Logo
image

কৰ’না টিকা লোৱাৰ সময়ত এইকেইটা বিষয়ত সাৱধান হ’ব

আমাৰ অসম বিশেষঃ সমগ্ৰ দেশজুৰি এতিয়া কৰ’নাৰ ভেক্‌চিন প্ৰদানৰ কাৰ্যসূচী চলিছে৷ যোৱা ১৬ জানুৱাৰীত ভাৰতত কৰ’নাৰ ভেক্‌চিন প্ৰদানৰ প্ৰথম পৰ্যায় আৰম্ভ হয়৷ ইয়াৰ পাছত যোৱা ৰ মাৰ্চৰ পৰা এই ভেক্‌চিন প্ৰদানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে৷ সম্প্ৰতি সাধাৰণ নাগৰিকসকলেও কৰ’না ভেক্‌চিন লাভ কৰিবলৈ ধৰিছে৷ দ্বিতীয় পৰ্যায়ত মূলতঃ বয়োজ্যেষ্ঠ আৰু অসুস্থ লোকসকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ কিন্তু এইখিনিতে সাৱধান হোৱা উচিত যে এই ভেক্‌চিন গ্ৰহণৰ আগত বা পাছত কি কৰাটো দৰকাৰ৷

কৰণীয়ঃ ভেক্‌চিন গ্ৰহণৰ পূৰ্বে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷ ভেক্‌চিনে আপোনাৰ দেহত কেনেদৰে কাম কৰিব সেই বিষয়ে জনাটো দৰকাৰ৷ 

◾যদি আপোনাৰ এলাৰ্জিজিনত সমস্যা থাকে তেন্তে ভেক্‌চিন  গ্ৰহণৰ সময়ত সেই কথা চিকিৎসকক অৱগত কৰিব৷

◾মধুমেহ, কৰ্কট আৰু উচ্ছ ৰক্তচাপত ভোগাসকলে ভেক্‌চিন গ্ৰহণৰ পূৰ্বে কেইটামান ৰুটিন পৰীক্ষা কৰা দৰকাৰ৷ 

◾ভেক্‌চিন লোৱাৰ পূৰ্বে লঘু আহাৰ গ্ৰহণ কৰিব৷ 

◾পাতল আৰু আৰামদায়ক পোছাক পৰিধান কৰিব৷ মাস্ক পৰিধান কৰাটো জৰুৰী৷ 

◾টিকা কেন্দ্ৰত সামাজিক দূৰত্ব বজাই ৰাখিব৷ 

অকৰণীয়ঃ টিকা প্ৰদানকাৰীসকলৰ ওচৰত নিজৰ অসুস্থতা বা অস্বস্তিবোধ লুকুৱাই নাৰাখিব৷ 

◾টিকাগ্ৰহণৰ পূৰ্বে নিচাযুক্ত দ্ৰব্য সেৱন নকৰিব৷

◾টিকা লোৱাৰ পাছত যদি অস্বস্তি অনুভৱ কৰে লগে লগে চিকিৎসকক জনাওক৷ পাশ্বৰ্ক্ৰিয়া হ’লে নিজৰ মতে দৰৱ নলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷

বিশেষ সতৰ্কতাঃ টিকা গ্ৰহণৰ পাছত যদি চিকিৎসকে কোনো পৰামৰ্শ আগনবঢ়ায় তেন্তে প্ৰচুৰ পৰিমাণে পানী খাওক৷ কিয়নো টিকাই লগে লগে ৰোগমুক্ত নকৰে৷ টিকাৰ কাৰ্যকাৰিতা দ্বিতীয়টো ড’জ গ্ৰহণৰ কিছুদিন পাছতহে আৰম্ভ হয়৷