Logo
image

প্ৰাক্তন সতীৰ্থক কটাক্ষ মুখ্যমন্ত্ৰীৰঃ ৰকিবুল দিল্লীত থাকিলে সুৰক্ষিত হৈ থাকিব কাজিৰঙাৰ গঁড়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ মাৰ্চঃ কাজিৰঙাৰ গঁড় হত্যাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰে এসময়ৰ সতীৰ্থ তথা অতি ঘনিষ্ট বন্ধু ৰকিবুল হুছেইনৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰু বাকযুদ্ধ৷ ৰাজ্যৰ নিৰ্বাচনী বতাহ ক্ৰমাৎ গৰম হৈ উঠাৰ সময়তে কংগ্ৰেছৰ ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী তথা এসময়ৰ বনমন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালত কাজিৰঙাত সংঘটিত গঁড় হত্যাৰ বিষয়টো পুনৰ ব্যৱহৃত হৈছে নিৰ্বাচনী ইছ্যু হিচাপে৷ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰা কটাক্ষৰ প্ৰত্যুত্তৰ প্ৰাক্তন বন মন্ত্ৰীজনে দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে পুনৰ কাজিৰঙাত হোৱা গঁড় হত্যাৰ প্ৰসংগৰ সৈতে ৰকিবুল হুছেইনৰ নাম সাঙুৰি কয়–মোক লাজ দিব নালাগে৷ গঁড় হত্যাৰ যদি আৰু তথ্য বিচাৰে মই কি কম৷ গঁড় কেইটাৰ মৃতদেহ কেইটাই তাৰ প্ৰমাণ৷ আৰু কি লাগে৷ কিছুমান বস্তুৰ তথ্য প্ৰমাণ নালাগে৷ মৰা গঁড় কেইটাক নাই মৰা বুলি কৈ মই পাপ কৰিব নোৱাৰো৷ ধুবুৰীত বদৰুদ্দিন আজমলক কিয় জিকাব লাগে৷ জিকাব যদি চেষ্টা কৰো তেন্তে ৰকিবুল হুছেইনকে জিকাবলৈ চেষ্টা কৰিম৷ ৰকিবুল হুছেইন দিল্লীত থাকিলে জন্তু বিলাক সুৰক্ষিত হৈ থাকিব৷ তেওঁ অসমৰ বাবে কিবা এটা কৰিব পাৰিব৷ ৰকিবুল হুছেইনক যদি ৫ বছৰৰ বাবে দিল্লীলৈ পঠিয়াই দিও তেন্তে মই কাজিৰঙাৰ পৰা বহুত আৰক্ষী প্ৰত্যাহাৰ কৰিব পাৰিম৷ সেয়ে মই ঈশ্বৰক খাটি আছো যে ৰকিবুল হুছেইন জিকি যাওক৷ মুখ্যমন্ত্ৰী শৰ্মা আৰু ৰকিবুল হুছেইনৰ মাজত কাজিৰঙাৰ গঁড় হত্যাক কেন্দ্ৰ কৰি অব্যাহত থকা বাকযুদ্ধৰ মাজতে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই প্ৰাক্তন বনমন্ত্ৰীজনক আক্ৰমণ কৰি কয়– তেওঁলোকে গঁড়ৰ খড়গতো নিলেই, মাংসও খালে যেন পাইছোঁ৷ সেই সময়ত যি অৱস্থা হৈছিল, ভাবিবলৈয়ে ভয় লাগে৷