Logo
image

নিৰ্বাচনত জিকক বা হাৰক, বিজেপিতে যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়েঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ মাৰ্চঃ নেতা আৰু প্ৰাৰ্থীৰ বাক্যবাণৰ আক্ৰমণত উত্তাল হৈ পৰিছে নগাঁৱৰ নিৰ্বাচনী বতাহ। শুকুৰবাৰে নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই সাংবাদিকৰ আগত কয়, "প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব বিচাৰিছিল। তেওঁ বহু চেষ্টাও কৰিছিল। কিন্তু সেইখিনি সময়ত তেওঁক আমাৰ দলে আকোৱালি নল'লে৷ নিৰ্বাচনত তেওঁ জিকক বা হাৰক, বিজেপিতে যোগদান কৰিব বুলিহে শুনি আছোঁ। কিন্তু মোৰ মতে তেওঁ পৰাজিত হ'ব। গতিকে তেওঁক বিজেপিয়ে লোৱাৰ প্ৰশ্নই নাহে৷"

তদুপৰি তেওঁ কয় যে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক নগাঁও লোকসভা সমষ্টিৰ সাংসদ যেন নালাগেই। লাহৰীঘাট বিধা সভা সমষ্টিৰ ৰাইজে বিগত লোকসভা নিৰ্বাচনত তেওঁক ভোট দিছিল। এইবাৰ ধৰ্মীয় সংখ্যালঘূ ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। 

ইফালে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি আৰু এআইইউডিএফ একেদাল সূতাৰে বান্ধ খাই আছে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পীয়ূষ হাজৰিকাই কয় যে বিগত লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈয়ে এ আই ইউ ডি এফৰ হাতে-ভৰিয়ে ধৰি জয়ী হৈছিল।কংগ্ৰেছে বিধানসভা নিৰ্বাচন, ৰাজ্যসভা নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফৰ লগত একেলগে খেলিছিল। গতিকে তেওঁলোকে কেতিয়া কি কৰে, কেতিয়া কি কথা কয় তেওঁলোকেহে জানে। তেওঁলোক গণ্ডগোলীয়া। কিন্তু বিজেপিয়ে চিধা কথা কয়। এ আই ইউ ডি এফৰ লগত বিজেপিৰ কোনো সম্পৰ্ক নাই। এ আই ইউ ডি এফ যদি সুমেৰু আমি কুমেৰু।

বৃহস্পতিবাৰে লাহৰীঘাটত অনুষ্ঠিত দুখন সভাত প্ৰায় ১২ হাজাৰ ধৰ্মীয় সংখ্যালঘূ লোকে বিজেপিত যোগদান কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে বিজেপিৰ যোগদান সভাখনৰ কাষতে অনুষ্ঠিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সভাত মাত্ৰ ৩০০ লোকহে উপস্থিত আছিল। তেওঁক বৰ্তমান কংগ্ৰেছ কৰ্মীসকলেও এৰিছে। যোৱা লোকসভা নিৰ্বাচনত বিজয়ী হৈ তেওঁ মুছলমান ৰাইজৰ ওচৰলৈ নগ'লেই। সেয়ে নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয় সুনিশ্চিত। কংগ্ৰেছে দলৰ পদবী থকা মানুহে বিজেপিত যোগদান কৰিছে বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে। 

উল্লেখযোগ্য যে নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিশেষ সাংগঠনিক কাৰ্যকৰ্তা সন্মিলনত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিকৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। কাৰ্যকতা সন্মিলনখনত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত দলীয় কাৰ্যকতাসকলৰ সৈতে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু বিধায়ক ৰূপক শৰ্মাই বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বিভিন্ন ৰণকৌশল, কৰ্মসূচী প্ৰস্তুত কৰাৰ সন্দৰ্ভতো মত-বিনিময় কৰে।