Logo
image

হাতত ৫০ হাজাৰ টকা লৈ নিৰ্বাচনত নামিছে পৰিমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ এপ্ৰিল : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি শিলচৰ লোকসভা সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মনোনয়ন-পত্ৰ দাখিল কৰে৷ নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱা মতে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে আজি শুক্লবৈদ্যসহ মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে৷ দৰং-ওদালগুৰি লোকসভা সমষ্টিত পাঁচগৰাকী, ডিফু লোকসভা সমষ্টিত ৩গৰাকী, কৰিমগঞ্জ লোকসভা সমষ্টিত এগৰাকী, শিলচৰ লোকসভা সমষ্টিত দুগৰাকী আৰু নগাঁও লোকসভা সমষ্টিত দুগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন-পত্ৰ দাখিল কৰে৷ সমষ্টিকেইটাৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন হৈছে চ্ছ্ৰ এপ্ৰিল৷ ইফালে, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দাখিল কৰা শপতনামাত তেওঁৰ হাতত মাত্ৰ ৫০ হাজাৰ টকা বুলিহে উল্লেখ কৰিছে৷ পত্নী উমা শুক্লবৈদ্যৰ নামত একাউণ্টত আছে মাত্ৰ ১৮ হাজাৰ টকা৷ তেওঁৰ কোনো পাৰ্চনেল লোন নাই৷ এলআইচিত বিনিয়োগ আছে মাত্ৰ ২ লাখ টকা৷ খেতি মাটিৰ বাহিৰে একোৱেই নাই বুলিও শপতনামাত উল্লেখ কৰা হৈছে৷ এখন পুৰণা ইক’ স্প’ৰ্টছ, এখন হেণ্ডা ইউনিকৰ্ণ গাড়ীৰ লগতে শুক্লবৈদ্যৰ এখন ৰয়েল এনফিল্ড বাইক আছে বুলি শপতনামাত উল্লেখ আছে৷