Logo
image

চাইকেল লৈ কংগ্ৰেছলৈ আহিল, বিলাসী গাড়ী লৈ বিজেপিলৈ গ’ল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ এপ্ৰিল: এসময়ত যিসকলে চাইকেল চলাই কংগ্ৰেছ দললৈ আহিছিল, সেই সকলে আজি বিলাসী গাড়ী চলাই বাজপেয়ী ভৱনলৈ গৈ আছে৷ দলত্যাগী সকলক প্ৰতি এই কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত শেহতীয়াভাৱে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সকলক কটাক্ষ কৰি শিকদাৰে কয়–ৰাজীৱ ভৱনৰ পৰা গৈ বাজপেয়ী ভৱনত কোনোবাই ডাঙৰ ডাঙৰ লেকচাৰ দিব তালৈ মনকাণ দিয়াৰ আমাৰ সময় নাই৷ যোৱা ১৫ বছৰত এই সকল লোকে কংগ্ৰেছৰ পৰা বহু  চাইকেল লৈ কংগ্ৰেছলৈ আদায় কৰি ল’লে৷ কিন্তু ১৬ নম্বৰ বছৰৰ পৰা আমি যেতিয়া ক্ষমতাত নাই তেতিয়াৰ পৰা তেওঁলোকে নিজৰ ৱাৰ্ডটোও জিকাব নোৱাৰা হ’ল৷ নিজৰ গাঁৱত কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযান চলাব নোৱাৰে৷ কংগ্ৰেছৰ ডাঙৰ নেতা বুলি ভবা সকলোৰে এলেকাত কংগ্ৰেছৰ অস্তিত্ব শূন্য৷ মানুহৰ কাষত নাযায়৷ কংগ্ৰেছৰ হাত আৰু পৰিচয় অবিহনে তেওঁলোক কোন? যিসকলে কংগ্ৰেছৰ দিনত মন্ত্ৰী হ’ল, বিধায়ক হ’ল, যিসকলে পৰিচয় পালে, যিসকলে চাইকেলৰ পৰা গৈ ভাল ভাল ব্ৰেণ্ডৰ গাড়ী চলালে গাঁৱৰ পৰা আহি গুৱাহাটীত হিচাপ কৰিব নোৱাৰা সম্পত্তিৰ মালিক হ’ল সেইসকল ক্ষমতাত নথকাৰ কাৰণে কংগ্ৰেছৰ পৰা গুচি গ’ল৷ তেওঁলোকৰ এটাই পৰিচয় তেওঁলোকক কংগ্ৰেছে স্বীকৃতি দিলে, কাৰোবাক টিকট দিলে, বাপেকক টিকট দিলে কাৰোৱাৰ বাপেকক মন্ত্ৰী বনালে৷ কিন্তু তেওঁলোকে কংগ্ৰেছক কি দিলে? তেওঁলোকে কেৱল ক্ষমতা বিচাৰে৷ গতিকে এতিয়া ক্ষমতাৰ পিনে দৌৰিছে৷

শিৱসাগৰত গৌৰৱ গগৈৰ ‘ৰাইজলৈ গোহাৰি’

‘আমাৰ অসম’ৰ দিচাংমুখৰ প্ৰতিবেদক : আজি শিৱসাগৰ ৰাজীৱ ভৱনত আহ্বান কৰা সংবাদ মেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা আগন্তুক যোৰহাট লোকসভা নিৰ্বাচনৰ বিৰোধী মিত্ৰজোঁটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৰাইজলৈ গোহাৰি নামৰ এক পত্ৰিকাৰ উন্মোচন কৰাৰ লগতে বিৰোধী মিত্ৰজোঁটৰ হৈ বিজেপি চৰকাৰৰ কাম-কাজক সমালোচনা কৰি মহা-অভিযোগনামা উন্মোচন কৰে৷ সংবাদ মেলত গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য - নিৰ্বাচন হৈছে গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ৷ নিৰ্বাচন কেৱল মনোৰঞ্জন নহয়৷ নিৰ্বাচন দুই ব্যক্তিৰ মাজত যুঁজ নহয়৷ ৰাইজৰ অভাৱ-সমস্যাৰ প্ৰকৃত প্ৰতিফলনৰ নামান্তৰ৷ বিজেপি দলৰ চৰকাৰক ৰাজতন্ত্ৰ আখ্যা দি গৌৰৱ গগৈয়ে কয় - ৰাইজে ৰাজতন্ত্ৰ বিচাৰে নে গণতন্ত্ৰ বিচাৰে সেয়া নিজে সিদ্ধান্ত ল’ব৷ অসমত গণতন্ত্ৰৰ নামত ৰাজতন্ত্ৰ চলিছে৷ ‘কা’ অসমৰ ৰাইজে নামানে৷ ‘কা’ বিৰোধ কৰিলে চৰকাৰে আইনী ধাৰা জাপি জে’লত ভৰাই দিয়ে৷ লোকতন্ত্ৰত জনপ্ৰতিনিধিসমূহ হৈছে ৰাইজৰ সেৱক৷ অসমৰ ৰাইজে ভাবিব লাগিব৷ ৰজা বিচাৰে নে সেৱক বিচাৰে৷ আন এক প্ৰসঙ্গত গগৈয়ে কয় - চাহ বাগানত বিজেপিৰ ছিণ্ডিকেট চলিছে আৰু এই ছিণ্ডিকেট দিল্লীৰ পৰা নিয়ন্ত্ৰণ হৈছে৷ বিজেপি মানুহে বাগান কিনিছে৷ কিনাই নহয়৷ বাগান বন্ধ কৰিছে৷  বাগান কেলেংকাৰি ইলেকট্ৰল বণ্ডতকৈ ডাঙৰ কেলেংকাৰি৷ এই কেলেংকাৰিৰ ফলত বাগানৰ শ্ৰমিকসকল ভূমিহীন হ’বলৈ গৈ আছে৷ বিজেপি দলৰ ৰাজতন্ত্ৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়- চু্্যকাফা যদিও ৰজা আছিল৷ তেওঁ লোকতন্ত্ৰ স্থাপন কৰিছিল৷ ৰাইজে চীন তথা ৰাচিয়াৰ দৰে এক দলৰ মডেল অনুকৰণ নকৰে৷ গতিকে ৰাইজে গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বাবে এইবাৰ নিৰ্বাচনত ভোটদান কৰিব৷ কংগ্ৰেছ দল এৰি বিজেপি দললৈ যোৱা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় -বিজেপিয়ে পুৰণা অগপ৷ পুৰণা বিজেপি কৰ্মীসকলক আঁতৰাই ৰাখিছে৷ পুৰণা বিজেপি কৰ্মীসকলক অৱহেলা কৰিছে৷ কংগ্ৰেছৰ নেতা দুটা ভাগত প্ৰব্ৰজন হৈছে বিজেপিলৈ৷ কিছুমান কংগ্ৰেছ নেতাই আমাক এৰি থৈ গ’ল৷ এচাম নেতাৰ লগত কাম কৰিব নোৱাৰোঁ বুলি৷ আনহাতে, পাছৰ চামত যিসকলৰ লগত কাম নকৰোঁ বুলি এচাম বিজেপিলৈ গৈছিল সেইসকলেই আকৌ বিজেপিলৈ গ’ল৷ এতিয়া আমি ভাল পাইছোঁ৷ আমাৰ ঘৰখন এতিয়া শান্তি হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ দাবীক সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় কয় - অসম উন্নয়ন ক্ষেত্ৰত কিমান স্থানত আছে নাজানোঁ, কিন্তু প্ৰদূষণৰ ক্ষেত্ৰত এক নং স্থানত আছে৷ অসমৰ প্ৰদূষণক লৈ কাম কৰাৰ প্ৰয়োজন আছে৷  নিৰ্বাচন আয়োগৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় - বিজেপি দলে চৰকাৰী তন্ত্ৰটো নিৰ্বাচনৰ নামত ব্যৱহাৰ কৰিছে৷ এই বিষয়ত নিৰ্বাচন আয়োগক বহু অভিযোগ দিয়া হৈছে৷ এইসমূহ অভিযোগৰ ওপৰত কি ব্যৱস্থা লৈছে সেই প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে৷  আনহাতে, তেওঁ ইলেক্ট’ৰেল ব’ণ্ডৰ কেলেংকাৰিৰ উপৰিও বিজেপি দলৰ বিভিন্ন অপশাসন সন্দৰ্ভত গৌৰৱ গগৈ সংবাদ মেলত সৰৱ হৈ পৰাৰ লগতে ৰাইজক সেৱক নিৰ্বাচন কৰাৰ বাবে ভোটপ্ৰদান কৰিবলৈ আহ্বান জনায়৷ সংবাদ মেলত গৌৰৱ গগৈক সংগ দিয়ে বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে শিৱসাগৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে৷

লাহৰীঘাটত ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

‘আমাৰ অসম’ৰ ভূৰাগাঁৱৰ প্ৰতিবেদক : নগাঁও লোকসভা সমষ্টিত জমি উঠিছে শাসক-বিৰোধীৰ ৰ্নিবাচনী প্ৰচাৰ৷ বিজেপিৰ টাৰ্গেটত থকা মুছলমান ভোটাৰ অধ্যুষিত লাহৰীঘাট বিধানসভা সমষ্টিত বিৰোধী কংগ্ৰেছেও আৰম্ভ কৰিছে ব্যাপক ৰ্নিবাচনী প্ৰচাৰ৷ লাহৰীঘাট বজাৰৰ পাছত আজি ভূৰাগাঁও বজাৰত অনুষ্ঠিত কৰে ৰ্নিবাচনী সভা৷ বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ ৰ্নিবাচনী প্ৰচাৰ চলাবলৈ আহে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ লাহৰীঘাটৰ বিধায়ক আচিফ নাজাৰে আয়োজন কৰা এক ইফটাৰ পাৰ্টীত অংশগ্ৰহণ কৰিবলৈ অহা বৰাই কংগ্ৰেছ প্ৰাৰ্থীজনৰ হৈ চলালে ৰ্নিবাচন প্ৰচাৰ৷ ভূৰাগাঁও নতুন বজাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা বিজেপি আৰু ইউ ডি এফৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে৷ কংগ্ৰেছ সভাপতি বৰাৰ মন্তব্যঃ অসমৰ ৰাইজৰ কৃপাত, অসমৰ ৰাইজৰ আৰ্শীবাদত আমি প্ৰথমে লোকসভা ৰ্নিবাচন জিকিম৷ উজনি অসমত বিজেপি ধূলিসাৎ হ’ব৷ নগাঁৱত বিজেপিয়ে প্ৰাৰ্থী বিচাৰি নাপালে৷ কংগ্ৰেছৰ পৰা ধাৰলৈ নি প্ৰাৰ্থী দিছে৷ এনেদৰে শাসকীয় বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ তুলনা নহয় কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সৈতে৷ বৰদলৈৰ ক’ত আৰু সুৰেশ বাৰৰ স্থান ক’ত৷ আনকি সুৰেশ বৰাক পূজাত বলী দিবলৈ অনা পঠা ছাগলীৰ সৈতে তুলনা কৰে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক৷ যেনেকৈ বলী দিবলৈ অনাৰ পূৰ্বে ছাগলীটোক টানি টানি নি বলীশালত ভৰাই দিয়ে,  তেনেদৰে সুৰেশ বৰাক বিজেপিয়ে ইউ ডি এফৰ লগত যুঁজাই বলী দিব বিচাৰিছে৷ কালি মৰিগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাই বিজেপিত যোগদিলে অসমৰ মুখ্যমন্ত্ৰী বনাই দিম বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয়ঃ কংগ্ৰেছ চৰকাৰ কৰিবলৈ মন আছে৷ আগতেও বহুবাৰ চৰকাৰ হৈছে৷ মোৰো মুখ্যমন্ত্ৰী হোৱাৰ মন আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত নহয়৷ অসমীয়া ৰাইজৰ কৃপাত বিচাৰিছোঁ৷ আনহাতে, ৰাজীৱ ভৱনক বিজেপি শাখা কাৰ্যালয় বনাব বুলি কৰা কটাক্ষৰ উত্তৰ দি সাংসদ তথা প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যঃ মুখ্যমন্ত্ৰীয়ে বেবেৰিবাং কথা কৈ থাকিব আৰু ইয়াৰ উত্তৰ আপোনালোকে [সাংবাদ মাধ্যমে] বিচাৰে নেকি? তাৰ সমূচিত উত্তৰ অসমৰ ৰাইজে দিব৷ এনেদৰে এতিয়া শাসক-বিৰোধীৰ মাজত চলা বাক্‌যুদ্ধই আকৰ্ষণীয় কৰি তুলিছে লোকসভাৰ ৰণ৷ আনহাতে, আজি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই লাহৰীঘাট সমষ্টিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায়৷ সুৰেশ বৰাই জলকীয়াবড়ী, ধূপগুৰি, বৰছলা, নগাবন্ধা, বোৱালগুৰি আৰু গৰৈমাৰীত নিৰ্বাচনী প্ৰচাৰ চলায়৷ সম্প্ৰতি বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লক্ষ্য লাহৰীঘাটৰ সংখ্যালঘু ভোটাৰ৷