Logo
image

পৃথিৱীক ৰক্ষা কৰিবলৈ হ'লে বছৰত এবাৰকৈ লকডাউন দিয়াৰ প্ৰয়োজনঃ যাদৱ পায়েং

'আমাৰ অসম'ৰ ঢকুৱাখনাৰ বিশেষ প্ৰতিবেদক,২৯ মাৰ্চঃ "পৃথিৱীক ৰক্ষা কৰিবলৈ হ'লে বছৰত এবাৰকৈ লকডাউন দিব লাগিব।"-এই মন্তব্য পদ্মশ্ৰী যাদৱ পায়েঙৰ। তেওঁ কয় যে প্ৰতিজন ব্যক্তিয়ে গছ ৰুব লাগিব, তেতিয়াহে এই পৃথিৱীত জীয়াই থাকিব পাৰিব। গছপুলি ৰোপণ কৰিলেই নহ'ব তাক প্ৰতিপালনো কৰিব জানিব লাগিব। এই পৃথিৱীত জীৱ-জন্তু, চৰাই-চিৰিকটিয়েও গছ ৰোপণ কৰে। কেৱল জীৱশ্ৰেষ্ঠ মানুহে গছ কাটে৷

ঢকুৱাখানাৰ গোবিন্দপুৰ মজলীয়া বিদ্যালয় প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত এক পৰিৱেশ সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে যাদৱ পায়েঙে। জীৱ-জন্তু আৰু গছ-গছনি সুৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ ভিতৰতে অসমতেই এখন অতি শক্তিশালী আইন থকাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে বনৰীয়া জীৱ-জন্তুক বধ কৰিলে যি দৰে শাস্তি বিহাৰ নিয়ম আছে, ঠিক একেদৰে গছ কাটিলেও শাস্তিৰ বিধান আছে। লগতে তেওঁ বন বিভাগ অথবা প্ৰশাসনে প্ৰকৃতিক সুৰক্ষা দিব নোৱাৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। 

বিশিষ্ট প্ৰকৃতিবিদ, মেগামিক্স প্ৰকৃতি সংঘৰ সমন্বয়ক তথা অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান লাভ কৰা দেৱজিৎ ফুকনৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সজাগতা সভাখনত যাদৱ পায়ঙে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি গভীৰ শংকা প্ৰকাশ কৰি বিশ্বত ভয়াৱহভাৱে বৃদ্ধি পোৱা প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে প্ৰতিজন লোককে সজাগ হ’বলৈ আহ্বান জনায়৷ তেওঁ কয় যে মানৱ সমাজৰ বিকাশৰ বাবে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা দৰকাৰ। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত গছ-গছনিয়ে মুখ্য ভূমিকা লৈছে। জীৱশ্ৰেষ্ঠ মানৱৰ কৰ্মকাণ্ডৰ ফলতেই আজি প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাই পেলাইছে৷ পৃথিৱীক ৰক্ষা কৰিবলৈ হ'লে সমগ্ৰ বিশ্বক বছৰত লকডাউন দিয়াৰ প্ৰয়োজন আছে। তেওঁ আৰু কয়, "ছাত্ৰ-ছাত্ৰীসকলে জন্মদিনত কেক কটাৰ সলনি এজোপা গছ ৰোপণ কৰিব লাগে, যি গছে পৃথিৱীখন বচাই ৰাখিব।" যাদৱ পায়েঙৰ নাতিদীৰ্ঘ পৰিৱেশ সম্পৰ্কীয় ভাষণত দুটা গুৰুত্বপূৰ্ণ আহ্বান জনাই কয় যে চুবুৰীয়া ৰাজ্য অৰুণাচলত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে যন্ত্ৰচালিত গছ কটা মেচিন, এয়াৰ গান চৰকাৰে বন্ধ কৰিছে৷ কিন্তু এই কাম অসম চৰকাৰে কিয় কৰিব নোৱাৰে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। লগতে তেওঁ বছৰি দুই-তিনিবাৰকৈ সপ্তাহযোৰা সম্পূৰ্ণ লকডাউন ৰূপায়িত কৰি ভয়াৱহ গোলকীয় উত্তাপ আৰু জলবায়ু পৰিবৰ্তনৰ কিছু মোকাবিলা কৰাৰ যত্ন কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে সম্প্ৰতি  বিশ্বত গভীৰ জল সংকটে দেখা দিছে। জল সংকট দূৰ কৰিবলৈ গছ ৰোপণ কৰিব লাগে। গছে পানী আৰু অক্সিজেন দুয়োটাই সংৰক্ষণ কৰি ৰাখে। পৰিৱেশ সজাগতা সভাখনত বিদ্যালয়খনৰ লগতে অন্যান্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে। উক্ত সজাগতা অনুষ্ঠানত গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিব্য কুমাৰ বৰুৱা, অঞ্চলটোৰ অৱসৰী শিক্ষক থানশ্বৰ বড়া, হেম বৰুৱা, পৃথু বৰা, স্থানীয় ব্যক্তি সুখেশ্বৰ বৰুৱাকে আদি কৰি কেইবাজনো ব্যক্তিয়ে অন্তৰংগ আলাপত ভাগ লয়। বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰোহিনী পেগুৱে আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েঙৰ লগতে পৰিৱেশ মিত্ৰ দেৱজিৎ ফুকনে পৰিবৱেশ সম্পৰ্কীয় অভিজ্ঞতা উপস্থিত সকলৰ আগত প্ৰকাশ কৰে।