Logo
image

অৰবিন্দৰ ওজন কমিল, অনশনত বহিব ‘আপ’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ এপ্ৰিল: যোৱা ২১ ফেব্ৰুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পৰা বিগত ১৪ দিনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ শৰীৰৰ ওজন ৪.৫ কিলোগ্ৰাম হ্ৰাস পাইছে৷ আম আদমি পাৰ্টীৰ এটা সূত্ৰই এই তথ্য প্ৰকাশ কৰিলেও অৱশ্যে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই এই কথা অস্বীকাৰ কৰিছে৷ তিহাৰ কাৰাগাৰত যোৱা সোমবাৰৰ পৰাহে বন্দী হৈ আছে কেজৰিৱাল৷ তাৰ পূৰ্বে ১১ দিন দিল্লীৰ মুখ্যমন্ত্ৰী ইডিৰ জিম্মাত আছিল৷ তিহাৰ কাৰাগাৰত বন্দী হোৱাৰ পাছতে কেজৰিৱালৰ শৰীৰত শৰ্কৰাৰ পৰিমাণ ৫০ লৈ হ্ৰাস পাইছিল৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি যোৱা দুদিন তেওঁক শৰ্কৰা বৃদ্ধিৰ ঔষধ প্ৰদান কৰা হৈছে৷ মধুমেহত আক্ৰান্ত কেজৰিৱাল সুস্থ নহয় বুলি আপে প্ৰকাশ কৰি যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে আৰু অনশনৰ প্ৰস্তুতি চলাইছে৷ ইপিনে, পৰস্পৰবিৰোধী বক্তব্যৰে কাৰাগাৰ কৰ্তৃপক্ষই কেজৰিৱাল সম্প্ৰতি সুস্থ বুলি মন্তব্য কৰিছে৷ কাৰাগাৰৰ চিকিৎসকৰ মতে কেজৰিৱালৰ স্বাস্থ্যৰ অৱস্থা উদ্বেগজনক নহয়৷ তেওঁৰ ৰক্তত শৰ্কৰাৰ পৰিমাণ নিৰীক্ষণ কৰাৰ বাবে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই চেঞ্চৰ স্থাপন কৰিছে৷

আনহাতে দিল্লী উচ্চ ন্যায়ালয়ত ইডিয়ে অৰবিন্দ কেজৰিৱালক দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিৰ মূল হোতা বা ‘কিংপিন’ বুলি দাবী কৰাৰ লগতে এই কেলেংকাৰিৰ মূল ষড়যন্ত্ৰকাৰী বুলিও মন্তব্য কৰে৷ কেজৰিৱালে তেওঁক ইডিয়ে কৰা গ্ৰেপ্তাৰৰ প্ৰত্যাহান জনাই এই গোচৰ তৰিছিল৷ দিল্লী উচ্চ ন্যায়ালয়ে শুনানিৰ অন্তত বুধবাৰে ৰায়দান স্থগিত ৰাখে৷ ইডিৰ হৈ যুক্তি দাঙি ধৰি অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে, তদন্তকাৰী সংস্থাটো সম্প্ৰতি চৰম দোমোজাত পৰিছে৷ তেওঁলোকে আপৰ নেতাৰ সম্প্ৰতি বাজেয়াপ্ত কৰিবলৈ সাজু৷ কিন্তু তেনে কৰিলেই প্ৰশ্ন উঠিব, নিৰ্বাচনৰ সময়ত ইডিয়ে এয়া কি কৰিছে? বাজেয়াপ্ত নকৰিলে প্ৰশ্ন উঠে– প্ৰমাণ ক’ত? ইডি সম্প্ৰতি ‘কেচ ২২’ পৰিস্থিতিত পৰা বুলি তেওঁলোকে আদালতত দাবী কৰে৷ প্ৰসংগতঃ, ‘কেচ ২২’ এনে এক পৰিস্থিতি যি পৰস্পৰবিৰোধী নিয়ম বা সীমাবদ্ধতাৰ বাবে এৰি চলিব পৰা নাযায়৷ আমেৰিকাৰ লিখক যোছেফ হেলাৰে তেওঁৰ ‘কেচ ২২’ গ্ৰন্থত প্ৰথমে এই শব্দৰ ব্যৱহাৰ কৰিছিল৷

দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰহে : ‘আপ’ অসম

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : দিল্লীৰ নতুন আবকাৰী নীতিৰ অনিয়মৰ ভুৱা গোচৰত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ই ডিয়ে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল৷ সাংসদজনৰ বিৰুদ্ধে ইডিয়ে দুৰ্নীতিৰ কোনোধৰণৰ তথ্য-প্ৰমাণ আদালতত দাখিল কৰিব নোৱৰাৰ বাবে ন্যায়ালয়ে সাংসদ সঞ্জয় সিঙক জামিনত মুক্তি দিয়ে৷ আম আদমি পাৰ্টীৰ গুৱাহাটীৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদ মেলত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অভিযোগ কৰে - আপৰ সাংসদ সঞ্জয় সিঙে জামিন পোৱাৰ কথাটোৱে ইয়াকেই প্ৰমাণ কৰে যে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি বিজেপিৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয়৷  ই ডিৰ ওচৰত দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰিৰ সৈতে জড়িত ধনৰ লেন-দেনৰ কোনো তথ্য নাই আৰু সেইবাবে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ মজিয়াত জামিনৰ বিৰোধিতা কৰাৰ কোনো সুবিধা লাভ নকৰিলে৷ এই কথাই ইয়াকে প্ৰমাণ কৰে যে বিজেপি আৰু ই ডিয়ে ষড়যন্ত্ৰমূলকভাৱে আম আদমি পাৰ্টীৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি ৰাখিছে৷ দিল্লীৰ সুৰা কেলেংকাৰিৰ ৰাজসাক্ষী দিনেশ আৰোৰাৰ সম্পৰ্কে উল্লেখ কৰি ডাঃ চৌধুৰীয়ে কয় যে যিজন দিনেশ আৰোৰাৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছিল সেইজন দিনেশ আৰোৰাই ই ডিক এঘাৰবাৰ বক্তব্য প্ৰদান কৰিছিল, কিন্তু এই এঘাৰটা বক্তব্যৰ ভিতৰৰ দহটাতেই তেওঁ সঞ্জয় সিঙৰ বিপক্ষে কোনোধৰণৰ অভিযোগ উত্থাপন কৰা নাছিল৷ একেবাৰে শেষৰটো ভাষ্যতহে তেওঁ সঞ্জয় সিঙৰ নাম লৈছিল৷ যি দহটা ভাষ্যত তেওঁ সঞ্জয় সিঙৰ নাম লোৱা নাছিল সেইকেইটা ভাষ্যক ই ডিয়ে নোহোৱা কৰি পেলোৱা কাৰ্যত উচ্চতম ন্যায়ালয় ক্ষুব্ধ হৈছে৷ উল্লেখ্য, সঞ্জয় সিঙৰ জিম্মাৰ পৰা এটকাও উদ্ধাৰ কৰিব নোৱৰাৰ পাছতো সঞ্জয় সিঙৰ বিৰুদ্ধে কেনেকৈ PMLA প্ৰয়োগ কৰিলে আৰু বিগত ছমাহে গ্ৰেপ্তাৰ কৰি ৰাখিলে সেই প্ৰশ্ন কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷ সংবাদ মেলত এই সন্দৰ্ভত আপৰ জ্যেষ্ঠ মুখপাত্ৰ হেমন্ত ফুকনে উল্লেখ কৰে যে অৰবিন্দ কেজৰিৱাল, মনিশ ছিছোদিয়া, সঞ্জয় সিং বা সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰৰ Modus Operandi একেই৷ কোনো এজন লোকক ই ডিয়ে প্ৰথমতে গ্ৰেপ্তাৰ কৰি তেওঁক ব্যাপক মানসিক চাপ প্ৰদান কৰি তেওঁৰ মুখেৰে আপৰ এজন নেতাৰ নাম লোৱাব আৰু সেই ব্যক্তিজনক ৰাজসাক্ষী হিচাপে মুকলি কৰাই আপৰ নেতাজনক ই ডিয়ে গ্ৰেপ্তাৰ কৰে৷ এইসম্পৰ্কে অধিক উল্লেখ কৰি হেমন্ত ফুকনে কয় যে অৰবিন্দ কেজৰিৱালক সাৰথ ৰেড্ডীৰ ভাষ্যৰ আধাৰত গ্ৰেপ্তাৰ কৰে৷ সেইজন সাৰথ ৰেড্ডীয়ে বিজেপিক ইলেক্টৰেল বণ্ডৰ যোগেদি ৫৫কোটি টকা প্ৰদান কৰিছে৷ সেইদৰে আন দুজন ৰাজসাক্ষী হৈছে পিতা-পুত্ৰ বাগুন্তা শ্ৰীনিবাসন ৰেড্ডী আৰু ৰাঘৱ ৰেড্ডী৷ এই বাগুন্তা ৰেড্ডীক কেজৰিৱালৰ বিৰুদ্ধে সাক্ষ্য দিয়াৰ উপহাৰস্বৰূপে বিজেপিৰ সহযোগী এনডিএৰ তেলেগু দেশম দলে তেওঁক লোকসভা নিৰ্বাচনৰ বাবে দলীয় টিকট প্ৰদান কৰিছে৷ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ হেমন্ত ফুকনে লগতে কয় যে বিজেপিয়ে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি সৃষ্টি কৰি আম আদমি পাৰ্টীক নিঃশেষ কৰাৰ চেষ্টা কৰিলেও কাৰ্যতঃ তেওঁলোক সফল নহ’ব৷ তেওঁ কয় যে এজন কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে আৰু দহজন কেজৰিৱাল ওলাই আহিব৷ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে, দ্বিতীয় লাইনৰ মনিষ ছিছোদিয়া আৰু সঞ্জয় সিঙকো গ্ৰেপ্তাৰ কৰিলে, কিন্তু লগে লগে তৃতীয় লাইনৰ আতিশী, সৌৰভ ভাৰদ্বাজ আদিৰ দৰে নেতা ওলাই আহিল৷ তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে চতুৰ্থ শাৰীৰ নেতাসকল ওলাই আহিব৷ এই মন্তব্য কৰি হেমন্ত ফুকনে লগতে কয় যে আম আদমি পাৰ্টী দুৰ্নীতিবিৰোধী জন আন্দোলনৰ যোগেৰে জন্ম হোৱা এটা ৰাজনৈতিক দল৷ বিজেপিৰ দৰে এটা দুৰ্নীতিকাৰী আৰু সাম্প্ৰদায়িক দলে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় তথাপিও এই দলটোক কেতিয়াও ধবংস কৰিব নোৱাৰে৷ আম আদমি পাৰ্টীয়ে সকলো প্ৰত্যাহ৩ান নেওচি ভাৰতক বিশ্বৰ ভিতৰত এক নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠাৰ লক্ষ্যত কাম কৰিব৷ সংবাদ মেলত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, মুখপাত্ৰ হেমন্ত ফুকনৰ লগতে দলৰ সংখ্যালঘু কোষৰ নেতা আৰিফ শিকদাৰ উপস্থিত থাকে৷