Logo
image

নিৰ্বাচন হ’লেও চৰকাৰী অনুদান পাব বিহু কমিটীয়ে! মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ মাৰ্চঃ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থাকিলেও সাহায্য লাভ কৰিব বিহু কমিটীয়ে৷ শনিবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়– দেশত সাধাৰণ নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হৈ আছে যদিও বিহু কমিটীসমূহক চৰকাৰী অনুদান দিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন কৰিছে চৰকাৰে৷ নিৰ্বাচন আয়োগে চৰকাৰক অনুমতি দিব বুলি আশাবাদী৷ যদি নিৰ্বাচন আয়োগে বিহুৰ পূৰ্বে অনুদান দিব নোৱাৰি বুলি কয় তেন্তে নিৰ্বাচনী আচৰণ বিধি শেষ হোৱাৰ পাছত দিয়া হ’ব সাহায্য৷ সেয়া হিমন্ত বিশ্ব শৰ্মাৰ ধাৰ হৈ থাকিব বুলি ধৰি ল’ব৷ 
  
বিহুৰ নামত অনুদান পোৱাটো নিশ্চিত৷ উল্লেখ্য, ৰাজ্যৰ বিভিন্ন অঞ্চলত ইতিমধ্যে আৰম্ভ হৈছে বিহু উদ্‌যাপনৰ প্ৰস্তুতি৷ কিন্তু এইবাৰ কমিটীসমূহে চৰকাৰৰ অনুদান পোৱাৰ আশা এৰি দিছিল৷ কিয়নো ইতিমধ্যে দেশজুৰি আৰম্ভ হৈছে  নিৰ্বাচনী আচৰণ বিধি৷ এই সময়ত যদি চৰকাৰে বিহু উদ্‌যাপনৰ নামত ধন বিতৰণ কৰাৰ কথা ঘোষণা কৰে তেনেহ’লে চৰকাৰ নিৰ্বাচন আয়োগৰ ৰোষত পৰিব৷ উল্লেখ্য, ২০২২ চনত ৰাজ্যত বিহুৰ নামত  চান্দা সংগ্ৰহত নিষেধাজ্ঞা আৰোপ কৰি চৰকাৰে ঘোষণা কৰিছিল কিন্তু ১০বছৰৰ পুৰণি বিহু উদ্‌যাপন কমিটীক ডেৰ লাখকৈ টকাৰ এককালীন সাহায্য৷ ১-৭ব’হাগৰ ভিতৰত বিহু পতা কমিটীক এনেদৰে ডেৰ লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছিল৷ কিন্তু সাহায্য প্ৰদান চৰকাৰৰ কোনো আঁচনিৰ ভিত্তিত কৰা নাছিল৷ এয়া দিয়া হৈছিল এককালীন সাহায্য ৰূপত৷ চৰকাৰে বিহু উদ্‌যাপন সমিতিসমূহক কাৰ্যতঃ হিতাধিকাৰী কৰাৰ লক্ষ্য লৈ এনেদৰে এককালীন  সাহায্য দি আহিছে৷ কিন্তু এই বেলি লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পূৰ্বে ঘোষণা কৰা হোৱা নাই বিহু কমিটীক সাহায্য দিয়াৰ কথা৷ গতিকে বিহু উদ্‌যাপন কমিটীসমূহে বিহুৰ নামত সাহায্য লাভ কৰাৰ আশা এৰি দিছিল৷