Logo
image

মীৰাৰ বচন: হিমন্তবিশ্বই অগপত যোগ দিব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ মাৰ্চঃ বিজেপি ধবংস কৰি অগপমুখী হোৱাৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ অগপৰ সৈতে মধুৰ সম্পৰ্ক গঢ়িছে মুখ্যমন্ত্ৰীয়ে৷ এই দাবী গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ৷ শনিবাৰে তেওঁ মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ কয়– আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কাৰ্যালয়লৈ কমকৈ যায়৷ ফণীভূষণ চৌধুৰীৰ ঘৰলৈ অগপৰ কাৰ্যালয়লৈ বেছিকৈ যায়৷ বিজেপিত ভাত উকলিছে মুখ্যমন্ত্ৰীৰ৷ তেওঁ যে অগপৰে এটা নেক্সাচ চলাইছে, বিজেপি ধবংস কৰি যে অগপলৈ যাব সেই খবৰ আমি পাওঁ৷ কংগ্ৰেছৰ পৰা মানুহ নিও অগপত যোগদান কৰাবলৈ বিভিন্ন কৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী শৰ্মাই যে কৈছে যোৰহাট, গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বেয়া হ’ল সেই খবৰ আমিও পাওঁ৷ কিন্তু এনে কথা কৈ আমি তেওঁৰ সৈতে মুখ চুপতি নামাৰো৷ 

বিজেপিৰ কৰ সন্ত্ৰাসৰ বিৰুদ্ধে ৰাজীৱ ভৱনত প্ৰতিবাদ

গণতন্ত্ৰক ধবংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনতো ‘কৰ সন্ত্ৰাস’ৰ বিৰুদ্ধে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰা হয়৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত আয়কৰ বিভাগে নিখিল ভাৰত কংগ্ৰেছৰ বেংক একাউণ্ট ‘ফ্ৰিজড’ কৰাৰ লগতে অতিৰিক্ত ১৮৭০ কোটি টকাৰ কৰ জৰিমনা জাঁপি দিয়া কাৰ্যৰ প্ৰতিবাদত কংগ্ৰেছ নেতা-কৰ্মীসকলে ৰাজীৱ ভৱনত আজি বিজেপিৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী পালন কৰে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে আঁত ধৰা প্ৰতিবাদী সভাখনত কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে বিজেপি দল আৰু চৰকাৰে ভাৰতীয় সংবিধান ধবংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ লগতে গণতন্ত্ৰক কবৰ দিবলৈ প্ৰস্তুতি চলাইছে বুলি আক্ষেপ কৰি কয় যে এই একনায়কত্ববাদী দল আৰু চৰকাৰক এইবাৰ নিৰ্বাচনত সমুচিত প্ৰত্যুত্তৰ দি প্ৰতিহত কৰিব লাগিব৷ নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ তত্ত্বাবধায়ক পৃথ্বিৰাজ সাথেই নিজৰ ভাষণত কংগ্ৰেছ কৰ্মীসকলক গণতন্ত্ৰ সুৰক্ষিত কৰাৰ যুঁজত অধিক আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷ কংগ্ৰেছ নেতা সাথেই কয় যে বিজেপি দলে ইডি, চিবিআই আৰু আয়কৰ বিভাগৰ ভাবুকিৰে ইলেক্ট’ৰেল বণ্ডৰ যোগেদি হাজাৰ হাজাৰ কোটি টকা নিজৰ বেংক একাউণ্টত সুমুৱাই এতিয়া বাকী দলৰ বেংক একাউণ্ট ফ্ৰিজড কৰাৰ লগতে অযথা জৰিমনা আৰোপ কৰিছে৷ বিজেপিৰ ক্ষেত্ৰত আয়কৰ বিভাগে কিয় জৰিমনা আৰোপ কৰা নাই বুলিও প্ৰশ্ন কৰে৷ কংগ্ৰেছ নেতা গোপাল শৰ্মা, ৰাতুল কলিতা, বেদব্ৰত বৰা প্ৰমুখ্যে কেবাজনেও প্ৰতিবাদী সভাত বক্তব্য প্ৰদান কৰে৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বলীন কুলী, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নৱ তালুকদাৰ, উপ-সভাপতি গুণ গগৈ, বালিকা পেগু প্ৰমুখ্যে বহু কেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই আজি ৰাজীৱ ভৱনত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷