Logo
image

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্ছ ন্যায়ালয়ত ভূপেন বৰাৰ গোচৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ এপ্ৰিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত তৰা হৈছে উক্ত মানহানিৰ গোচৰ৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে৷ তেওঁ কয়–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰুজু কৰা হৈছে মানহানিৰ গোচৰ৷ উক্ত গোচৰত শীঘ্ৰে কাঠগড়াত থিয় হ’ব লাগিব হিমন্ত বিশ্ব শৰ্মা৷ কংগ্ৰেছ ত্যাগ কৰি বিজেপিয়ে যোৱা লোকসকলৰ ভিতৰত মই নহয়৷ যিসকলে আগতে কংগ্ৰেছৰ ফ্ৰণ্ট লাইনত বহিছিল তেওঁলোকে এতিয়া বিজেপিৰ পিছফালৰ চকীত বহাৰো ঠাই হেৰুৱাইছে৷ কংগ্ৰেছত হিন্দু লোক নোহোৱা হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়–বৰ্তমান অসমত আলোচনা হ’ব লাগে নিবনুৱা সমস্যাৰ কথা কিন্তু আলোচনা হৈ আছে হিন্দু-মুছলিমৰ কথা৷ নায়ক ছবিখনৰ অমৰেশপুৰীৰ যি অৱস্থা হৈছিল ঠিক একে অৱস্থা হ’ব এইজন মুখ্যমন্ত্ৰীৰো৷ উল্লেখ্য, মুখ্যমন্ত্ৰী শৰ্মাই দুদিন পূৰ্বে কৈছিল ভূপেন বৰাই ২০২৫ চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত বিজেপিত যোগদান কৰিব৷ তেওঁৰ কাৰণে দুটা সমষ্টি সাজু কৰি ৰখা হৈছে৷ তদুপৰি দিনদিয়েক পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই হিন্দু প্ৰধান এলেকাত কংগ্ৰেছ নোহোৱা হ’ব বুলি বক্তব্য আগবঢ়াইছিল৷ তেওঁ স্পষ্টভাৱে কৈছিল–২০২৬ চনত হিন্দু এলেকাত কংগ্ৰেছ নোহোৱা হ’ব৷ ২০৩২ চনত মুছলমান এলেকাতো কংগ্ৰেছ নোহোৱা হ’ব৷

মুখ্যমন্ত্ৰীক পুনৰ প্ৰত্যাহ্বান ভূপেন বৰাৰ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ কংগ্ৰেছৰ পৰা কিছুমান মানুহ যেনেদৰে গৈছে, বহু আহিছেও৷ কংগ্ৰেছৰ পৰা যোৱা বাতৰিয়ে যেনেদৰে গুৰুত্ব পায়, কংগ্ৰেছলৈ অহাটো বাতৰিয়ে নাপায়৷ দেওবাৰে নগাঁও লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট বিধানসভা সমষ্টিৰ বৰঘূলিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়, অসমৰ মানুহে, নগাঁও-যোৰহাটৰ মানুহে কেনেকুৱা নেতাক দিল্লীলৈ পঠিয়াব সেয়া জানে৷ প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে বা নিদিয়ে, ভাল পায় বা নাপায় সেইটো ডাঙৰ কথা নহয়৷ কিন্তু প্ৰধানমন্ত্ৰীৰ চকুত চকু থৈ কথা কোৱা যদি অসমৰ ভিতৰত সাংসদ আছে তাৰ ভিতৰত বৰদলৈ অন্যতম৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে এআইইউডিএফক তীক্ষ্ণ সমালোচনা কৰি কয়, এআইইউডিএফে অসমৰ ক’ত ক’ত প্ৰাৰ্থী দিব সেয়া মুখ্যমন্ত্ৰীৰ টেবুলত ফাইনেল হয়৷ মুখ্যমন্ত্ৰীয়ে আজমলক আঁঠুৱা তলৰ ম’হ বুলি কৈয়ে থৈছে৷ গতিকে যেতিয়া আঁঠুৱাখন উঠাই দিব তেতিয়াহে ম’হটো ওলাব পাৰিব৷ মন গ’লে মুখ্যমন্ত্ৰীয়ে আঁঠুৱাখন দাঙি দিব মন গ’লে পেলাই থ’ব৷ ভূপেন বৰাই ক্ষোভেৰে কয়, আমাৰ ধনবল নাই বাহুবল নাই৷ চুপাৰি ছিণ্ডিগেট, তামোল ছিণ্ডিগেট, কয়লা ছিণ্ডিগেটৰ টকা আমি নাপাওঁ৷ বাহুবল নাই মানে আমাৰ হাতত ইলেকচন কমিচন নাই, ইডি নাই, চিবিআই নাই৷ কিন্তু ৰাইজ আমাৰ লগত আছে৷ ৰাইজেই আমাৰ শক্তি৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয়, মই মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাই কৈছো– প্ৰদ্যুৎ বৰদলৈ ২০২৪১ লোকসভা নিৰ্বাচনতটো জিকিবই, ২০২৯ আৰু ২০৩৪ৰ লোকসভা নিৰ্বাচনতো জিকিব৷ নগাঁৱৰ পৰা বিপুল ভোটত প্ৰদ্যুৎ বৰদলৈ বিজয়ী হ’ব৷ বিজেপিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ ভৱন দখল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্য সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয়– মুখ্যমন্ত্ৰীৰ কামেই হৈছে দখল কৰা৷ তেওঁ ক’ৰবাত বাগান, ক’ৰবাত চিনেমা হল, ক’ৰবাত হোটেল দখল কৰিছে৷ নদী গৱেষণা কেন্দ্ৰৰ মাটি দখল কৰি বাজপেয়ী ভৱন বনাইছে৷ এইবাৰ ৰাজীৱ ভৱন দখল কৰিব৷ আমাৰ গাত পানী নাই তেজেই আছে৷ আহিব যিদিনা মন যায়৷