Logo
image

ৰামদেৱক ৰেহাই নিদিলে ছুপ্ৰিম ক’ৰ্টে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ এপ্ৰিলঃ একেৰাহে দ্বিতীয়বাৰ যোগগুৰু বাবা ৰামদেৱৰ ক্ষমাপ্ৰাৰ্থনা গ্ৰহণ নকৰিলে উচ্ছতম ন্যায়ালয়ে৷ কৰোনিল নামৰ এবিধ ঔষধ তৈয়াৰ কৰি ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড অতিমাৰীৰ সময়ত সেই ঔষধে ক’ভিড নিৰাময় কৰে বুলি বিজ্ঞাপন দিছিল৷ ক’ভিডকালত সেই ঔষধ বিক্ৰী কৰি ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদে ২৫০ কোটি টকা লাভ কৰিছিল৷ একে সময়তে পতঞ্জলিয়ে এলিউপেথিক ঔষধৰ বিৰুদ্ধেও বিজ্ঞাপনত মন্তব্য কৰিছিল৷ এই সংক্ৰান্তত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বনে (আইএমএ) তৰা গোচৰত উচ্ছতম ন্যায়ালয়ে ৰামদেৱৰ পতঞ্জলিৰ সকলো ঔষধৰ বিজ্ঞাপন বন্ধ কৰি দিছিল৷ তদুপৰি এই সন্দৰ্ভত পতঞ্জলিক নিজৰ স্থিতি ব্যাখ্যা কৰিবলৈ উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ দিছিল৷ পিছে সৰ্বোচ্ছ আদালতত পতঞ্জলিয়ে সেই ব্যাখ্যা দিয়াৰ পূৰ্বে ৰামদেৱ আৰু পতঞ্জলিৰ চি ই অ’ আচাৰ্য বালকৃষ্ণই সংবাদমেল আয়োজন কৰি নিজৰ ভুল নথকা বুলি ৰাজহুৱা কৰিছিল৷ ৰামদেৱৰ এই কাৰ্যত ক্ষুন্ন হৈ উচ্ছতম ন্যায়ালয়ে দুয়োৰে বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ আনি সোঁশৰীৰে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল৷ যোৱা দুই এপ্ৰিলত বাবা ৰামদেৱ আৰু বালকৃষ্ণ উচ্ছতম ন্যায়ালয়ত হাজিৰ হৈ ক্ষমা বিচাৰিলেও সৰ্বোচ্ছ আদালতে দুয়োৰে ক্ষমাভিক্ষা প্ৰত্যাখ্যান কৰি শাস্তি ভোগ কৰিবলৈ সাজু থাকিবলৈ কয়৷ পুনৰ মঙলবাৰে বাবা ৰামদেৱ আৰু বালকৃষ্ণই উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰি নিচৰ্ত ক্ষমাপ্ৰাৰ্থনা কৰে৷ পিছে এইবাৰো উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলি আৰু আহছানউদ্দিন আমানুল্লাৰ বিচাৰপীঠে ৰামদেৱৰ ক্ষমাপ্ৰাৰ্থনা প্ৰত্যাখ্যান কৰে৷ বিচাৰপীঠে কয়– ‘আমি অন্ধও নহয়, বিষয়টোক লৈ উদাৰো হ’বলৈ নিবিচাৰো৷’ তদুপৰি এই বিষয়ত সৰ্বোচ্ছ আদালত কেন্দ্ৰীয় চৰকাৰৰ উত্তৰতো সন্তুষ্ট নহয় বুলি মন্তব্য কৰে৷ বিচাৰপীঠে কয়– ‘ক্ষমাপত্ৰ কাগজে-কলমে আছে৷ তেওঁলোক শ’লঠেকত পৰিছে৷ আমি এই ক্ষমাপত্ৰ মানি লোৱা নাই৷ আমি ভাবো, অভিযুক্তই ইচ্ছাকৃতভাৱে অংগীকাৰ লংঘন কৰিছে৷’ উল্লেখ্য, ক্ষমাপত্ৰ আদালতলৈ পঠোৱাৰ পূৰ্বেই ৰামদেৱে সংবাদ মাধ্যমলৈ পঠিয়াইছিল৷ ন্যায়াধীশ কোহলিয়ে কয়– ‘বিষয়টো আদালতলৈ পঠিওৱাৰ আগতেই সংবাদ মাধ্যমলৈ পঠোৱা হৈছিল৷ তাৰমানে তেওঁলোক স্পষ্টভাৱে প্ৰচাৰত বিশ্বাসী৷ তদুপৰি শপতনামাতো তেওঁলোকে ফাঁকি দিছে৷’ ৰামদেৱৰ এই কাৰ্যত অত্যন্ত ক্ষুব্ধ সৰ্বোচ্ছ আদালত৷ ১৬ এপ্ৰিলত এই গোচৰৰ পুনৰ শুনানি আছে৷