Logo
image

জাপি, ঢোল, সৰ্থেবাৰীৰ কাঁহ শিল্পসহ পৰম্পৰাগত সামগ্ৰীলৈ ‘জি আই টেগ’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ এপ্ৰিলঃ অসমৰ ঐতিহ্যৰ প্ৰতীক ছটা পৰম্পৰাগত শিল্পই লাভ কৰিছে ভোগোলিক স্বীকৃতি চমুকৈ জি আই টেগ৷ বিহু, ঢোল, জাঁপি, সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পৰ লগতে আশাৰিকান্দিৰ টেৰাকোটা শিল্প, অসমৰ পানী মেটেকা শিল্প আৰু মিচিং হস্ততাঁত সামগ্ৰীকো জি আই টেগ প্ৰদান কৰা হৈছে৷ নাবাৰ্ডৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ সহযোগত এই জি আই টেগ অসমৰ ছটা শিল্পই লাভ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই গৌৰৱৰ কথা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ‘এয়া অসমৰ ঐতিহ্যৰ এক ডাঙৰ জয় বুলি অভিহিত কৰিছে৷ বিশেষকৈ ৰঙালী বিহুৰ প্ৰাক্‌ক্ষণত অসমৰ এই আপুৰুগীয়া সম্পদসমূহে জি আই টেগ লাভ কৰা খবৰে অসমবাসীক আনন্দিত কৰাৰ লগতে এই শিল্পৰ লগত জড়িত লোকসকলকো উৎসাহী কৰি তুলিছে৷

সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ জি আই টেগ

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ বহু বছৰীয়া দাবী আৰু প্ৰতীক্ষাৰ অন্তত বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ঐতিহাসিক কাঁহ শিল্পলৈ আহিল জি আইৰ স্বীকৃতি৷ এতিয়াৰ পৰা অসম গৌৰৱ কুটীৰ শিল্প সৰ্থেবাৰীৰ কাঁহ শিল্পই লাভ কৰিলে ভৌগোলিক পৰিসীমাৰ পৰিচয়৷ ভাৰত বিখ্যাত কুটিৰ শিল্প কাঁহ শিল্পই লাভ কৰিলে সুকীয়া স্বীকৃতি৷ চৰকাৰৰ পৰা এই স্বীকৃতি পোৱাৰ পিছতেই উৎফুল্ল হৈছে সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলৰ লগতে সৰ্বস্তৰৰ ৰাইজ৷ সংকটৰ গৰাহত পৰা কাঁহ শিল্প তথা শিল্পী সকলৰ জীৱনলৈ পৰিৱৰ্তন অহাৰ বাট মুকলি হোৱাত শিল্পীসকলৰ মাজত আশাৰ সঞ্চাৰ হোৱা পৰিলক্ষিত হৈছে৷ এতিয়াৰে পৰা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ বাহিৰত সৰ্থেবাৰীৰ কুটীৰ শিল্প কাঁহ শিল্পত উৎপাদিত সামগ্ৰীৰ দৰে কাঁহৰ সামগ্ৰী তৈয়াৰ কৰিব নোৱাৰিব কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে৷ ইতিমধ্যেই বহিঃৰাজ্যৰ পৰা অহা মেচিনাৰী তথা নকল সামগ্ৰীয়ে অসমৰ বজাৰ দখল কৰাত সৰ্থেবাৰীৰ কুটীৰ শিল্প কাঁহ শিল্পলৈ সংকট নামি আহিছিল৷ একেই আকৃতিৰ এই সামগ্ৰীসমূহে সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ আনিছিল তীব্ৰ প্ৰত্যাহ্বান৷ বহিঃৰাজ্যৰ পৰা অহা মেচিনাৰী তথা নকল কাঁহৰ বাচনে সমগ্ৰ অসমৰ বজাৰ দখল কৰি কুটীৰ শিল্পটোলৈ অন্ধকাৰ নমাই আনিছে৷ নকল সামগ্ৰী তথা সৰ্থেবাৰীৰ কাঁহৰ সামগ্ৰীৰ দৰে হুবহু আকাৰত মেচিনত তৈয়াৰী সামগ্ৰীৰ কু-প্ৰভাৱৰ বাবেই সৰ্থেবাৰীৰ সচেতন লোকসকলৰ লগতে দল সংগঠন তথা অসম সমবায় কঁহাৰ সমবায় সমিতিয়ে সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বাবে এক সুকীয়া ভৌগোলিক পৰিসীমাৰ দীৰ্ঘদিন দাবী জনাই আহিছিল৷ সমবায় পঞ্জীয়ন বিভাগৰ বিষয়াৰ সহযোগত এই ভৌগোলিক পৰিসীমাৰ পঞ্জীয়ন তথা স্বীকৃতি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসম সমবায় কঁহাৰ সংঘৰ পৰা আবেদনো জনোৱা হৈছিল৷ অৱশেষত বিদেশী মুদ্ৰা অৰ্জন কৰি অসমৰ ৰাজকোষ টনকিয়াল কৰাত অবদান আগবঢ়াই অহা কাঁহ শিল্পৰ বাবে এক নতুন খবৰ অহাত শিল্পটোৰ বাবে এক ইতিবাচক পদক্ষেপ বুলি সচেতনমহলে অভিহিত কৰিছে৷ এই ভৌগোলিক পৰিসীমাৰ পৰিচয় লাভ কৰি উপকৃত হোৱাৰ আশা ব্যক্ত কৰিছে কাঁহ শিল্পীয়ে৷ লগতে চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনায় কাঁহ শিল্পীসকলে৷ একেদৰে ঘোষণাতে সীমাবদ্ধ নাথাকি এই সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে কাঁহ শিল্পী তথা স্থানীয় ৰাইজে৷ সৰ্থেবাৰীৰ যুৱ কাঁহ শিল্পী অৱনী ডেকাই কয় যে ৰঙালী বিহুৰ পূৰ্বেই মেচিনাৰী তথা নকল কাঁহৰ সামগ্ৰীৰ ব্যৱসায় কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত তালাচী চলাই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি কাঁহ শিল্পক নতুন প্ৰাণ সঞ্চাৰ কৰক৷

জাপি শিল্পলৈ জি আই টেগ

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ দীৰ্ঘ বছৰীয়া দাবীৰ অন্তত জাপি শিল্পলৈ আহিল জি আইৰ স্বীকৃতি৷ উল্লেখ্য জি আই টেগৰ জৰিয়তে পৰম্পৰাগত সামগ্ৰী, হস্তশিল্প আদিক সংৰক্ষণ আৰু সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়৷ উল্লেখ্য জাপি শিল্প হৈছে অসমৰ এক ঐতিহ্য বহন কৰা ক্ষুদ্ৰ শিল্প৷ এই জাপি শিল্পৰ স’তে দেশৰ ভিতৰতে নলবাৰীৰ কেইখনমান গাওঁ বছৰ বছৰ ধৰি জড়িত হৈ আৰ্থ সামাজিক উন্নয়নত বিশেষ বৰঙণি যোগাই আহিছে৷ জাপি শিল্পই চৰকাৰৰ পৰা ভৌগোলিক পৰিসীমাৰ পৰিচয়ৰ স্বীকৃতি পোৱাৰ পিছতেই উৎফুল্ল হৈ পৰিছে জাপি শিল্পীসকল৷ এতিয়াৰে পৰা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ বাহিৰত নলবাৰীৰ জাপি শিল্পীসকলে উৎপাদিত সামগ্ৰীৰ দৰে জাপি তৈয়াৰ কৰিব নোৱাৰিব৷ জিলাখনৰ জপাৰকুছি, মুগকুছি, তিলানা, সূতাৰকুছি, কৰ্দৈতোলা আদি অঞ্চলৰ সহস্ৰাধিক লোক এই শিল্পবিধৰ স’তে জড়িত হৈ আছে৷ ইফালে কেন্দ্ৰীয় চৰকাৰে জাপি শিল্প’লৈ জি আই টেগ ঘোষণা কৰাৰ পিছতে উৎফুল্ল হৈ পৰিছে শিল্পীসকল৷ গামোচাত জি আই টেগ লগোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে গামোচাৰ চাহিদা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জাপি শিল্পলৈ চৰকাৰে লগোৱা জি আই টেগৰ জৰিয়তে দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ’ব বুলিও আশা প্ৰকাশ কৰিছে শিল্পীসকলে৷ জাপিয়ে জি আই টেগ লাভ কৰাৰ ফলত ক্ৰেতাসকলে যেনেদৰে নিজৰ আকাংক্ষিত উন্নতমানৰ তথা নিৰ্ভৰযোগ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব তেনেদৰে নকল সামগ্ৰীৰ পয়োভৰৰ পৰা বিক্ৰেতাসকল ৰক্ষা পৰিব৷ ইয়ে জাপি শিল্পত জড়িত নলবাৰীৰ নিৰ্দিষ্ট গাঁওকেইখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব৷ জি আই টেগ লাভ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত থলুৱা ক্ষুদ্ৰ উদ্যোগটোৰ বিশ্বাসযোগ্যতা দৃঢ় হ’ব৷