Logo
image

গৌৰৱ গগৈ আৰু অখিল গগৈ মুখদক্ষহে, এজনো কৰ্মদক্ষ নহয়ঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

'আমাৰ অসম'ৰ, কমলপুৰৰ প্ৰতিবেদক, ১৫ এপ্ৰিলঃ গৌৰৱ গগৈ আৰু অখিল গগৈ মুখদক্ষ লোক, এজনো কৰ্মদক্ষ নহয়। ৰাইজৰ সেৱা কৰিবলৈ হলে কৰ্মদক্ষ হ'ব লাগিব। দেওবাৰে পহিলা বহাগৰ দিনটোতে কমলপুৰত বিজেপিৰ এখন কৰ্মী সভাত এই মন্তব্য প্ৰকাশ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 

বিজেপিৰ কৰ্মী সভাখনত বৰুৱাই অখিল গগৈয়ে তপন গগৈক নিমাতী কইনা বুলি কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে গৌৰব গগৈয়ে যোৰহাটৰ উন্নয়নৰ হকে সংসদত এবাৰো মাত নামাতি মনিপুৰক লৈহে মাত মাতিছিল। সমষ্টিটোৰ হৈ মাত নামাতি মনিপুৰৰ কথাক লৈ সৰৱ হোৱা সাংসদজন কেনেধৰণৰ সাংসদ বুলি প্ৰশ্ন কৰে মন্ত্ৰীজনে। 

বিগত সময় চোৱাত কংগ্ৰেছে যোৰহাট তিতাবৰ আদি সমষ্টিক পিছপৰা অঞ্চললৈ লৈ যোৱা বুলিও অভিযোগ কৰে মন্ত্ৰী জয়ন্ত মল্লই । কংগ্ৰেছে কৰি যোৱা বেয়া কামৰ ফল বিজেপিয়ে ভোগ কৰি থকা বুলিও কয় মন্ত্ৰীজনে। আনহাতে দৰং-ওডালগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া চাৰি লক্ষাধিক ভোটৰ ব্যৱধান জয়ী হ'ব বুলিও দাবী কৰে মন্ত্ৰীজনে। কমলপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰমেশ শইকীয়াই আতধৰা অনুষ্ঠানটোত ভালেসংখ্যক বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে।