Logo
image

অসম আজিও অশান্ত, আফস্পাৰ ম্যাদ বৃদ্ধি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাপৰ্যন্ত সকলোৰে এটাই দাবী যে বিজেপি চৰকাৰৰ শাসনকালত অসমত শান্তি বিৰাজ কৰিছে৷ আলফাকে ধৰি অধিকাংশ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ এক কথাত ক’বলৈ গ’লে অসমত আজি উগ্ৰপন্থী সংগঠনৰ অস্তিত্ব প্ৰায় শূন্য৷ বিজেপি দল আৰু চৰকাৰৰ এই দাবী যদি সঁচা, তেন্তে উজনী অসমৰ চাৰিখন জিলাত আগন্তুক ছমাহৰ বাবে কিয় পুনৰ বৃদ্ধি কৰা হ’ল সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ (আফস্পা) ম্যাদ৷ 

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত এক জাননী জাৰি কৰি তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাক ‘অশান্ত অঞ্চল’ হিচাপে চিহ্নিত কৰি এই চাৰিখন জিলাত সেনা বাহিনীৰ (বিশেষ ক্ষমতা) আইন-১৯৫৮ৰ (আফস্পা) ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত ঘোষণা কৰে৷ উল্লেখ্য, ৰাজ্য চৰকাৰৰ ওচৰত অসম আৰক্ষীয়ে দাখিল কৰা এক প্ৰতিবেদনত স্পষ্টভাৱে দাবী কৰিছে যে সমস্ত ৰাজ্যতে আইন-শৃংখলা পৰিস্থিতিৰ উন্নতি হৈছে যদিও চাৰিখন জিলাত এটা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে৷ ইয়াৰ পাছতে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ওচৰত এই চাৰিখন জিলাক আইনখনৰ ম্যাদ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰে৷ ইয়াৰ পাছতে এই চাৰিখন জিলাক অশান্ত অঞ্চল হিচাপে কৰা ঘোষণা আগন্তুক ছমাহৰ বাবে পুনৰ বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেন্দ্ৰীয় চৰকাৰৰ নিদেৰ্শনাৰ ভিত্তিত অসম চৰকাৰে চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰত সেনা বাহিনীৰ (বিশেষ ক্ষমতা) আইনৰ ম্যাদ বৃদ্ধিৰ জাননী জাৰি কৰে৷ এই আইনৰ অধীনত নিৰাপত্তা বাহিনীয়ে যিকোনো ঠাইত অভিযান চলোৱাৰ লগতে গ্ৰেপ্তাৰী পাৰোৱানা অবিহনে যিকোনো লোকক গ্ৰেপ্তাৰ কৰিব পাৰে৷ ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১ অক্টোবৰত যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল এই আইনখন৷ আনহাতে, ২০১২ চনৰ ৰ এপ্ৰিলত এই আইনখন ৰাজ্যৰ ৯খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হয়৷ উল্লেখ্য, ১৯৯০ চনৰ নৱেম্বৰ মাহত প্ৰথমবাৰৰ বাবে সমগ্ৰ অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি এই আইখন বলৱৎ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত প্ৰতি ছমাহৰ মূৰে মূৰে আইনখনৰ ম্যাদ বৃদ্ধি কৰি থকা হয়৷