Logo
image

ভয়াৱহ সময়তো ৰাইজে মোক এৰা নাছিল

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২ এপ্ৰিল: ডিব্ৰুগড়ত মাৰাথন নিৰ্বাচন প্ৰচাৰ অভিযানত ব্যস্ত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে যুদ্ধংদেহী ৰূপত নিৰ্বাচনী যুঁজত নামিছে সোণোৱাল৷ ইফালে আজি খোৱাং বিধানসভা সমষ্টিত একেদিনাই ৬খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বিশেষকৈ আজি ধেমেচী, চেপন, পথালিবাম, গজপুৰীয়া, নাহৰণি, হালধিবাৰী অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ সোণোৱালে নিজৰ ভাষণত কয় যে, স্বাধীনতাৰ দশক দশক সম্পূৰ্ণ হোৱাৰ পাছতো আমি আমাৰ দেশ তথা ৰাজ্যখনক আশানুৰূপধৰণে আগুৱাই নিব পৰা নাছিলোঁ৷ ইংৰাজৰ শাসনকালত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা অসমৰ আটাইতকৈ সমৃদ্ধ অঞ্চল হিচাপে পৰিচিত আছিল৷ সমগ্ৰ বিশ্বতে এই অঞ্চলত উৎপাদিত সামগ্ৰীৰ বিশেষ সুনাম আছিল৷ কিন্তু কংগ্ৰেছৰ কুশাসনৰ ফলত আমি দেশৰ অন্যতম পিছপৰা অঞ্চল হিচাপে ৰৈ যাব লগা হ’ল৷ তেওঁলোকৰ বৈষম্যমূলক আঁচনিৰ প্ৰভাৱ আমি ভুগিবলগীয়া হ’ল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পাছৰে পৰা এই অঞ্চলটোৰ চকুতলগা পৰিৱৰ্তন সম্ভৱ হ’ল৷ ইয়াৰ যিবোৰ বাট-পথ উন্নত কৰাৰ বাবে আবেদন কৰি এসময়ত আমি ভাগৰি গৈছিলোঁ, মোদী চৰকাৰৰ দিনতেই সেই সকলোবোৰ বাট-পথ সুগম কৰা হ’ল৷ উত্তৰ-পূৰ্বাঞ্চলক মোদীয়ে হৃদয়ত স্থান দিছে৷ তেঁৱেই একমাত্ৰ প্ৰধানমন্ত্ৰী, যিয়ে নিজৰ শাসনকালত ৬৬ বাৰতকৈ অধিক উত্তৰ-পূব ভাৰত অঞ্চলটো ভ্ৰমণ কৰিছে৷ ৯০জনতকৈ অধিক কেন্দ্ৰীয় মন্ত্ৰীক এই অঞ্চলটো ভ্ৰমণ কৰি ইয়াৰ উন্নয়ন ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে৷ আগতে প্ৰতিটো অনুষ্ঠান, প্ৰতিষ্ঠানৰ বাবে আমি আন্দোলন কৰিবলগীয়া হৈছিল৷ দলং, শোধনাগাৰ, প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ইত্যাদি নানা উদাহৰণ আমাৰ সন্মুখত পৰি আছে৷ কিন্তু এতিয়া কোনো আন্দোলন নকৰাকৈয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি সকলোখিনি আদায় কৰিব পাৰিছোঁ৷ কংগ্ৰেছৰ দিনৰ ৬খনৰ পৰিৱৰ্তে মোদী চৰকাৰৰ দিনত অসমত ২৪খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হ’ল৷ আজি এইম্‌ছ আৰু ১৮খনকৈ কেন্সাৰ চিকিৎসালয় অসমৰ মাটিত প্ৰতিষ্ঠা কৰা হ’ল৷ বগীবিলৰ অসম্পূৰ্ণ দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আমাৰ এটা অনুৰোধতে ৩৫০কোটি টকা মোকলাই দিছিল৷ বগীবিলকে ধৰি ধলা-শদিয়া দলং, শৰাইঘাটৰ দ্বিতীয় দলং অতি কমসময়ৰ ভিতৰতে নিৰ্মাণ কৰা হ’ল৷ বৰ্তমান আৰু প্তখন দলঙৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে৷ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ সম্পদৰ বিকাশৰ বাবে যোৱা বছৰসমূহত যিখিনি কৰিলে সেয়া কংগ্ৰেছে ৬০বছৰতো কৰিব নোৱাৰিলে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে ৰাইজক উদ্দেশ্যি আৰু কয়, অসমীয়া ৰাইজে স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ আদৰ্শেৰে আগবাঢ়িব লাগিব৷ আমাৰ আই-মাতৃসকলে এইক্ষেত্ৰত বিশেষ পদক্ষেপ ল’ব লাগিব৷ মহিলা সবলীকৰণৰ বাবে বিজেপি চৰকাৰ সদা দায়বদ্ধ৷ মই ২০০১চনৰ বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ সময়ত অসমত নিৰাপদ পৰিৱেশ নাছিল৷ বহুকেইজন অগপ আৰু বিজেপি দলৰ নেতাই উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল৷ সেই ভয়াৱহ সময়ছোৱাতো অসমৰ ৰাইজে মোৰ লগ এৰা নাছিল৷ বিশেষকৈ আই-মাতৃসকলে মোৰ প্ৰচাৰৰ বাবে আগভাগ লৈছিল৷ সেইবাবে মই সদায় কওঁ নাৰীশক্তিয়েই মহাশক্তি৷ এইখিনিতে উল্লেখ্য যে, মহিলাসকলৰ বাবে সদনত ৩৩শতাংশ সংৰক্ষণ ব্যৱস্থা আমাৰ শাসনকালতে সম্ভৱ হৈছে৷ তদুপৰি, আমাৰ দিনতে খিলঞ্জীয়া ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ল৷ জাতিটোৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰা ‘ভাষা গৌৰৱ আঁচনি’ৰ জৰিয়তে অসম সাহিত্য সভাকে ধৰি প্ৰতিখন সাহিত্য সভাক একঁকালীন সাহায্য প্ৰদান কৰা হ’ল৷ সত্ৰ-নামঘৰৰ মাটি বেদখলমুক্ত কৰা হ’ল৷ মোৰ মন অসমীয়া মন, যি চিৰদিনলৈ অসমীয়া হৈ থাকিব৷ কংগ্ৰেছ দলৰ প্ৰতি আক্ৰমণাত্মক হৈ কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, অসম আন্দোলনৰ সময়ত খিলঞ্জীয়াৰ তেজেৰে অসমত নাৰকীয় দৃশ্যৰ সৃষ্টি কৰা দল আছিল কংগ্ৰেছ৷ ইতিহাসত তেওঁলোকৰ ক’লা অধ্যায় লিপিবদ্ধ কৰা আছে৷ ইতিহাসে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে৷ ভ্ৰষ্টাচাৰ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, স্বজন-তোষণ, বিভাজনৰ ৰাজনীতিৰে ভাৰতীয় সমাজখন কংগ্ৰেছে থান-বান কৰি পেলালে৷ এই ভগ্ন সমাজখনক জোৰা লগালে একমাত্ৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে৷ ভাৰত আজি বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি৷ দেশৰ জনতাই আজি আমেৰিকা, চীন, জাপানৰ দৰে উন্নত ৰাষ্ট্ৰৰ নাগৰিকৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে৷ সেয়েহে এই ধাৰা অব্যাহত ৰাখিবলৈ আমি মোদীৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ক  ন উদ্যমেৰে আগুৱাই নিব লাগিব৷ এইবোৰ কাৰণতে এইবাৰৰ নিৰ্বাচনটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ অসমৰ ৰাইজে ‘বিকশিত অসম, বিকশিত ভাৰত’ৰ লক্ষ্যৰে দৃঢ়তাৰে আগুৱাই যাব লাগিব৷ আমি আটায়ে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰ শাৰীলৈ লৈ যোৱাৰ চেষ্টা কৰিব লাগিব৷ কাৰণ অসম শক্তিশালী হ’লেহে ভাৰত শক্তিশালী হ’ব৷ আজি সোণোৱালক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈয়ে৷