গাভিনী গাইৰ পেটৰ পৰা ওলাল ৭১ কেজি প্লাষ্টিক
আমাৰ অসম, ৬ মাৰ্চঃ পথ দুৰ্ঘটনাত আহত গো-ধনৰ চিকিৎসা কৰোঁতে পেটৰ পৰা ওলাল ৭১ কেজি প্লাষ্টিক৷ হাৰিয়ানাৰ ফৰিদাবাদত এই ঘটনা সংঘটিত হৈছে৷ প্ৰাপ্ত তথ্যমতে ফৰিদাবাদত কিছুদিন পূৰ্বে এজনী গাভিনী গাই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়৷ পশু চিকিৎসকসকলে গাইজনীক সুস্থ কৰি তোলাৰ বাবে আপ্ৰাণ চেষ্টা চলায়৷ প্ৰয়োজন হয় অস্ত্ৰোপচাৰৰ৷ কিন্তু অস্ত্ৰোপচাৰ কৰিবলৈ লৈ গাইজনীৰ পেট কাটোতে যি দৃশ্য প্ৰত্যক্ষ হ’ল সেয়া দেখি চিকিৎসকসকলৰ চকু কঁপালত উঠিল৷ কিয়নো গাইজনীৰ পেটৰ পৰা ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ আৱৰ্জনা উদ্ধাৰ হয়৷ গাইজনীক বচাবলৈ চেষ্টা চলায়ো চিকিৎসকসকল সফল নহ’ল৷ মাতৃ আৰু গৰ্ভস্থ পোৱালিটোৰ অকাল মৃত্যু ঘটে৷ উল্লেখ্য যে প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত দেশজুৰি নিষেধাজ্ঞা বলৱৎ আছে৷ কিন্তু ফৰিদাবাদৰ গাভিনী গাইজনীৰ ক্ষেত্ৰত ঘটা ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে চৰকাৰী নিষেধাজ্ঞালৈ কেৰেপ নকৰি প্লাষ্টিকৰ ব্যৱহাৰ অব্যাহত আছে৷