Logo
image

ৰকিবুল-জাকিৰ-ৰেকিবুদ্দিন-নুৰুল মুখ্যমন্ত্ৰীৰ এজেণ্টঃ কংগ্ৰেছে দুখন আসন পালে ৰাজনীতি ত্যাগৰ ঘোষণা দুলু আহমেদৰ

'আমাৰ অসম'ৰ বৰপেটাৰোডৰ প্ৰতিবেদক, ৩এপ্ৰিলঃ ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ, নুৰুল হুদা, ৰেকিবুদ্দিন আহমেদ আদি নেতাসকলক মুখ্যমন্ত্ৰীৰ এজেণ্ট৷ মুখ্যমন্ত্ৰীৰ আগে পিচে ঘুৰি ফুৰে এই নেতাসকল৷ সৰভোগৰ নিৰ্বাচনী সভাত এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ। লগতে তেওঁ কংগ্ৰেছ দলক প্ৰতাৰকৰ দল আখ্যা দিয়ে৷ 

তেওঁ লগতে কয় যে ৰাজ্যৰ ১৪টা ৰাজনৈতিক দলক প্ৰতাৰণা কৰিলে কংগ্ৰেছে৷ এয়া কংগ্ৰেছৰ পূৰ্বৰে চৰিত্ৰ৷ কংগ্ৰেছ দলৰ কোনো নীতি আদৰ্শ নাই৷ দলটোৰ নেতাসকল ধনী হ'ল, কিন্তু দলটো ভিক্ষাৰী কৰি ৰাখিলে৷ তেওঁ আৰু কয় যে নামনি অসমত অসম জাতীয় পৰিষদ বুলি কোনো দলেই নাই৷ উজনিত আছে৷ নামনিত জাতীয় পৰিষদৰ কোনো প্ৰভাৱ নাই বুলিও কটাক্ষ কৰে অজাপ ত্যাগী নেতাজনে৷

ইপিনে বৰপেটাত বিৰোধী ঐক্যক লৈয়ো প্ৰশ্ন দুলু আহমেদৰ৷ ডিব্ৰুগড়ত লুৰীণক সমৰ্থন জনোৱা চিপিআই(এম)ৰ ক্ষেত্ৰত বৰপেটাত লুৰীণে কংগ্ৰেছ নে চিপিআই(এম)ক সমৰ্থন কৰিব বুলি একপ্ৰকাৰে প্ৰশ্ন কৰে দুলু আহমেদে৷ তেওঁ আৰু কয় যে অসম জাতীয় পৰিষদৰ কথা ভাবি লাভ নাই৷ যিটো দলৰ প্ৰভাৱেই নাই, সেইটো দলৰ কথা ভাবি লাভ নাই৷ লগতে তেওঁ ৰাজ্যত কংগ্ৰেছে টানি-টুনি এখন আসনহে পাব বুলি দাবী কৰে৷ কংগ্ৰেছে দুখন আসন পালে ৰাজনীতিয়েই বাদ দিব বুলি ঘোষণা কৰে দুলু আহমেদে৷ বৰপেটাত কংগ্ৰেছ আৰু চিপিআই(এম) তৃতীয় আৰু চতুৰ্থ স্থানত থকাৰ বিপৰীতে ফনীভূষণ চৌধুৰীহে একামাত্ৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি কয় দুলু আহমেদে৷