Logo
image

'কা'ৰ প্ৰসংগৰে নিৰ্বাচনী প্ৰচাৰ সোণোৱালৰঃ ৰাজপথত আন্দোলনৰ সলনি ন্যায়ালয়ত প্ৰত্যাহ্বান জনাবলৈ আহ্বান

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৩ এপ্ৰিলঃ সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। পুৱাৰ পৰা নিশাৰ ভাগলৈকে মাৰাথান নিৰ্বাচনী প্ৰচাৰত নামিছে সোণোৱালে। ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ যুযুধান ৰূপত অৱতীৰ্ণ হৈছে বিজেপিৰ হেভিৱেট প্ৰাৰ্থী সোণোৱাল। ইয়াৰ মাজতে বুধবাৰে নাহৰকটীয়া সমষ্টিত কেইবাখনো নিৰ্বাচনী সভাত অংশ ল বিজেপি প্ৰাৰ্থীজনে। সোণোৱালে নাহৰকটীয়াৰ আমগুৰি ৰাজহুৱা প্রেক্ষাগৃহ, নাহৰণিৰ বেতনি প্রেক্ষাগৃহ, জয়পুৰ মণ্ডলৰ কেন্দুগুৰি আদি ঠাইত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। 

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল সোণোৱাল। ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছক সমালোচনা কৰি কয় যে ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ত কংগ্ৰেছে অসমীয়া জাতিটোক চীনা সৈন্যৰ হাতত মৰিবলৈ এৰি দিছিল। আমাক শত্ৰুৰ হাতত গতাই দিছিল। এই কংগ্ৰেছ কোনো দিনেই অসম আৰু অসমীয়াৰ শুভাকাংক্ষী হ'ব নোৱাৰে। অপৰূপ জৈৱ-বৈচিত্ৰ্যতা, বিভিন্ন ভাষা, ধৰ্ম, সংস্কৃতি, ভূ-প্ৰকৃতি, সম্পদ-সম্ভাৱনাৰে চহকী আমাৰ দেশখন কোনো কাৰণতেই পিছপৰি থাকিব নালাগিছিল। ইয়াৰ কাৰণ ভাৰতত আটাইতকৈ বেছি সময়ৰ বাবে ৰাজত্ব কৰা কংগ্ৰেছেই নহয়নে? প্ৰতিভাশালী হোৱা স্বত্বেও ভাৰতীয় লোকসকলে কংগ্ৰেছৰ অপশাসনৰ বাবেই নিজৰ যোগ‍্যতা প্ৰকাশ কৰিব পৰা নাছিল। কাৰণ তাৰ বাবে প্ৰয়োজনীয় যোগাত্মক পৰিৱেশ ভাৰতত গঢ় লৈ উঠাই নাছিল। তেওঁলোকে গৰীবী হাটাও বুলি চিঞৰিলে ঠিকেই, কিন্তু ভাৰতবৰ্ষৰ জনমূৰি আয় তথা মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব নোৱাৰিলে। মাত্ৰ ১০ বছৰ কালত ভাৰতৰ অৰ্থনীতি পঞ্চম স্থানলৈ লৈ আনিলে একমাত্ৰ বিজেপি চৰকাৰে। এই গতিৰে গৈ থাকিলে খুব কম সময়ৰ ভিতৰতে আমি তৃতীয় স্থানলৈ উন্নীত হ'ম বুলি বিশ্বৰ বিভিন্ন বিত্তীয় সংস্থাসমূহে জানিবলৈ দিছে। 

নিজৰ মিতভাষী স্বভাৱৰ বাবে বিৰোধীৰ তীৰ্যক মন্তব্য শুনিবলগীয়া হোৱা প্ৰসংগত সোণোৱালে কয় যে মোক বিভিন্ন ধৰণৰ উপনাম, তাচ্ছিল‍্যসূচক মন্তব্য বিৰোধীসকলে দিয়া দেখিবলৈ পাইছোঁ। কিন্তু তেওঁলোকৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে মই পিতৃ-মাতৃ, গুৰু তথা অগ্ৰজসকলৰ কথা শুনা মানুহ। তেওঁলোকে আমাক কাহানিও লম্ফ-জম্ফ কৰি মিছা কথা কৈ সমাজখনক অনাহকত উত্তেজিত কৰিবলৈ শিকোৱা নাই। এয়া মহাপাপ বুলি বাৰম্বাৰ তেওঁলোকে আমাক সোঁৱৰাই থাকে। এনেকুৱা লোকক সময়ে কেতিয়াও ক্ষমা নকৰে। সেয়েহে মই সদায় নম্ৰ আৰু বিনয়ী হৈ কথা ক'বলৈ চেষ্টা কৰোঁ। 

'কা' আন্দোলন সন্দৰ্ভত বিৰোধীৰ স্থিতিক সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে অসমীয়া জাতিয়ে কাৰো ওচৰত অনাহকত মূৰ নোদোৱায়। আমি বীৰ লাচিত বৰফুকন, বীৰ চিলাৰায়ৰ দেশৰ মানুহ। স্বদেশ আৰু স্বজাতিৰ মংগলৰ কাৰণে আমাৰ মানুহে যথেষ্ট ত‍্যাগ কৰি আহিছে। আমাৰ স্বৰ্ণময় ইতিহাস আছে। কোনোবাই আমাক কোটি কোটি বাংলাদেশী অসমলৈ আহিব বুলি উৰা বাতৰি দিলেই উত্তেজিত হ'ব নালাগে। অসমভূমিত সেয়া কাহানিও সম্ভৱ নহয়। আমাৰ মাটিত আমাৰ মালিকীস্বত্ব থাকিবই লাগিব। মই কোনো আৱেগিক বা মিছা কথা কৈ আপোনালোকৰ ওচৰত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ অহা নাই। ম‌ই জানো, আমাৰ ডেকা-গাভৰুসকলক কথাৰ ফুলজাৰিৰে পতিয়ন নিয়াব নোৱাৰি। তেওঁলোক আজিকালি যথেষ্ট সজাগ আৰু সচেতন। ম‌ই সদায় তেওঁলোকৰ মংগল কামনা কৰোঁ। একমাত্ৰ বিজেপি চৰকাৰৰ বাবেই উগ্ৰপন্থী, হত্যা, হিংসা, বন্ধ, অপহৰণেৰে জৰ্জৰিত অসমত শান্তিৰ পৰিৱেশ ঘূৰাই আহিবলৈ সক্ষম হৈছে। এয়া মোদী চৰকাৰৰ বলিষ্ঠ পদক্ষেপ লোৱাৰ ক্ষমতাৰ বাবেই সম্ভৱ হৈছে। ১৯৮৩ চনত কেৱল অসমৰ বাবে ভয়াৱহ আইএমডিটি আইন জাপি দিয়া হৈছিল। তাৰ বাবে ম‌ই ৰাজপথত গৈ প্ৰতিবাদ কৰা নাছিলোঁ। ন‍্যায়ালয়ত গৈ এই ক'লা আইনখনক প্ৰত‍্যাহ্বান জনাইছিলোঁ। প্ৰায় ছবছৰ কাল অসমৰ ৰাইজৰ সহযোগত এই বৈষম‍্যমূলক আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলাই ইয়াক বাতিল কৰাবলৈ সক্ষম হৈছিলোঁ। 'কা'ক একেধৰণে কোনোবাই ন‍্যায়ালয়ত গৈ প্ৰত‍্যাহ্বান জনাব পাৰে। ন‍্যায়ালয়ে অবৈধ ঘোষণা কৰিলে তাক আমি অন্তঃকৰণে মানি ল'ম। কিন্তু তাকে নকৰি ৰাজপথত আন্দোলন কৰি নৱপ্ৰজন্মক বিপথে পৰিচালিত হ'বলৈ দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। তেওঁলোকৰ সম্ভাৱনাময় সৃষ্টিশীল মনটোক মৰি যাবলৈ নিদিওঁ। মনৰ সৃষ্টিশীলতা আৰু গতিশীলতাক বিনষ্ট কৰা লোকসকলেই সমাজৰ মূল শত্ৰু। 

লগতে সোণোৱালে বাষণ প্ৰসংগত অসম আন্দোলনৰ সময়ত নাহৰকটীয়া সমষ্টিবাসী ৰাইজৰ অৰিহণাৰ কথাও ৰাইজক ব‍্যক্ত কৰে। তেওঁ এই আন্দোলনৰ শ্বহীদদ্বয় ক্ৰমে অজিত নেওগ আৰু নগেন ডেকা তথা মুক্তিযোদ্ধা জোনাৰাম নেওগ আৰু দীননাথ শৰ্মাক স্মৰণ কৰে। শিক্ষিত আৰু সংস্কৃতিবান মনৰ অধিকাৰী বুলি অভিহিত কৰি নাহৰকটীয়া সমষ্টিবাসী ৰাইজক আগন্তুক লোকসভা নিৰ্বাচনত নিজৰ গণতান্ত্ৰিক দায়িত্ব পালন কৰিবলৈ সোণোৱালে অনুৰোধ জনায়। আজিৰ সভাত সোণোৱালক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ আদিয়ে।