Logo
image

কেঁচা জলকীয়া বহুদিনলৈ সতেজ কৰি ৰখাৰ উপায়

আমাৰ অসম বিশেষঃ ৰন্ধন প্ৰণালীত কেঁচা জলকীয়াৰ কোনো বিকল্প নাই৷ বহুতে খাদ্যৰ সৈতে কেঁচা জলকীয়া চোবাই খালেহে খাদ্যত জুতি পায়৷ কিন্তু কেঁচা জলকীয়া বহুদিনলৈ সতেজ হৈ নাথাকে৷ কম সময়ৰ ভিতৰতে কেঁচা জলকীয়া লেৰেলি যাবলৈ ধৰে বা সোনকালে শুকাই যায়৷ ফ্ৰীজত ৰাখিলে এটা নিৰ্দিষ্ট সময়লৈকেহে কেঁচা জলকীয়া সতেজ হৈ থাকে যদিও পিছত ই লেৰেলি যাবলৈ আৰম্ভ কৰে৷ আজিৰ শিতানত কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ কেইটামান সহজ উপায় উল্লেখ কৰা হ’ল৷ 

১৷ প্ৰথমে জলকীয়াৰ ঠাৰিসমূহ চিঙি পেলাওক৷ ‘এয়াৰ টাইট’ অৰ্থাৎ বতাহ সোমাব নোৱাৰা কণ্টেইনাৰত ৰাখক এই জলকীয়াসমূহ৷ এনে কৰিলে কেইবাদিনলৈ কেঁচা জলকীয়া সতেজ হৈ থাকে৷ 

২৷ এলুমিনিয়াম ফইলৰ ভিতৰতো কেঁচা জলকীয়া মেৰিয়াই ৰাখিব পাৰে৷ কিন্তু এনে কৰাৰ আগতে জলকীয়াৰ ঠাৰি এৰুৱাবলৈ নাপাহৰিব৷ এলুমিনিয়াম ফইলৰ সৈতে কেইঘণ্টামান জলকীয়াখিনি ফ্ৰীজৰ ভিতৰত ৰাখি উলিয়াই আনক৷ ইয়াৰ পাছত জলকীয়াখিনি বায়ুৰোধক পাত্ৰ এটাত এলুমিনিয়াম ফইলৰ সৈতে ভৰাই ৰাখক৷ এনে পদ্ধতিয়ে এসপ্তাহৰো অধিক কেঁচা জলকীয়া সতেজ কৰি ৰাখে৷ 

৩৷ চেইনযুক্ত বেগৰ ভিতৰতো জলকীয়া ৰাখিব পাৰে৷ অৱশ্যে এনে বেগত দুসপ্তাহতকৈ অধিক দিন জলকীয়া ৰাখিব পৰা নাযায়৷