Logo
image

হেকাৰৰ টাৰ্গেটত অসমৰ কণ্ঠশিল্পীঃ দীক্ষু, সুবাসনা, নীলোৎপলৰ ইউটিউব চেনেল হেক

'আমাৰ অসম'ৰ মহানগৰীৰ প্রতিবেদক, ২ এপ্ৰিলঃ দেশৰ লগতে ৰাজ্যতো প্ৰতিদিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। শেহতীয়াকৈ হেকাৰৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক। সাৰি যোৱা নাই অভিনেতা-অভিনেত্ৰীসকলো৷ এইবাৰ হেকাৰৰ জালত পৰিল জনপ্ৰিয় বহু অভিনেত্ৰী তথা কণ্ঠশিল্পী। এইবাৰ হেকাৰৰ টাৰ্গেট অসমীয়া শিল্পী-কলাকুশলী! বহুকেইগৰাকী কণ্ঠশিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্ট হেক কৰিছে দুৰ্বৃত্তই।

এইবাৰ হেকাৰ টাৰ্গেট ৰাজ্যৰ শিল্পী-কলা-কুশলী। বহুকেইগৰাকীৰ কণ্ঠশিল্পী আৰু ছবিজগতৰে জড়িত লোকৰ ফেচবুক আৰু ইউটিউব চেনেল হেকাৰৰ কবলত পৰিছে। কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ফেচবুক একাউণ্ট, নীলোৎপল বৰাৰ ইউটিউব চেনেল হেক কৰিছে দুষ্ট চক্ৰই। কণ্ঠশিল্পী সুবাসনা দত্তৰ ফেচবুক একাউণ্ট হেক কৰিছে দুষ্ট চক্ৰই। পৰিচালক সৌৰভ কাকতিৰ ROOTSTOCK ENTERTAIMENT নামৰ ইউটিউব চেনেল হেকাৰৰ কবলত পৰিছে।