Logo
image

কদৰ্য হৈ পৰিছে ৰাজনীতি! বিধায়ক মৃণালৰ ‘এপ্ৰিল ফুল’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ এপ্ৰিলঃ বৰ্তমানৰ ৰাজনীতিক লৈ তীব্ৰ অসন্তুষ্ট খোদ শাসকীয় বিজেপি দলৰ বিধায়ক৷ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ফেচবুকৰ মাধ্যমেৰে বৰ্তমানৰ ৰাজনীতি প্ৰসংগত তীব্ৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰিছে৷ অৱশ্যে তেওঁ ‘এপ্ৰিল ফুল’ক উপলক্ষ্য লৈ প্ৰকাশ কৰিছে এনে অসন্তুষ্টি৷ তেওঁ সোমবাৰে টুইটত কয়–‘সকলো ক্ষেত্ৰতে পৰিষ্কাৰ পৰিৱেশ মোৰ অতিকে প্ৰিয়৷ ৰাজনৈতিক পথাৰখন দিনক দিনে উশাহ ল’ব নোৱাৰাকৈ প্ৰদূষিত হোৱা যেন মোৰ অনুভৱ হৈছে৷ আজিৰ দিনত ৰাজনীতিত বাওঁপন্থীও হয়তো নাই, সোঁপন্থীও হয়তো নাই৷ আছে মাথোঁ কিছুমান সুবিধাবাদী৷ সাধাৰণ নিৰ্বাচনৰ পাছতেই সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থকাৰ এটা প্ৰৱণতা মোৰ মনত জাগি উঠিছে৷’ এপ্ৰিল ফুলৰ উপলক্ষ্য লৈ বিজেপি বিধায়ক মৃণাল শইকীয়াই এনেদৰে মত ব্যক্ত কৰিছে যদিও তেওঁ নিজ দলৰ মন্ত্ৰী-বিধায়কৰ কাম-কাজতো যে সন্তুষ্ট নহয় সেই কথা স্পষ্ট হৈ পৰিছে৷ বিধায়ক শইকীয়াৰ অনুভৱ-কদৰ্য হৈ পৰিছে ৰাজনীতি৷ বিধায়ক মৃণাল শইকীয়াই পূৰ্বেও বিভিন্ন ধৰণে দল আৰু চৰকাৰৰ কাম-কাজক সমালোচনা কৰি আহিছে৷