভাপতিজন। বিজেপিৰ জিলা কাৰ্যালয়ত মন্ত্ৰী ৰণোজ পেগু, বিধায়ক মানৱ ডেকা, নব দলে আৰু ভুবন পেগুৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যিক সভাপতি কলিতা ৷