Logo
image

ৰিয়া, শৌভিকসহ ৩৩জনক চাৰ্জশ্বীট

আমাৰ অসম, ৬ মাৰ্চঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ তদন্তৰ সৈতে অঙ্গাংগীভাৱে জড়িত হৈ পৰা মাদকদ্ৰব্যৰ গোচৰত নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’ৱে [এন চি বি] শুকুৰবাৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভ্ৰাতৃ শৌভিক চক্ৰৱৰ্তীসহ মুঠতে ৩৩ জনৰ নাম অন্তৰ্ভুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰিছে৷ উল্লেখ্য, সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ সময়ত ৰিয়া চক্ৰৱৰ্তী আছিল অভিনেতাজনৰ প্ৰণয়িনী৷ আনকি মৃত্যুৰ ৩ দিন আগলৈকে দুয়ো একেটা ফ্লেটতে বসবাস কৰিছিল৷ শুকুৰবাৰে এন চি বিৰ মুৰব্বী সমীৰ ৱাংখেড়েই বিশেষ আদালতত এই গোচৰৰ অভিযোগনামা দাখিল কৰে৷ অভিযোগনামাত বলীউডৰ প্ৰখ্যাত নাম ৰিয়া চক্ৰৱৰ্তীৰ বাহিৰে আৰু আন কাৰো নাই৷ মাদকদ্ৰব্য সেৱন আৰু মজুত ৰখাৰ অভিযোগত এন চি বিয়ে বলীউডৰ মেগাষ্টাৰ দীপিকা পাড়ুকনৰ উপৰি অন্যান্য বলীউড তাৰকা ছাৰা আলীখান, ৰাকুলপ্ৰীত সিং, শ্ৰদ্ধা কাপুৰ, অৰ্জুন ৰামপালকো জেৰা কৰিছিল৷ কিন্তু এন চি বিৰ আজি দাখিল কৰা চাৰ্জশ্বিটত তেনে মেগা তাৰকা বা তাৰকা কাৰো নাম অন্তৰ্ভুক্ত নকৰাটোৱে আশ্চৰ্যৰ সৃষ্টি কৰিছে৷ বলীউডৰ এই আগশাৰীৰ তাৰকাসকলক এন চি বিয়ে কিয় বাৰম্বাৰ জেৰা কৰিছিল সেই লৈও অভিযোগনামা দাখিলৰ পাছতে প্ৰশ্ন উত্থাপন হৈছিল৷ এনে তাৰকাৰ বিপৰীতে ৰিয়া চক্ৰৱৰ্তীৰ উপৰি এন চি বিৰ অভিযোগনামাত যি অভিযুক্তৰ নাম আছে তেওঁলোক ঘাইকৈ ড্ৰাগ্‌ছ সৰবৰাহকাৰী আৰু মজুতকাৰী হিচাপে কুখ্যাত৷ এন চি বিয়ে ১২,০০০ৰো অধিক পৃষ্ঠাৰ যিখন অভিযোগনামা আদালতত দাখিল কৰিছে তাত অতিৰিক্ত পৃষ্ঠাৰ সংযোজন ঘটোৱাৰ ফলত অভিযোগনামাৰ মুঠ পৃষ্ঠা ৫০,০০০ ৰো অধিক হৈ পৰিছে৷ 

উল্লেখ্য, সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ পাছত তেওঁৰ তেতিয়াৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছিল৷ কিয়নো অভিনেতাজনৰ মৃত্যুক ঘটনাৰ সৈতে ড্ৰাগ্‌ছ সেৱন কৰাৰ এটা অপ্ৰকাশিত বিষয় সংযোজিত হৈ পৰিছিল৷ সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে ৰিয়া চক্ৰৱৰ্তীয়েই সুশান্তক ড্ৰাগ্‌ছ সেৱন কৰোৱাই হত্যা কৰা বুলি অভিযোগ তুলিছিল৷ তেতিয়া ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ অপৰিহাৰ্য হৈ পৰে৷ তদন্তৰ সময়ত ৰিয়া চক্ৰৱৰ্তীয়ে কৰা হোৱাটছএপৰ বাৰ্তালাপ সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল, য’ত তেওঁ সুশান্তলৈ ড্ৰাগ্‌ছ যোগান ধৰাৰ বিষয়ে বাৰ্তালাপ কৰিছিল৷ ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ জিম্মাৰ পৰা সামান্য পৰিমাণৰ ভাং উদ্ধাৰ হৈছিল৷ এন চি বিয়ে ৰিয়া চক্ৰৱৰ্তীৰ উপৰি তেওঁৰ ভ্ৰাতৃ শৌভিক চক্ৰৱৰ্তীকো  একেটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল৷ দুয়ো এন চি বিৰ জিম্মাত থাকিবলগীয়া হৈছিল তিনিমাহৰো অধিক দিন৷ এতিয়া এন চি বিয়ে তেওঁলোকৰ গোচৰৰ চাৰ্জশ্বিটত ৰিয়া চক্ৰৱৰ্তীৰ নাম উল্লেখ কৰা লগে লগে এই গোচৰত বলীউডৰ স্বল্পখ্যাত অভিনেত্ৰীগৰাকী জড়িত হৈ পৰাটো নিশ্চিত হ’ল৷ অভিযোগনামাত এন চি বিয়ে ৰিয়া চক্ৰৱৰ্তী আৰু বলীউডৰ আন আন তাৰকা তথা সুশান্তৰ সৈতে হোৱা কথোপকথন ইত্যাদি সংলগ্ন কৰি দিছে৷ তাত সুশান্তৰ সহযোগী দীপেশ ছাৱন্তৰ নামো আছে৷  উল্লেখ্য ২০২০ চনৰ ১৪ জুনত সুশান্ত সিং ৰাজপুতৰ চিপজৰী লৈ থকা দেহ তেওঁৰ বান্দ্ৰাৰ ফ্লেটৰ পৰা উদ্ধাৰ হৈছিল৷