Logo
image

ভূপেনৰ লাখটকীয়া প্ৰশ্ন

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক, ৩ এপ্ৰিলঃ সাংবাদিকলৈ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ বাম্পাৰ অফাৰ৷ সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ৫টা  প্ৰশ্ন সুধিব পাৰিলেই ৰ লাখ টকা পুৰস্কাৰ প্ৰদান কৰাৰ ঘোষণা কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ৷  মুখ্যমন্ত্ৰীক ৫টা  প্ৰশ্ন সুবিধ পাৰিলেই বৰপেটাৰ বিধায়ক আব্দুল ৰহিমৰ জৰিয়তে ১ লাখ টকাৰ চেক সাংবাদিকক প্ৰদান কৰিব ভূপেন বৰাই৷  ভূপেন বৰাৰ প্ৰশ্ন কেইটা হ’ল– ছয় জনগোষ্ঠীক ১০০ দিনত জনজাতীকৰণ কৰিম বুলি আজি লৈ মুখ্যমন্ত্ৰীয়ে কিহৰ বাবে কৰিব নোৱাৰিলে? অসম চুক্তিৰ ৫ আৰু ৬ নং দফা কিয় আজি লৈ মুখ্যমন্ত্ৰীয়ে কাৰ্য্যকৰীকৰণ কৰিব নোৱাৰিলে? নিবনুৱা সমস্যা সমাধান কৰিম বুলি কৈ বছৰি ৫ লাখ চাকৰি দিব বুলি ঘোষণা কৰিও আজি লৈ কিয় দিৱ নোৱাৰিলে? ভাৰতবৰ্ষৰ ভিতৰতে অসম নিয়োগ সৃষ্টিকাৰী ৰ নং ৰাজ্য হব বুলি ফিতাহি মৰাৰ পিছত আজি লৈ কিয় অসম প্ৰথম নহ'ল? কিহৰ বাবে অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিৱ নোৱাৰিলে? আৰু যদিহে সঁচাকৈ বৰপেটাৰ কোনো সাংবাদিকে মুখ্য মন্ত্ৰীক এই পাঁচটা প্ৰশ্ন কৰিৱ পাৰে তেনেহলে বৰপেটাৰ কংগ্ৰেছ বিধায়ক আব্দুল ৰহিম আহমেদৰ জৰিয়তে ১ লাখ টকাৰ চেক প্ৰদান কৰিব বুলি ঘোষণা কৰে৷  

আনহাতে কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে ২ কোটি টকা উৎকোচ লোৱা অভিযোগ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰত্যুত্তৰ৷  চান্দা দিলে আমি ল'মেই, কাৰণ আমাৰ অবস্থা বেয়া৷ বিজেপি চৰকাৰে আমাৰ দলৰ কেবাটাও একাউণ্ট বন্ধ কৰি থৈছে৷ এ পি চি চি ৰ সভাপতি হিচাপে যদি মোকো কোনোবাই চান্দা দিয়ে ময়ো ল'ম, সেয়া দেখা দেখকৈ হওক অথবা নেদেখা কৈ হওক৷  অসমৰ ৰাইজকো আহ্বান জনাইছো যদিহে কোনোবাই আমাক চান্দা দিব বিচাৰে তেনেহ'লে দিব পাৰে৷

এইবাৰ সাংবাদিকক ভূপেন বৰাৰ প্ৰশ্ন যে বিজেপি চৰকাৰে যে কয়লা আৰু চুপাৰি ছিণ্ডিকেটৰ পৰা টকা সংগ্ৰহ কৰিছে সেয়া আপোনালোকে দেখা পাইছে নে৷ মই  কেতিয়াও বিজেপি লৈ নাযাও কিন্তু ড॰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ভূপেন বৰা বিজেপি লৈ যাব বুলি কয় তেতিয়া আপোনালোকৰ খুব ফূৰ্তি লাগি যায়৷ অসমৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা অটুত ৰাখিব লাগে৷ ২০১৬ ত বিজেপিৰ যি বেয়া অৱস্থা আছিল তাত কৈ আজি কংগ্ৰেছৰ বেয়া অৱস্থা নহয়৷  বিজেপিৰ ভিতৰচ'ৰাত এতিয়া বিদ্ৰোহ চলিছে৷ বিজেপিৰ পুৰণি মানুহখিনিয়ে গুজৰি গুমৰি আছে৷ আপোনালোকে ভাবক চোন যে নলবাৰীৰ বিজেপি নেতা অশোক শৰ্মাহঁতৰ চকুপানীৰ মূল্যায়ন বাৰু নকৰিব নে৷ মুখ্যমন্ত্ৰীয়ে দুই কুল ৰক্ষা কৰি কথা ক'ব দিয়া বাবে মোৰ ঘৰ উচ্ছেদৰ বাবে দুবাৰ জাননি আহিছে৷ মোৰ ভাই বোৱাৰী আৰু ভাইৰ দুৱাৰ বদলিৰ নিদেৰ্শ উলিয়াই দিছে৷ যোৰহাট থানাত দুবাৰ হাজিৰ হ'লো, চি আই ডি য়ে চাৰিবাৰ জাননী দিলে৷ গতিকে আপোনালোকে ভাবক চোন মই কেই কুল ৰক্ষা কৰিছোঁ৷ মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেটৰ পইচা খোৱাটো হয় নে নহয় ৷ ভাৰতৰ আটাইতকৈ ধাৰ লোৱা ৰাজ্য হৈছে ভাৰত৷  একেলগে এতিয়া অসমৰ একাংশ সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে হোমৱৰ্ক দিয়া আৰম্ভ কৰিছে৷ আপোনালোকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কংগ্ৰেছ আৰু বিজেপিৰ স্থিতি কি বুলি কেতিয়াবা আমাক সুধি পাইছে নে৷ অসমৰ মানুহে এতিয়া কান্দি আছে৷ অসমৰ মানুহৰ চকুপানীৰ মূল্যায়ন কৰিবলৈ চেষ্টা কৰক৷ বৰপেটাৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰী এতিয়া অতুল বৰা কেশৱ মহন্তৰ বাবে চকুৰ কুটা দাঁতৰ শূল৷  তেওঁক আজি ৰাজনৈতিক ভাৱে আজি বৰপেটা বলীশালত জাপি দিয়া হৈছে৷ নহলেনো এমপি টিকেট পালে মানুহে ফূৰ্তি কৰে আৰু ফটকা ফুটাই, কিন্তু ফণীভূষণ চৌধুৰীয়ে কান্দিছেহে ৷ তেওঁ বুজি পাইছে যে তেওঁক  বলি দিব ওলাইছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱনত হেনো এতিয়া মাথোঁ এটাই সমস্যা আৰু এটাই ইচ্ছু৷ সেয়া হৈছে একমাত্ৰ ভূপেন বৰা৷ ৰাইজৰ সমস্যা পিছত, সকলো পিঠি দি মুখ্যমন্ত্ৰীয়ে হেনো সকলো পাহৰি এতিয়া ভূপেন বৰাকহে দেখি থাকে৷ মুখ্যমন্ত্ৰী য়ে তিনিচুকীয়া কয়লা চিণ্ডিকেটৰ পৰা পইচা খোৱাৰ প্ৰমাণ মোৰ হাতত আছে৷  মুখ্যমন্ত্ৰীৰ কথা অনুসাৰে বিজেপিলৈ গৈ মুখ্যমন্ত্ৰী হোৱাৰ হাবিয়াস নাই, মোৰ সময়ো নাই৷ গৌৰৱ গগৈক এইবাৰ কোনেও ৰোধ কৰিৱ নোৱাৰে৷  বিজেপিয়ে কৈছিল যে ঘৰ ঘৰ নল, ঘৰ ঘৰ জল৷ কিন্তু জল এতিয়া নাই, এতিয়া মাথোঁ আছে নল৷ ইয়াৰ পিছতে তেওঁ পাঠশালাৰ চিনাকি ভৱনত হোৱা কংগ্ৰেছৰ দলীয় নিৰ্বাচনী সভাত ভাগ লৈ সকলো কংগ্ৰেছ কৰ্মীক বৰপেটাত দ্বীপ বায়নক সমৰ্থন দিবলৈ আহ্বান জনায়৷ উক্ত সভাত কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়ন, আব্দুল খালেক, জাকিৰ হুছেইন শিকদাৰ আৰু প্ৰদ্যুৎ ভূঞা আদি  উপস্থিত থাকে৷