Logo
image

মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ উৰিল, ভূপেনৰখন নুৰিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ এপ্ৰিল : এয়া ভোটৰ বতৰৰ বুধবাৰৰ পুৱাৰ ভাগৰ খানাপাৰা খেলপথাৰৰ দৃশ্য৷ পুৱাই অগা-পিছাকৈ দুই নেতা দুখনকৈ হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাল৷ লক্ষণীয়ভাৱে দুয়োৰে লক্ষ্যস্থান আছিল– বৰাক উপত্যকা, শিলচৰ-হাইলাকান্দি-কৰিমগঞ্জ৷ কিন্তু এজনৰ হেলিকপ্টাৰ উৰিল, আনজনৰ হেলিকপ্টাৰ লক্ষ্যস্থানলৈকে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ উৰিল নুৰিল৷ আদবাটতে এজনে ধুমুহা প্ৰতিকূল বতৰৰ বাবে যাত্ৰা বাতিল কৰি গুৱাহাটীলৈ উভটিল৷ হয়, আমি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কথাই কৈছোঁ৷ ৰাজনীতিৰ সুমেৰু-কুমেৰুত অৱস্থান কৰা দুয়োজন নেতাৰে আজি শিলচৰ তথা বৰাক উপত্যকাত আছিল কাৰ্যসূচী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে গৈ শিলচৰত উপস্থিত হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ মনোনয়ন-পত্ৰ দাখিলত উপস্থিত থকাৰ লগতে এক বিশাল ৰেলীতো ভাগ লয়৷ শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এই বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে পুনৰ হেলিকপ্টাৰেৰে কৰিমগঞ্জত উপস্থিত হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ মনোনয়নত অংশগ্ৰহণ কৰাৰ লগতে দ্বিতীয়খন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে হাইলাকান্দিৰ ৰবীন্দ্ৰ ভৱনত মুখ্যমন্ত্ৰীয়ে এক দলীয় কাৰ্যকৰ্তাৰে বৈঠকতো ভাগ লয়৷ ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো আজি পুৱাতেই ২০২৪ লোসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰথমখন হেলিকপ্টাৰ উৰুৱাই ডিফু অভিমুখে উৰা মাৰে, ডিফুত উপস্থিত হয়৷ ভূপেন বৰাই কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ মনোনয়ন-পত্ৰ দাখিলত অংশগ্ৰহণ কৰাৰ লগতে দলীয় কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰে৷ ডিফু বজাৰত তেওঁ ইংলেঙৰ সৈতে শোভাযাত্ৰাতো ভাগ লয়৷ ইয়াৰ পাছতে ভূপেন বৰা হেলিকপ্টাৰেৰে শিলচৰ, হাইলাকান্দি অভিমুখে উৰা মাৰে৷ লক্ষ্য আছিল শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্য সৰকাৰৰ মনোনয়ন-পত্ৰ দাখিল কাৰ্যসূচীত উপস্থিত থকা৷ কিন্তু ডিমা হাচাও জিলাত হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে হেলিকপ্টাৰ শিলচৰ-হাইলাকান্দিলৈ যাব নোৱাৰিলে৷ আদবাটৰ পৰা পুনৰ ডিফুলৈ ঘূৰি আহে হেলিকপ্টাৰ৷ হেলিকপ্টাৰখনে ডিমাপুৰ বিমানবন্দৰত ইন্ধন ভৰাই গুৱাহাটীলৈ ঘূৰি আহে৷ জানিব পৰা মতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰা হেলিকপ্টাৰখন ডাৱল ইঞ্জিনৰ হোৱাৰ বিপৰীতে ভূপেন বৰাই ব্যৱহাৰ কৰা হেলিকপ্টাৰখন আছিল চিংগল ইঞ্জিনৰ৷ সেয়েহে হয়তো লক্ষ্যপ্ৰাপ্তিত এই তফাৎঙ্গ

পাহাৰৰ জনতাই ২৬ এপ্ৰিলত উত্তৰ দিব : ভূপেন বৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফু : ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছ আৰু এ এছ ডি ছি দলৰ মনোনীত প্ৰাৰ্থী জয়ৰাম ইংলেং আৰু জৎছন বেয়ে আজি জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ হাতত নিজৰ নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰে৷ আজি পুৱাতে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা হেলিকপ্টাৰেৰে ডিফুত উপস্থিত হয়৷ ডিফুত দলীয় কাৰ্যালয়ত তেওঁ কাযকৰ্তাসকলৰ লগত মত বিনিময় কৰি চমু ভাষণ দিয়ে৷ এই সভাতে এ এছ ডি চি দলৰ প্ৰাক্তন ডিফু বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ বিজেপি নেতা হেমছিং তিচ’য়ে কংগ্ৰেছ দলত যোগদান কৰে৷ কংগ্ৰেছ দলত যোগদান কৰি তেওঁ কয় যে কোনো গণতান্ত্ৰিক মনোভাৱাপন্ন, আত্মসন্মান থকা, ধৰ্মনিৰপেক্ষ লোক বিজেপি দলত থাকিব নোৱাৰে৷ তেওঁ গণতন্ত্ৰ ৰক্ষাৰ বাবেই কংগ্ৰেছ দলত যোগদান কৰা বুলি কয়৷ ইয়াৰ পাছতে ভূপেন বৰাই শিল্পীসকলৰ লগত ছেংপী বজাই দলীয় প্ৰাৰ্থী জয়ৰাম ইংলেঙক লগত লৈ ডিফু বজাৰৰ মাজেৰে শোভাযাত্ৰা কৰি কিছুদূৰ আহি বৰাক ভেলী অভিমুখে ৰাওনা হয়৷ কিন্তু ডিমা হাছাও জিলাত প্ৰবল বৃষ্টিপাত হৈ থকাৰ বাবে হেলিকপ্টাৰ শিলচৰ, হাইলাকান্দিলৈ যাব নোৱাৰিলে৷ আদবাটৰ পৰা পুনৰ ডিফুলৈ ঘূৰি আহি হেলিকপ্টাৰখন ডিমাপুৰ বিমানবন্দৰলৈ গৈ তাত ইন্ধন ভৰাই গুৱাহাটীলৈ উৰা মাৰে৷ ডিফুত ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে৷ তেওঁ কয় কাৰ্বি আংলং আৰু ডিমা হাছাও পৰিষদ দুখন হ’ল মুখ্যমন্ত্ৰীৰ এ টি এম৷ এইবাৰ পাহাৰৰ জনতাই বিজেপিৰ লুণ্ঠন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, স্বজন-তোষণৰ প্ৰতিবাদত নিৰবে ২৬ এপ্ৰিলত ই ভি এমৰ বুটাম টিপি কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰাব৷ বিজেপিৰ অৰুণোদয় আঁচনিৰ বিপৰীতে কংগ্ৰেছে ন-লখিমী আঁচনিৰ জৰিয়তে মহিলাসকলক প্ৰতিমাহৰ ন তাৰিখে ২,৫০০টকাকৈ, প্ৰতিটো গেছ ছিলিণ্ডাৰ ৫০০ টকাত, প্ৰতিঘৰ লোকক মাহে ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ দিব বুলি কয়৷ সাংবাদিকে কয় যে মুখ্যমন্ত্ৰীয়ে কালি ডিফুত কৈছিল কংগ্ৰেছৰ যিকোনো প্ৰাৰ্থীক তেওঁ আজিয়ে বিজেপিলৈ লৈ আহিব পাৰে৷ ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে মূল বিষয়সমূহৰ পৰা আঁতৰি আবোল-তাবোল বকিছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, স্বায়ত্তশাসিত ৰাজ্যৰ দাবী, এইবিলাক ইচ্ছ্যুৰ কথা নকয়৷ তেওঁ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালক চুৰি মাৰি আসন লৈছে৷ আমাক অসমৰ ৰাইজে যিদিনা দায়িত্ব দিব সেইদিনাই আমি বহিম কিন্তু আমি কাকো চুৰি মৰা মানুহ নহয়৷ তেওঁ কয় এইবাৰ উজনিত বিজেপি ধূলিসাৎ হ’ব৷ আনহাতে, মনোনয়ন-পত্ৰ দাখিল কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে কয় যে তেওঁৰ বিজয় ১১০ শতাংশ নিশ্চিত৷ মুখ্যমন্ত্ৰীয়ে কালি কৈছিল যে বিজেপি দল তিনি লাখ ভোটত জিকিব৷ জয়ৰাম ইংলেঙৰ মন্তব্য আমি ৩লাখ ভোট পাম৷ এই কথটো তেওঁ গম পালে চাগৈ সেয়ে কৈছে৷ ইংলেঙে কয় যে মুখ্যমন্ত্ৰীহে কংগ্ৰেছলৈ আহিবলৈ বিচাৰি আছে৷ তেওঁৰ চৰিত্ৰ সকলোৱে জানে৷ তেওঁ কাৰ্বি আংলঙক ছুপাৰ ষ্টেট কৰাৰ কথা কৈছিল কি হ’ল বুলি তেওঁ প্ৰশ্ন কৰে৷ জয়ৰাম ইংলেঙক আজি চি পি আই এম এল দলৰ নেতা বৰী কুমাৰ ফাংচ’সহ আন আন কংগ্ৰেছ নেতাসকলে সংগ দিয়ে৷  ইফালে এ এছ ডি ছি দলৰ মনোনীত প্ৰাৰ্থী জৎছন বেয়ে মনোনয়ন-পত্ৰ দাখিল কৰে৷ তেওঁ দাবী কৰে যে তেওঁৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগত হ’ব৷

চান্দা ল’মেই, মোৰ ওচৰলৈ ইডি-চিবিআই পঠিয়াওক : ভূপেন বৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : ৰাজনৈতিক যুদ্ধৰ মাজতে অব্যাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাকযুদ্ধ৷ এতিয়া চান্দা বিতৰ্কক লৈ আক্ৰমণাত্মক হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– চান্দা মই ল’মেই৷ সূৰ্যৰ পোহৰত চান্দা লৈ আছোঁ৷ অসমৰ যিকোনো মানুহে যদি কংগ্ৰেছ দলক চান্দা দিয়ে মই ল’ম৷ মই এই চান্দাৰ হিচাপ দিম ৰাইজক৷ যোৱা মাহতো মই ৮০ লাখ টকা চান্দা লৈছোঁ৷ মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ– আপোনাৰ যদি দম আছে মোৰ বিৰুদ্ধে ইডি লগাওক, চিবিআই লগাই দিয়ক৷ মই চান্দা লৈ আছোঁ, মই চান্দা লৈ থাকিম৷ চান্দা সংগ্ৰহ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল– চান্দা লৈছে লৈ থাকক৷ কেৱল নিয়মৰ ভিত্তিত লওঁক৷ দুই হাজাৰ টকাৰ ওপৰত চান্দা ল’লে চেকত ল’ব লাগিব৷ এয়া দেশৰ নিয়ম৷ মই কাৰোবাক ৰখাম নৰখাম কোনো কথা নাই, নিৰ্বাচন আয়োগে সুধিবই৷ চান্দা চেকত ল’লে কোনো অসুবিধা নাই৷ কাৰোবাৰ পকেটত ধন আহিলে ইডি তেওঁৰ ওচৰলৈ আহিবই৷ তেওঁ আৰু কয়– ভূপেন বৰাক মুখ্যমন্ত্ৰী হোৱাৰ ৰাস্তা দেখুৱাই দিছোঁ৷ মুখ্যমন্ত্ৰীৰ এই বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয়– যিজনলোকে মুখ্যমন্ত্ৰী হোৱাৰ বাসনাৰ কাৰণে তৰুণ গগৈক লেং মাৰিলে, যিজন মানুহে মুখ্যমন্ত্ৰী হোৱাৰ বাসনাৰ কাৰণে সৰ্বানন্দ সোণোৱালক লেং মাৰিলে, সেইজন মানুহে মুখ্যমন্ত্ৰীৰ চকীখন এৰি দিম বুলি ক’লে বিশ্বাস কৰাটো হাস্যকৰ৷