Logo
image

ক্ষুদ্ৰ চাহ খেতিয়কক সাময়িক সকাহ

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ৪ এপ্ৰিল : পহিলা এপ্ৰিলৰ পৰা আছাম বটলিফ টি মেনুফেক্সাৰিং এছ’চিয়েশ্বনে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত লোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত উদ্ভৱ হোৱা জটিল পৰিস্থিতিৰ সাময়িকভাৱে অৱসান ঘটিছে৷ সেইমৰ্মে আজিৰে পৰা পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত তথা যোগান ধৰা কেঁচা চাহপাত অসমৰ সকলো চাহ ফেক্টৰীয়ে ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উজনি অসমৰ আটাইকেইখন জিলাতে বটলিফ টি মেনুফেক্সাৰিং এছচিয়েশ্বন আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মাজত মঙলবাৰে অনুষ্ঠিত সৌহাদ্যমূলক আলোচনাৰ অন্তত আজিৰে পৰা বটলিফ ফেক্টৰীসমূহে কেঁচা চাহপাত ক্ৰয় কৰিছে৷ উল্লেখ্য, কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ শেহতীয়া এক নিৰ্দেশনাত প্ৰধানতঃ বটলিফ ফেক্টৰী, বাগিছা ফেক্টৰীত উৎপাদিত ডাষ্ট-টিৰ এশ শতাংশই চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে নীলাম কৰিবলৈ কোৱা হৈছিল আৰু উৎপাদিত মেড-টিত নিষিদ্ধ ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট পালে সংশ্লিষ্ট ফেক্টৰী কতৃৰ্পক্ষক গ্ৰেপ্তাৰ, জৰিমনা বিহাৰ লগতে ফেক্টৰীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ কথা উল্লেখ কৰিছিল৷ ইফালে, কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ এনে নিৰ্দেশনাৰ পাছতে দেশৰ বটলিফ টি ফেক্টৰী মালিক তথা এছচিয়েশ্বনৰ মাজত হাহাকাৰ লাগে৷ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই বটলিফ টি মেনুফেক্সাৰিং এছ’চিয়েশ্বনৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায়৷ কিন্তু বটলিফ ফেক্টৰী এছ’চিয়েশ্বনে সেয়া মানি ল’বলৈ অমান্তি হোৱাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জিলাই জিলাই প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে৷ আনকি আগন্তক লোকসভা নিৰ্বাচনত ইয়াৰ যথোচিত উত্তৰ ভোটদানৰ জৰিয়তে দিয়া হ’ব বুলি ক্ষুদ্ৰ চাহ খেতিয়কে হুংকাৰ দিয়ে৷ এনে অৱস্থাত বিষয়টোত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰে আৰু ৰাজ্যৰ মুখ্য সচিব ড॰ ৰবি কোটাই কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ বাণিজ্য সচিব সুনীল বাৰ্টৱালৈ এক পত্ৰ প্ৰেৰণ কৰি বিষয়টোত সন্তোষজনক পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷ কিন্তু বিষয়টোৰ সংক্ৰান্তত এতিয়ালৈকে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে কোনো উত্তৰ দিয়া নাই৷ ইফালে, ১ আৰু ২ এপ্ৰিলত কেঁচা চাহপাত চিঙা কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত স্বাভাৱিকতেই বটলিফ টি ফেক্টৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়ক, উভয়পক্ষৰ বৃহৎ লোকচান হয় আৰু এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ ইফালে, উজনি অসমৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বটলিফ টি মেনুফেক্সাৰিং এছ’চিয়েশ্বন আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মাজত অনুষ্ঠিত দ্বি-পাক্ষিক আলোচনাত মুঠ ৫ টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি ৩ এপ্ৰিলৰ পৰা কেঁচা চাহপাত চিঙা আৰু ফেক্টৰীয়ে গ্ৰহণ কৰা বিষয়ত ঐক্যমতত উপনীত হয়৷ সেইমৰ্মে, প্ৰতি গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে পি পি চি [প্লেণ্ট প্ৰটেকছন ক’ড] আৰু খাদ্য সুৰক্ষা আৰু মান নিৰূপনৰ [এফ এছ এছ এ আই] নীতি-নিৰ্দেশনা মানি উন্নত মানৰ কেঁচা চাহপাত যোগান ধৰিব৷ তেনেদৰে, ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট নিৰূপন তথা পৰীক্ষাৰ ব্যৱস্থা প্ৰতি মাহত এবাৰকৈ কৰা হ’ব আৰু ইয়াৰ ব্যয় ক্ৰেতা-বিক্ৰেতা দুয়োপক্ষই সমানে বহন কৰিব৷ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু বটলিফ টি ফেক্টৰী এছচিয়েচনে নিষিদ্ধ ৰাসায়নিক দ্ৰব্য চাহগছত প্ৰয়োগ নকৰাৰ ক্ষেত্ৰত যুটীয়াভাৱে সজাগতা সভা আদি অনুষ্ঠিত কৰিব৷  দ্বি-পাক্ষিক সভাত বটলিফ টি ফেক্টৰী এছ’চিয়েশ্বনৰ কেন্দ্ৰীয় সমিতিৰ হৈ সূৰ্য চেতিয়া আৰু নিখিল আগৰৱালা আৰু চৰাইদেউ জিলা সমিতিৰ হৈ হেমচন্দ্ৰ গদুকা আৰু বিশ্ব চেতিয়া, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱজোতি ভূঁঞা, জিলা সমিতিৰ সভাপতি প্ৰদীপ গগৈ, সম্পাদক গজেন গগৈ আদিয়ে অংশগ্ৰহণ কৰে৷