Logo
image

সুস্থ-নিৰোগী হৈ থাকিবলৈ এইবিধ খাদ্য খাওক

আমাৰ অসম বিশেষঃ ছিৰলী ছিৰলী পাতৰ চজিনাৰ পাত, ফুল, আৰু দীঘৰ গোটা ছেঁই স্বাস্থ্যৰ বাবে উপকাৰী৷ বিশেষকৈ চজিনাৰ গোটা ছেঁইৰ পৰা তৈয়াৰ কৰা চবজি বহুতৰ পছন্দৰ খাদ্য৷ চজিনাৰ পাত, ফুল আনকি গছৰ ছালৰ পৰাও খাদ্য তৈয়াৰ কৰা হয়৷ বিশেষকৈ বসন্তকালীন ৰোগৰ বাবে চজিনা মহৌষধ৷ চজিনাৰ ছেঁই বা চিৰাত যথেষ্ট পৰিমাণে ভিটামিন আৰু মিনাৰেল থাকে৷ চজিনাৰ পৰা কি কি উপকাৰ হয় জানো আহক৷ 

◾চজিনাই ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে৷ উদ্ভিদজোপাৰ পাত আৰু চিৰাই ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধিত সহায় কৰাৰ লগতে জ্বৰ উঠাৰ সময়ত শৰীৰৰ তাপৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷

◾চজিনাই হাত মজবুত কৰে৷ ইয়াৰ চিৰা আৰু পাতত আইৰণ, কেলচিয়াম আৰু প্ৰ’টিন ভৰপুৰ হৈ থাকে৷ যি হাড় মজবুত ৰখাত সহায় কৰে৷ 

◾চজিনাই উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ চজিনাৰ চিৰাত যথেষ্ট পৰিমাণে ভিটামিন থকাৰ বাবে ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ বাবে ই বৰ উপকাৰী৷

◾চজিনাৰ পাত, ফুল আৰু চিৰাই বসন্ত ওলোৱাৰ আশংকা দূৰ কৰে৷ তদুপৰি ইয়াৰ পাতে মুখৰ ৰুচি বৃদ্ধি কৰে৷ 

◾চজিনাই হজমৰ সমস্যা দূৰ কৰে৷ ইয়াৰ পাত, ফুল আৰু চিৰাত থকা এণ্টি অক্সিডেণ্ট ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধ কৰে৷ 

◾চজিনাই হাওঁফাওঁ ভালে ৰাখে৷ হাঁওফাওঁৰ সমস্যা যাৰ আছে তেওঁ চজিনাৰ পাত-ফুল-চিৰা খালে পৰম উপকাৰ পাব৷

◾দৃষ্টিশক্তি অটুট ৰাখে চজিনাই৷ চকুৰ অসুখৰ পৰা পৰিত্ৰাণ পাব পাৰি চজিনাৰ দ্বাৰা৷

◾পুৰুষত্বহীনতা দূৰ কৰে চজিনাই৷ ইয়াত থকা এণ্টি অক্সিডেণ্টে পুৰুষত্বহীনতা দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷

◾শ্বাসকষ্ট কমায়৷ চজিনাই এলাৰ্জি দূৰ কৰে৷ 

◾ৰক্ত পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে চজিনাই৷ নিয়মিত চজিনা তৰকাৰী খালে ৰক্ত সঞ্চালনৰ শ্ৰীবৃদ্ধি হয়৷ নিৰোগী হোৱাত ই মহৌষধৰ ভূমিকা পালন কৰে৷