Logo
image

আই পি এলত অসমৰ ক্ৰিকেটাৰ

ভাৰতীয় ক্ৰিকেটপ্ৰেমী বৰ্তমান ব্যস্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগক (আই পি এল) লৈ৷ ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছে আই পি এলৰ সপ্তদশ ছীজন৷ এইবাৰৰ আই পি এলত এতিয়ালৈকে হৈ যোৱা খেলকেইখনত এজন ক্ৰিকেটাৰৰ প্ৰদৰ্শনক লৈ যথেষ্ট চৰ্চা চলিছে৷ তেওঁ হৈছে অসমৰ ৰিয়ান পৰাগ৷ ২০২৩ বৰ্ষত অসমৰ এই ২২ বছৰীয়া ক্ৰিকেটাৰজন সফল হ’ব পৰা নাছিল৷ সাতখন খেলত তেওঁৰ সংগ্ৰহ আছিল কেৱল ৭৮ ৰান৷ এই প্ৰদৰ্শনৰ পাছত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ৰিয়ান পৰাগ৷ ব্যৰ্থতা সত্ত্বেও বাৰম্বাৰ দলত সুযোগ দিয়া বাবে ৰাজস্থান ৰয়েলছৰ টীম মেনেজমেণ্টকো সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছিল৷ এই সকলো সমালোচনা নীৰৱে সহ্য কৰি তেওঁ নিজৰ প্ৰদৰ্শনত মনোনিৱেশ কৰিছিল৷ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলত ২৯টা বলত খেলিছিল ৪৩ ৰানৰ ইনিংছ, যিটোৱে লৈছিল ৰাজস্থানৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা৷ তাৰ পাছত দিল্লী কেপিটেলছ (৮৪) আৰু মুম্বাই ইণ্ডিয়ানছৰ (৫৪) বিৰুদ্ধে ৰিয়ানে খেলিলে অৰ্ধশতকীয় ইনিংছ৷ এতিয়ালৈকে তিনিটা ইনিংছত তেওঁৰ সংগ্ৰহ ১৮১ ৰান৷ তাৎপৰ্যপূৰ্ণ যে দুখন খেলতে তেওঁ আছিল অপৰাজিত৷ এই প্ৰদৰ্শনৰ পাছত কেইবাজনো দেশী-বিদেশী প্ৰাক্তন ক্ৰিকেটাৰে ৰিয়ান পৰাগক উচ্ছ প্ৰশংসা কৰাৰ লগতে তেওঁ টীম ইণ্ডিয়াত স্থান পোৱাৰ যোগ্য বুলি মত প্ৰকাশ কৰিছে৷ ২০২৩ বৰ্ষৰ ঘৰুৱা টুৱেণ্টী২০ ছৈয়দ মুস্তাক আলী ট্ৰফীত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰিয়ানে ভাৰতীয় টুৱেণ্টী২০ দলত স্থান পোৱাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছিল৷ দহখন খেলত তেওঁ সংগ্ৰহ কৰিছিল ৫১০ ৰান৷
এইবাৰৰ আই পি এলত যদি ৰিয়ানে তেওঁৰ এই উজ্জীৱিত প্ৰদৰ্শন অব্যাহত ৰাখিব পাৰে, তেন্তে তেওঁ ছিনিয়ৰ ৰাষ্ট্ৰীয় দললৈ আমন্ত্ৰণ পাবলৈ নিশ্চয় অধিক সময় অপেক্ষা কৰিবলগীয়া নহ’ব৷ আই পি এলৰ প্ৰদৰ্শনেৰে ইতিমধ্যে কেইবাজনো যুৱ ক্ৰিকেটাৰে ৰাষ্ট্ৰীয় দলত স্থান পাইছে৷ আই পি এলত খেলাৰ সুযোগ পোৱা ৰিয়ান পৰাগ অৱশ্যে অসমৰ প্ৰথমজন ক্ৰিকেটাৰ নহয়৷ ইয়াৰ পূৰ্বে পেচ বলাৰ আবু নেছিম আহমেদেও মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰত খেলাৰ সুযোগ পাইছিল৷ অৱশ্যে, আবু নেছিমৰ আই পি এলৰ কেৰিয়াৰ আশা কৰা ধৰণে সফল নহ’ল৷ জুনিয়ৰ পৰ্যায়ত সফল হ’লেও অসমৰ ক্ৰিকেটাৰে ছিনিয়ৰ পৰ্যায়ত সেই ধাৰা অব্যাহত ৰাখিব নোৱাৰে বুলি প্ৰায়েই অভিযোগ শুনা যায়৷ এতিয়া অসমৰ ক্ৰিকেটপ্ৰেমীয়ে ৰিয়ান পৰাগক বিচাৰে ছিনিয়ৰ ৰাষ্ট্ৰীয় দলত৷ আই পি এলত বিভিন্ন দায়িত্বত থকা ৱেষ্ট ইণ্ডিজৰ ইয়ান বিশ্বপ, অষ্ট্ৰেলিয়াৰ টম মুডী, ভাৰতৰ সঞ্জয় মঞ্জৰেকাৰ, ইৰফান পাঠানৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে ৰিয়ানৰ খেলক প্ৰশংসা কৰাৰ লগতে তেওঁক টীম ইণ্ডিয়াৰ ভৱিষ্যতৰ তাৰকা আখ্যা দিছে৷ ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাও ক্ৰিকেটাৰজনক লৈ যথেষ্ট আশাবাদী৷ ২০২৩  বৰ্ষৰ আই পি এলত চমক দেখুওৱা যুৱ ক্ৰিকেটাৰকেইজনমানৰ ভিতৰত অন্যতম আছিল যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ধ্ৰুৱ জুৰেল৷ তিনিওজনে ভাৰতীয় দলত খেলাৰ সুযোগ পাইছে৷ আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছৰ ৰিংকু সিঙৰ প্ৰদৰ্শন যোৱা বছৰ আছিল বিশেষভাৱে উল্লেখযোগ্য৷ ছীজনটোৰ ১৪খন খেলত তেওঁৰ সংগ্ৰহ আছিল ৪৭৪ ৰান, য’ত আছিল চাৰিটা অৰ্ধশতক৷ সেই প্ৰদৰ্শনেই তেওঁৰ ৰাষ্ট্ৰীয় দলত স্থান পোৱাৰ বাট মুকলি কৰিছিল৷ এইবাৰৰ আই পি এলত যিসকল যুৱ ক্ৰিকেটাৰে ক্ৰিকেটপ্ৰেমীক বেছিকৈ আকৰ্ষণ কৰিব বুলি ভবা হৈছে তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ৰিয়ান পৰাগ৷ ৰাজস্থান ৰয়েলছে আই পি এলৰ দুখন খেল খেলিব গুৱাহাটীত৷ ঘৰুৱা পৰিৱেশত প্ৰিয় ক্ৰিকেটাৰজনৰ পৰা বুদ্ধিদীপ্ত ইনিংছ চোৱাৰ অপেক্ষাত থাকিব অনুৰাগীসকল৷