Logo
image

এচি চলায়ো বিদ্যুতৰ খৰচ কেনেদৰে কমাব

কোঠালী সৰু হ’লে অত্যধিক গৰমত এক টন ক্ষমতাযুক্ত এচিয়েই যথেষ্ট৷ কিন্তু বহুতৰে প্ৰশ্ন হয়, এক টন এচি এটা এঘণ্টা চলালে বিদ্যুতৰ খৰচ কিমান হ’ব পাৰে৷ এই ক্ষেত্ৰত জানি থোৱা ভাল যে এচিৰ ক্ষেত্ৰত বিদ্যুতৰ খৰচ নিৰ্ভৰ কৰে কোঠালীটোৰ ওপৰত৷ 

- কোঠালীটোৰ তাপমাত্ৰা যিমানেই বেছি হ’ব, সিমানেই খৰচ হ’ব বিদ্যুৎ৷ 
- কোঠালীৰ আয়তনৰ ওপৰতো এচিৰ ব্যৱহাৰ আৰু ইয়াৰ বাবে হোৱা বিদ্যুতৰ খৰচ নিৰ্ভৰ কৰে৷
- একেৰাহে দীৰ্ঘসময় এচি চলালে বিদ্যুতৰ খৰচ বেছি হয়৷
দেখা যায় যে এটা এক টন এচি এঘণ্টা ধৰি চলাই থাকিলে ৮০০ৰ পৰা ১২০০ ৱাট পৰ্যন্ত বিদ্যুৎ শক্তি খৰচ হয়৷ অৰ্থাৎ প্ৰতি ঘণ্টাত এক টন এচি এটাৰ বাবে ৰ ইউনিটৰ পৰা ১.৫ ইউনিটলৈকে বিদ্যুৎ খৰচ হ’ব পাৰে৷
কোনোবাই যদি এক টনৰ ফাইভষ্টাৰ এচি এটা দিনত ৮ ঘণ্টা চলায়, তেন্তে এচিৰ বাবে তেওঁৰ মাহত প্ৰায় ১৮০ ইউনিট বিদ্যুৎ খৰচ হ’ব পাৰে৷

বিদ্যুৎ খৰচ কেনেদৰে কমাব–
- এচিটোত নিজাকৈ তাপমাত্ৰা ছেটিং কৰি লওক৷ ২৪ ডিগ্ৰী ছেলচিয়াছ তাপমাত্ৰা ছেটিং কৰি ল’ব পাৰিলে ভাল৷
- ঘৰত নথকা অৱস্থাত এচিটো বন্ধ কৰি ৰাখক৷
- এচিৰ সৈতে মাজে মাজে ফেন ব্যৱহাৰ কৰক৷ এনেকুৱা কৰিলে কোঠালীটোৰ তাপমাত্ৰা কমে৷ ফলত বিদ্যুতৰ খৰচ ৰাহি হয়৷
- নিয়মীয়াকৈ এচিটোৰ ছাৰ্ভিচিং কৰিবলৈ নাপাহৰিব৷
- স্প্লিট এচিয়ে উইণ্ডো এচিতকৈ বিদ্যুৎ কম খৰচ কৰে৷
- নন্‌ ইনভাৰ্টাৰ কম্প্ৰেচাৰ এচিৰ সলনি ইনভাৰ্টাৰ এচি ব্যৱহাৰ কৰক৷ 
- এচি ব্যৱহাৰৰ কাৰণে সঠিক জোখৰ কোঠালী ব্যৱহাৰ কৰক৷ এচিৰ ফিল্টাৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰক৷
- এচিৰ চাৰিওপিনে যাতে পৰ্যাপ্ত বায়ু প্ৰৱাহ হয় সেয়া নিশ্চিত কৰক৷