Logo
image

পেইনকিলাৰ লৈ ক্ৰিজত নামিছিল ৰিয়ান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ মাৰ্চঃ তিনিদিন ধৰি বিষত কাতৰ হৈ আছিল ৰিয়ান পৰাগ৷ সেই তিনিদিনত পেইন কিলাৰেই আছিল ভৰসা৷ মেচৰ দিনা ক্ৰিজত নামি সেই ৰিয়ান পৰাগেই বাজীমাৎ কৰিলে৷ ৫টা আই পি এল ছিজনৰ অন্তত, ষষ্ঠ ছিজনত নিজৰ সামৰ্থৰ প্ৰতি সুবিচাৰ কৰিলে অসম সন্তান ৰিয়ানে৷ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অতি কঠিন পৰিস্থিতিত ক্ৰিজত নামি ৪৫টা বলত অপৰাজিত ৮৪ ৰান কৰি তেওঁ নিজ দল ৰাজস্থান ৰয়েলছক বিজয়ী কৰাই নহয়, ইমান দিনে ব্যৰ্থতা স্বত্ত্বেও দলে তেওঁৰ ওপৰত ৰাখি অহা আস্থাৰো প্ৰতিদান দিলে৷ কঠিন পৰিস্থিতি কেৱল ব্যক্তিগতেই নাছিল, সেইদিনা যেতিয়া ৰিয়ানে ক্ৰিজত ভৰি থৈছিল, তেতিয়া দলে ৮ অভাৰত ৩৬ ৰানত তিনিটা উইকেট হেৰুৱাই গভীৰ বিপদত পৰিছিল৷ পিছে ৰিয়ানে ধীৰে সুস্থিৰে ইনিংছ আৰম্ভ কৰি প্ৰথমে ২৬ বলত ২৬ ৰান কৰে৷ পৰৱৰ্তী ১৯টা বলত কৰে ৫৮ ৰান৷ অন্তিম অভাৰত পেচবলাৰ আনৰিখ নোখিয়েৰ বলত ৰিয়ানে তিনিটা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰ সহায়ত কৰে ২৫ ৰান৷ সেই ৰানৰ ওপৰত ভৰ কৰিয়েই ৰাজস্থান ৰয়েলছে ৫ উইকেটত ১৮৫ ৰান কৰি ১২ ৰানত বিজয় অৰ্জন কৰে৷ স্বাভাৱিকভাৱেই মেচৰ নায়ক হয় ৰিয়ান৷

বৃহস্পতিবাৰে ক্ৰিজত নমাৰ সময়ত কেৱল দলৰ পৰিস্থিতিয়েই বিপদসংকুল নাছিল ৰিয়ান পৰাগৰ বাবে৷ মেচৰ পূৰ্বে তিনিদিন বিচনাত আছিল তেওঁ৷ বিষ নিৰাময়ৰ বাবে পেইল কিলাৰৰ আশ্ৰয় লৈছিল৷ পেইন কিলাৰৰ ওপৰত ভৰসা কৰিয়েই ক্ৰিজত নামিছিল ৰিয়ান৷ নায়কোচিত ইনিংছটোৰ পাছত নিজৰ শাৰীৰিক অৱস্থাৰ বিষয়ে খোলোছা কৰিছে তেওঁ৷ দীৰ্ঘ পাঁচটা ছিজনৰ অন্তত ষষ্ঠটো ছিজনত নিজৰ প্ৰতিভা আৰু সামৰ্থ অনুযায়ী এটা চমৎকাৰ ইনিংছ খেলাৰ পাছত এতিয়া ৰিয়ানৰ গুণমুগ্ধও সুখী৷ বিশেষজ্ঞৰ মতে, বেটিঙত ষষ্ঠ স্থানৰ পৰা চতুৰ্থ স্থানলৈ উন্নীত কৰাৰ বাবেই ৰিয়ানৰ প্ৰদৰ্শন প্ৰতিভানুসৰি হৈছে৷ দীৰ্ঘ ছিজনটোৰ অন্তত তাৰ মূল্যায়ন হ’ব৷