Logo
image

দিনে কিমান পৰিমাণৰ নিমখ খোৱা উচিত

আমাৰ অসম বিশেষঃ নিমখ খোৱাক লৈ মানুহৰ মনত বিভিন্ন ধাৰণা আছে৷ বহুতে দেহৰ ওজন বৃদ্ধি পোৱাৰ ভয়ত নিমখ কম পৰিমাণে খোৱাৰ লগতে এচামে আকৌ উচ্ছ ৰক্তচাপৰ ভয়ত নিমখ এৰাই চলে৷ কিছুমানে নিমখ অবিহনে কোনো খাদ্যই গ্ৰহণ কৰিব নোৱাৰে৷ আন একাংশই আকৌ শৰীৰত পানীৰ শূন্যতা পূৰণ কৰিবলৈ নিয়মিতভাৱে নিমখ পানী গ্ৰহণ কৰে৷ কিন্তু এজন লোকে দৈনিক কিমান পৰিমাণৰ নিমখ খাব লাগে সেই বিষয়ে বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে৷ বিশেষজ্ঞৰ মতে একোজন মানুহে দিনত এক চাহ চামোচহে নিমখ খোৱা উচিত৷ অৰ্থাৎ ৫ বা ৬ গ্ৰাম নিমখহে খাব লাগে৷ অৱশ্যে উচ্ছ ৰক্তচাপ বা বৃক্কৰ সমস্যাত ভোগাসকলক বিশেষজ্ঞই কেঁচা নিমখ খোৱাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ নিমখত শতকৰা ৯৭-৯৯ ভাগেই ছডিয়াম ক্ল’ৰাইড থাকে৷ এনেস্থলত নিমখ খোৱা একেবাৰে বন্ধ কৰিলে দেহত ছডিয়ামৰ অভাৱ ঘটে৷ ফলত বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ তদুপৰি নিমখ খোৱা একেবাৰে বন্ধ কৰিলে হঠাতে ৰক্তচাপ নিম্নগামী হ’ব পাৰে৷ সেয়ে নিমখ খোৱা বন্ধ নকৰি ৰন্ধন প্ৰণালীৰ ওপৰত নজৰ ৰাখক৷ লক্ষ্য ৰাখিব যে প্ৰতিদিনে আপুনি যাতে ৫ বা ৬ গ্ৰামতকৈ অধিক নিমখ খোৱাৰ পৰা বিৰত থাকে৷ যিসকলে অত্যধিক পৰিশ্ৰম কৰে, তেওঁলোকে খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি নিমখ খাওক, কাৰণ পৰিশ্ৰমৰ বাবে ঘামৰ সৈতে দেহৰ পৰা পানী আৰু নিমখ ওলাই যায়৷ বজাৰত সহজতে পোৱা পেকেটজাত খাদ্য যেনে- চিপ্‌ছ, ছয়াছচ, টমেটো ছচ আদিত অত্যধিক পৰিমাণে নিমখৰ ব্যৱহাৰ হয়৷ এনে খাদ্য গ্ৰহণ কৰোতে সাৱধান হোৱা উচিত৷ মাছ-মাংস বা কণীৰ পৰাও পৰিমাণে ছডিয়াম পাব পৰা যায়৷ অৱশ্যে এই ছডিয়াম পৰ্যাপ্ত নহয়৷