Logo
image

বিজেপি ৰাইজৰ হৃদয়তঃ কংগ্ৰেছক বাৰিষাৰ ভেকুলী আখ্যা মন্ত্ৰী ৰঞ্জিত দাসৰ

ডিজিটেল সংবাদ, মুছলপুৰঃ "আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে প্ৰত্যাহ্বান কোনো নহয়৷  কংগ্ৰেছ প্ৰত্যাহ্বান হ'বই নোৱাৰে৷ কংগ্ৰেছ বাৰিষাৰ ভেকুলীৰ দৰে৷ বাৰিষা আহিলে আহে, বাৰিষা গ'লে যায়৷ আজি ৰাইজে দেখিছে মিত্ৰগোষ্ঠীৰ অৱস্থা৷ আমি অসমবাসী ৰাইজৰ হৃদয়ত আছোঁ৷  বিটিআৰ অঞ্চলৰ ৰাইজৰ হৃদয়ত আছোঁ ৷ কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ হৃদয়ত আছোঁ৷ অন্য দলে আমাক ৰাইজৰ হৃদয়ৰ পৰা উলিয়াই আনিব নোৱাৰে ৷ আমাৰ প্ৰত্যাহ্বান কাৰো লগতে নাই৷ পূৰ্বতে বিটিআৰত আমাৰ কোনো ভূমিকা নাছিল৷ তেতিয়া নৱ শৰণীয়াক ৰাইজে ভোট দিছিল৷  আজি বিটিআৰত বিজেপি অহাৰ পৰা ৰাইজৰ মন সলনি হৈছে৷" কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৃষ্ঠপ্ৰমুখ সন্মিলনত অংশ লোৱাৰ পাছত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংবাদিকৰ আগত এই মন্তব্য কৰে৷

তেওঁ লগতে কয়, "বিটিআৰত এতিয়া বড়ো-অবড়ো নাই। নৱ কুমাৰ শৰনীয়াই সাংসদ হোৱাৰ সময়ত বিটিআৰত নাছিল বিজেপিৰ ভেঁটি। কান্দিলে চকুলো মচা মানুহ নাছিল বিজেপিৰ। এতিয়া বিটিআৰত বিজেপিৰ ভেঁটি মজবুত হৈছে ৷ এতিয়া কান্দিলে  চকুলো মছা মানুহ আছে ৷ ইয়াৰ ৰাইজে এতিয়া বড়ো অবড়ো নকৰে। সেয়ে সাংসদ নৱ কুমাৰ শৰনীয়াৰ ভোটবেংক নাই কোকৰাঝাৰ লোকসভা সমষ্টিত৷ আমি প্ৰত্যেকে মহান ভাৰতীয়, মহান অসমীয়া৷অবড়ো ৰাইজে এতিয়া নৰেন্দ্ৰ  মোদীক ভোট দিব৷" লগতে মন্ত্ৰী দাসে বিটিআৰত বিজেপি মিত্ৰজোঁটৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত শান্তি প্ৰতিষ্ঠা হোৱা বুলি দাবী কৰে। সমাগত লোকসভা নিৰ্বাচনত বিজেপি, ইউপিপিএলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী  জয়ী হ'ব বুলি মন্তব্য কৰি বিপিএফক কেৱল হাগ্ৰামাৰ কাৰ্যকালৰ ঠিকাদাৰ বা দালাল সকলেহে ভোট দিব বুলি কয় মন্ত্ৰী ৰঞ্জিত কুমাৰ  দাসে৷ 

তেওঁ আৰু কয় যে হাগ্ৰামাৰ লগত আজি কোনো নাই ৷ যিয়ে আমাৰ লগত থাকি লুটিব পৰা নাই পাছত তেওঁলোক হাগ্ৰামাৰ ওচৰলৈ গৈছে৷ যিসকলে লেটেৰা পৰিৱেশ বিচাৰে তেওঁলোক হাগ্ৰামাৰ ওচৰলৈ গৈছে ৷  পৱিত্ৰ আত্মাৰ জনসাধাৰণ আমাৰ লগত আছে৷  হাগ্ৰামাৰ দিনৰ দৰে ৩০ /  ৪০ শতাংশ  আমি দিব নোৱাৰোঁ ৷  লেটেৰা হৈ থকা চোতালখন হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োই চাফা কৰিছে৷ পূৰ্বতে নাৰিকল এটা পৰিলেও মানুহে অইন কিবা বুলি ভয় খাইছিল৷ কোনো উগ্ৰপন্থী আহিল নেকি বুলি ভয় খাইছিল৷ আজি সেই পৰিৱেশ নাই ৷  আমি আজি শান্তিৰ পৰিৱেশ আনিছোঁ৷ কেন্দ্ৰ-ৰাজ্য- বিটিআৰত আজি  তিনিটা ইঞ্জিনৰ চৰকাৰ৷ সকলোৰে সহযোগত বিটিআৰত যি উন্নয়ণ হৈছে ৷ তেওঁ পুনৰ কয় যে অসম বা বিটিআৰত এটাও কেঁচা ঘৰ নাথাকিব ৷ সকলো ঘৰ পকী হ'ব৷  কোকৰাঝাৰ লোকসভা সমষ্টিত  বিজেপিৰ ৪৯৯ টা শক্তি কেন্দ্ৰ আছে ৷  ১৮৬২ বুথ আছে ৷ পৃষ্ঠপ্ৰমূখসকলক  নিজৰ দায়িত্ব বুজাই দিয়া হৈছে ৷  তেওঁলোকে  প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ মোদী বা হিমন্ত বিশ্ব শৰ্মা বা প্ৰমোদ বড়োৰ চৰকাৰৰ ভাল কামবোৰৰ বিষয়ে অৱগত কৰিব