Logo
image

১৪৪ ধাৰা জাৰিঃঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ পূৰ্বে এই নিৰ্দেশনা চাই যাওক

'আমাৰ অসম'ৰ দিচাংমুখৰ প্ৰতিবেদক, ২৯ মাৰ্চঃ শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ আদিত্য বিক্ৰম য়াদৱে এক নিৰ্দেশযোগে সমগ্ৰ শিৱসাগৰ জিলাত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি অনুমতি বিহীনভাৱে বা বে-আইনী কাৰ্যকলাপৰ উদ্দেশ্যে ১০ জন বা তাতোধিক লোকৰ সমাবেশ নিষিদ্ধ কৰিছে।

ইয়াৰপৰি এই নিৰ্দেশ অনুসৰি যি কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ পৰা কোনো ধৰণৰ বৰঙণি সংগ্ৰহ তথা প্ৰদান কৰা আৰু এইক্ষেত্ৰত ভীতি প্ৰদৰ্শন কৰা,  প্ৰতিমূৰ্তি দাহ, পথ বন্ধ, দাহ্য পদাৰ্থ প্ৰজ্বলন কৰা, প্ৰাণনাশক অস্ত্ৰ লগত লৈ ফুৰাৰ লগতে ৰাজহুৱা সম্পত্তি ধংস কৰিব নোৱাৰিব। এই নিষেধাজ্ঞাসমূহ তৎকালীনভাৱে বলৱৎ হৈছে আৰু পৰৱৰ্ত্তী ৬০ দিনলৈ বা পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। যি কোনো অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞাৰ পৰা ৰেহাইৰ বাবে জিলা প্ৰশাসনৰ আগতীয়া অনুমতি ল'ব লাগিব ৷ আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে এইক্ষেত্ৰত চোকা দৃষ্টি ৰাখি শান্তিপূৰ্ণ পৰিস্থিতি বিঘ্নিত কৰিব বিচৰা লোকৰ বিৰুদ্ধে তাৎক্ষণিক আইনগত ব্যৱস্থা গ্ৰহণ কৰিব ৷ অৱশ্যে দণ্ডাধীশ, নিৰাপত্তাৰক্ষী বা সেনাবাহিনীৰ লোক, কৰ্তব্যৰত অসামৰিক বিষয়া এই নিষেধাজ্ঞাৰ আওতাৰ ভিতৰত নপৰিব ৷ এই আদেশ অমান্য কৰা সকলক ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।