Logo
image

সোণোৱালক সংগ দিছে টিকটবঞ্চিত তেলীয়ে, আছে তৰংগও

‘আমাৰ অসম’ৰ ডিব্ৰুগড় আৰু নাহৰকটীয়াৰ প্ৰতিবেদক, ৪ এপ্ৰিল: ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল৷ পুৱাৰ পৰা নিশাৰ ভাগলৈকে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছে সোণোৱালে৷ নিৰ্বাচনী প্ৰচাৰ অভিযানত অহৰহ সৰ্বানন্দ সোণোৱালক সংগ দিছে কেন্দ্ৰীয় মন্ত্ৰী তথা টিকটবঞ্চিত বিজেপি নেতা ৰামেশ্বৰ তেলীৰ উপৰি বিজেপি বিধায়ক তৰংগ গগৈকে ধৰি দলটোৰ নেতাসকলে৷ উল্লেখ্য, ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথমপৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ যুযুধানৰূপত অৱতীৰ্ণ হৈছে বিজেপিৰ হেভিৱেট প্ৰাৰ্থী সোণোৱাল৷ ইয়াৰ মাজতে আজি নাহৰকটীয়া সমষ্টিত কেইবাখনো নিৰ্বাচনী সভাত অংশ ল’লে বিজেপি প্ৰাৰ্থীজনে৷ আজি সোণোৱালে নাহৰকটীয়াৰ আমগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহ, নাহৰণিৰ বেতনি প্ৰেক্ষাগৃহ, জয়পুৰ মণ্ডলৰ কেন্দুগুৰি আদি ঠাইত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়৷ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱাল আক্ৰমণাত্মক হৈ পৰিল কংগ্ৰেছৰ বিৰুদ্ধে৷ সোণোৱালে নিজৰ ভাষণ প্ৰসংগত কংগ্ৰেছক সমালোচনা কৰি কয়, ১৯৬২৬নৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ত কংগ্ৰেছে অসমীয়া জাতিটোক চীনা সৈন্যৰ হাতত মৰিবলৈ এৰি দিছিল৷ আমাক শত্ৰুৰ হাতত গতাই দিছিল৷ এই কংগ্ৰেছ কোনোদিনেই অসম আৰু অসমীয়াৰ শুভাকাংক্ষী হ’ব নোৱাৰে৷ অপৰূপ জৈৱ-বৈচিত্ৰ্যতা, বিভিন্ন ভাষা, ধৰ্ম, সংস্কৃতি, ভূ-প্ৰকৃতি, সম্পদ-সম্ভাৱনাৰে চহকী আমাৰ দেশখন কোনো কাৰণতেই পিছপৰি থাকিব নালাগিছিল৷ ইয়াৰ কাৰণ ভাৰতত আটাইতকৈ বেছি সময়ৰ বাবে ৰাজত্ব কৰা কংগ্ৰেছেই নহয়নে? প্ৰতিভাশালী হোৱা স্বত্ত্বেও ভাৰতীয় লোকসকলে কংগ্ৰেছৰ অপশাসনৰ বাবেই নিজৰ যোগ্যতা প্ৰকাশ কৰিব পৰা নাছিল৷ কাৰণ তাৰ বাবে প্ৰয়োজনীয় যোগাত্মক পৰিৱেশ ভাৰতত গঢ় লৈ উঠাই নাছিল৷ তেওঁলোকে গৰীবী হাতাও বুলি চিঞৰিলে ঠিকেই, কিন্তু ভাৰতবৰ্ষৰ জনমূৰি আয় তথা মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব নোৱাৰিলে৷ মাত্ৰ ১০বছৰকালত ভাৰতৰ অৰ্থনীতি পঞ্চম স্থানলৈ লৈ আনিলে একমাত্ৰ বিজেপি চৰকাৰে৷ এই গতিৰে গৈ থাকিলে খুব কম সময়ৰ ভিতৰতে আমি তৃতীয় স্থানলৈ উন্নীত হ’ম বুলি বিশ্বৰ বিভিন্ন বিত্তীয় সংস্থাসমূহে জানিবলৈ দিছে৷ নিজৰ মিতভাষী স্বভাৱৰ বাবে বিৰোধীৰ তীৰ্যক মন্তব্য শুনিবলগীয়া হোৱা প্ৰসংগত সোণোৱালে কয়, মোক বিভিন্নধৰণৰ উপনাম, তাচ্ছিল্যসূচক মন্তব্য বিৰোধীসকলে দিয়া দেখিবলৈ পাইছোঁ৷ কিন্তু তেওঁলোকৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে মই পিতৃ-মাতৃ, গুৰু তথা অগ্ৰজসকলৰ কথা শুনা মানুহ৷ তেওঁলোকে আমাক কাহানিও লম্ফ -জম্ফ কৰি মিছা কথা কৈ সমাজখনক অনাহকত উত্তেজিত কৰিবলৈ শিকোৱা নাই৷ এয়া মহাপাপ বুলি বাৰম্বাৰ তেওঁলোকে আমাক সোঁৱৰাই থাকে৷ এনেকুৱা লোকক সময়ে কেতিয়াও ক্ষমা নকৰে৷ সেয়েহে মই সদায় নম্ৰ আৰু বিনয়ী হৈ কথা ক’বলৈ চেষ্টা কৰোঁ৷ ‘কা’ আন্দোলন সন্দৰ্ভত বিৰোধীৰ স্থিতিক সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, অসমীয়া জাতিয়ে কাৰো ওচৰত অনাহকত মূৰ নোদোঁৱায়৷ আমি বীৰ লাচিত বৰফুকন, বীৰ চিলাৰায়ৰ দেশৰ মানুহ৷ স্বদেশ আৰু স্বজাতিৰ মংগলৰ কাৰণে আমাৰ মানুহে যথেষ্ট ত্যাগ কৰি আহিছে৷ আমাৰ স্বৰ্ণময় ইতিহাস আছে৷ কোনোবাই আমাক কোটি কোটি বাংলাদেশী অসমলৈ আহিব বুলি উৰাবাতৰি দিলেই উত্তেজিত হ’ব নালাগে৷ অসমভূমিত সেয়া কাহানিও সম্ভৱ নহয়৷ আমাৰ মাটিত আমাৰ মালিকীস্বত্ব থাকিবই লাগিব৷ মই কোনো আবেগিক বা মিছা কথা কৈ আপোনালোকৰ ওচৰত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ অহা নাই৷ মই জানোঁ, আমাৰ ডেকা-গাভৰুসকলক কথাৰ ফুলজাৰিৰে পতিয়ন নিয়াব নোৱাৰি৷ তেওঁলোক আজিকালি যথেষ্ট সজাগ আৰু সচেতন৷ মই সদায় তেওঁলোকৰ মংগল কামনা কৰোঁ৷ একমাত্ৰ বিজেপি চৰকাৰৰ বাবেই উগ্ৰপন্থা, হত্যা, হিংসা, বন্ধ, অপহৰণেৰে জৰ্জৰিত অসমত শান্তিৰ পৰিৱেশ ঘূৰাই আহিবলৈ সক্ষম হৈছে৷ এয়া মোদী চৰকাৰৰ বলিষ্ঠ পদক্ষেপ লোৱাৰ ক্ষমতাৰ বাবেই সম্ভৱ হৈছে৷ ১৯৮৩ চনত কেৱল অসমৰ বাবে ভয়াৱহ আইএমডিটি আইন জাপি দিয়া হৈছিল৷ তাৰ বাবে মই ৰাজপথত গৈ প্ৰতিবাদ কৰা নাছিলোঁ৷ ন্যায়ালয়ত গৈ এই ক’লা আইনখনক প্ৰত্যাহ৩ান জনাইছিলোঁ৷ প্ৰায় ছবছৰকাল অসমৰ ৰাইজৰ সহযোগত এই বৈষম্যমূলক আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলাই ইয়াক বাতিল কৰাবলৈ সক্ষম হৈছিলোঁ৷ ‘কা’ আইনখনকো একেধৰণে কোনোবাই ন্যায়ালয়ত গৈ প্ৰত্যাহ৩ান জনাব পাৰে৷ ন্যায়ালয়ে অবৈধ ঘোষণা কৰিলে তাক আমি অন্তঃকৰণে মানি ল’ম৷ কিন্তু তাকে নকৰি ৰাজপথত আন্দোলন কৰি নৱপ্ৰজন্মক বিপথে পৰিচালিত হ’বলৈ দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ তেওঁলোকৰ সম্ভাৱনাময় সৃষ্টিশীল মনটোক মৰি যাবলৈ নিদিওঁ৷ মনৰ সৃষ্টিশীলতা আৰু গতিশীলতাক বিনষ্ট কৰা লোকসকলেই সমাজৰ মূল শত্ৰু৷ আজি ভাষণ প্ৰসংগত সৰ্বানন্দ সোণোৱালে অসম আন্দোলনৰ সময়ত নাহৰকটীয়া সমষ্টিবাসী ৰাইজৰ অৰিহণাৰ কথাও ৰাইজক ব্যক্ত কৰে৷ তেওঁ এই আন্দোলনৰ শ্বহীদদ্বয় ক্ৰমে অজিত নেওগ আৰু নগেন ডেকা তথা মুক্তিযোদ্ধা জোনাৰাম নেওগ আৰু দীননাথ শৰ্মাক স্মৰণ কৰে৷ শিক্ষিত আৰু সংস্কৃতিবান মনৰ অধিকাৰী বুলি অভিহিত কৰি নাহৰকটীয়া সমষ্টিবাসী ৰাইজক আগন্তুক লোকসভা নিৰ্বাচনত নিজৰ গণতান্ত্ৰিক দায়িত্ব পালন কৰিবলৈ সোণোৱালে অনুৰোধ জনায়৷ আজিৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ আদি৷