Logo
image

উক্তি-বক্ৰোক্তি

মই অৰবিন্দ কেজৰিৱালৰ পত্নীক সাক্ষাৎ কৰিলোঁ৷ ভুক্তভোগী হিচাপে মই তেওঁৰ যন্ত্ৰণা বুজি পাইছোঁ৷ নিৰ্বাচিত মুখ্যমন্ত্ৰী এজনক সম্পূৰ্ণ মিছা অভিযোগৰ গোচৰত নিৰ্বাচনৰ মাজতে গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় চৰকাৰে কাৰাগাৰত ৰাখিছে৷ গণতান্ত্ৰিক দেশ এখনত সাধাৰণ নিৰ্বাচনৰ মাজত এনেদৰে বিৰোধী দলৰ জনপ্ৰিয় নেতাক কাৰাবন্দী কৰি ৰখাটো সম্পূৰ্ণ স্বেচ্ছাচাৰী কাৰ্য৷ সমগ্ৰ ঝাৰখণ্ড অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ পত্নীৰ সমৰ্থনত থিয় হৈছে৷ 
– ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পত্নী কল্পনা ছোৰেণ

ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিজেপিয়ে টকাৰে কিনিব নোৱাৰে৷ ৰাৱণৰ দৰে একে পৰিণাম হ’ব বিজেপিৰ৷ আজিৰ তাৰিখত কয়লা, বালি, ড্ৰাগ মাফিয়াসকল শান্তিত আছে৷ বিজেপিৰ দিনত বলৱৎ হোৱা ‘কা’ কংগ্ৰেছ শাসনলৈ আহিলে বাতিল হ’ব৷ 
– কংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থী গৌৰৱ গগৈ

বিজেপিৰ প্ৰাৰ্থী দিলীপ ঘোষ মহিষাসুৰ৷ এনে মহিষাসুৰক সমষ্টিৰ বিজেপি ভোটাৰে হাস্পতাললৈ পঠিয়াওক৷ নহ’লে তৃণমূলৰ কৰ্মীয়ে চান্দা তুলি তেওঁক চিকিৎসালয়লৈ পঠিয়াব৷ মমতা দিদিৰ তৃণমূলৰ টীমে এই মহিষাসুৰক ভোটত হৰুৱাই বধ কৰিব৷ 
– তৃণমূলৰ লোকসভাৰ প্ৰাৰ্থী কীৰ্তি আজাদ

লোকসভা নিৰ্বাচনৰ পূৰ্বেই আজমলে বিয়া পাতি লওক৷ কাৰণ নিৰ্বাচনৰ পাছত অসমত বন্ধ হৈ যাব বহু-বিবাহ৷ তেতিয়া বিয়া পাতিলে গ্ৰেপ্তাৰ হ’ব আজমল৷ নিৰ্বাচনৰ পূৰ্বে বিয়া পাতিলে আজমলে মাতিলে বিয়ালৈ আমিও যাম৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দেৱাংগিৰি দক্ষিণৰ বিধায়ক ছামানুৰ শিৱশংকৰাপ্পাই বিজেপিৰ মহিলা প্ৰাৰ্থী গায়ত্ৰী সিদ্ধেশ্বৰাক কেৱল পাকঘৰত ৰন্ধা-বঢ়াৰ বাবে যোগ্য বুলি কৈছে৷ ইয়াৰ জৰিয়তে তেওঁ মহিলাক পাকঘৰতে আবদ্ধ কৰি ৰাখিব লাগে বুলি বুজাইছে৷ এয়া মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বৃহৎ অপমান৷ কিয়নো এই মন্তব্য কোনো সাধাৰণ ব্যক্তিয়ে কৰা নাই, কৰিছে এজন জনপ্ৰতিনিধিয়ে৷
– বেডমিণ্টন তাৰকা ছাইনা নেহৱাল

জীৱশ্ৰেষ্ঠৰ কৰ্মকাণ্ডৰ ফলতেই আজি প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাইছে৷ পৃথিৱীক ৰক্ষা কৰিবলৈ হ’লে বিশ্বত বছৰত এবাৰকৈ লকডাউন দিয়াৰ প্ৰয়োজন আছে৷ ছাত্ৰ-ছাত্ৰীসকলে জন্মদিনত কেক কটাৰ সলনি এজোপা গছ পুলি ৰুব লাগে৷
 –অৰণ্য মানৱ যাদৱ পায়েং

গোৱাত অনুষ্ঠিত মহিলা ফুটবল লীগত মহিলা ফুটবলাৰক দলীয় কৰ্মকৰ্তাই শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনাৰ বিষয়ে মই সবিশেষ জানিব পাৰিছোঁ৷ অনতিবিলম্বে এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ মই নিৰ্দেশ দিছোঁ৷ 
– কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ

অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত বিজেপি আৰু মিত্ৰজোঁটে ১৩ খন আসন লাভ কৰিব৷
–  বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনত বাৰ্তালাপ কৰাটো মোৰ জীৱনৰ শ্ৰেষ্ঠতম মুহূৰ্ত৷ এনে লাগিছে, যেন সাক্ষাত ৰামচন্দ্ৰৰ সৈতেহে কথা পাতিলোঁ৷ 
– বিজেপিৰ বছিৰহাটৰ লোকসভাৰ প্ৰাৰ্থী ৰেখা পাত্ৰ