Logo
image

বিহুৰ পাছতে মেট্ৰিকৰ ফলাফল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,২ এপ্ৰিল: ৰঙালী বিহুৰ পাছতে ঘোষণা হ’ব মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ সোমবাৰে মাজুলীত নিৰ্বাচনী সভাৰ মাজতে মন্ত্ৰী পেগুৱে সংবাদ মাধ্যমৰ আগত কয়–মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবৰ বাবে সাজু হৈছে শিক্ষা বিভাগ৷ ইতিমধ্যে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে৷ এপ্ৰিল মাহতে প্ৰকাশ কৰা হ’ব মেট্ৰিকৰ ফলাফল৷ বিহু আনন্দৰ মাজতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব৷ তেওঁ আৰু কয়–পূৰ্বতকৈ আগতে ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল৷ বিহুৰ আশে পাশে প্ৰকাশ কৰা হ’ব ফলাফল৷ সাধাৰণতে মে’ মাহত ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল৷ উল্লেখ্য, ১৬ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ মন্ত্ৰী পেগুৰ এনে ঘোষণাৰ পাছতে মেট্ৰিকৰ ফলাফল ঘোষণাক লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাবিকাৰ জল্পনা-কল্পনাৰ ওৰ পৰে৷