Logo
image

গৌৰৱক ভোট নিদিবলৈ হিন্দুক আহ্বান আজমলৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক থকা বুলি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰেছ দলে বাৰম্বাৰ অভিযোগ কৰি থকাৰ পাছত এইবাৰ হিন্দু ভোটাৰক গৌৰৱ গগৈক ভোট নিদিবলৈ আহ্বান জনালে এআইইউডিএফৰ মুৰব্বীজনে৷ ঈদৰ দিনা গৌৰৱ গগৈয়ে নামাজ পঢ়াক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটোৱা আজমলে কয়– গৌৰৱ গগৈ নামাজ পঢ়ি মুছলমান হৈছে৷ হিন্দু মানুহে তেওঁক ভোট দিব নালাগে৷ কেৱল মুছলমানৰ ভোটেৰে জিকক তেওঁ৷ তেওঁ ইমান ভালকৈ নামাজ পঢ়িছে যে মই ৬০ বছৰ ধৰি নামাজ পঢ়ি থকাৰ পাছতো ইমান ভালকৈ নামাজ পঢ়িব নাজানো৷ তেওঁ অভিনয় কৰিছে বুলি নাভাবো৷ তেওঁ কলমা পঢ়ি মুছলমান হৈছে৷ এতিয়া কোনো হিন্দু মানুহে তেওঁক ভোট দিব নালাগে৷ তেওঁ ঈদৰ দিনা নামাজ পঢ়ি মুছলমান হৈছে৷ আমি তেওঁক আদৰণি জনাইছোঁ৷ আমি তেওঁক ইছলামত গ্ৰহণ কৰিছোঁ৷ হিন্দু ভাইসকলে এতিয়া চিন্তা কৰিব লাগে তেওঁক ভোট দিব নে নাই৷

‘নকল টুপী পিন্ধা মানুহক ভোট দিব নালাগে মুছলমান ৰাইজে’

'আমাৰ অসম’ৰ কামপুৰৰ প্ৰতিবেদকঃ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক যুঁজ৷ প্ৰতিটো দলৰ ইজনৰ পিছত সিজন নেতা উপস্থিত হৈ সমষ্টিটোত নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে৷ পহিলা ব'হাগৰ দিনা নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিৰ কামপুৰৰ কাকতিগাঁৱত নগাঁৱৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ বদৰুদ্দিন আজমলে৷ হেলিকপ্টাৰেৰে আহি সংখ্যালঘু প্ৰধান অঞ্চল কাকতিগাঁৱত বিশাল নিৰ্বাচনী সভাত ভাষণ দি নগাঁৱত আমিনুল ইছলামৰ বিজয় নিশ্চিত কৰিবলৈ আহ্বান জনায় কয়– দিল্লীলৈ আমিনুল ইছলাম যাবই৷ এ আই ইউ ডি এফৰ ৰহা সমষ্টিৰ সভাপতি জহুৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আজমলে শাসনাধিষ্ট বিজেপি আৰু বিৰোধী দল কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে৷ আজমলে কয়– সংখ্যালঘু ভোটাৰ অধিক থকা এই সমষ্টিত এজন সংখ্যালঘু লোকক প্ৰাৰ্থীত্ব দিয়া হৈছে৷ আমিনুল ইছলামক জয়ী কৰোৱাৰ দায়িত্ব আপোনালোকৰ৷ নগাঁও লোকসভা সমষ্টিত বিজেপিৰ দুজন প্ৰাৰ্থী আছে সুৰেশ বৰা আৰু প্ৰদু্যৎ বৰদলৈ৷ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদু্যৎ বৰদলৈ বিজেপিৰ এজেণ্ট৷ কংগ্ৰেছক ভোট দিলে বিজেপিকে দিয়া হ’ব৷ দুদিন পুৰ্বে গৌৰৱ গগৈ মুছলমান হ’ল৷ নকল টুপী পিন্ধা মানুহক ভোট দিব নালাগে মুছলমান ৰাইজে৷ আচল টুপী পিন্ধা আমিনুলক ভোট দিব লাগে৷ চৰকাৰে বাধা দি ৰখা জৰাফুকাৰ ৰাজনীতি মই এতিয়া নকৰোঁ৷ নিৰ্বাচনৰ পাছত কৰিম৷ ইফালে প্ৰাৰ্থী আমিনুল ইছলামেও শাসকীয় দল বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে এইবাৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিলে সংবিধান সংশোধন কৰি এখন হিন্দু ৰাষ্ট্ৰ বনাব৷ সেয়ে তেওঁ সংবিধান ৰক্ষাৰ স্বাৰ্থত এ আই ইউ ডি এফক ভোট দিয়াৰ বাবে আহ্বান জনায়৷ সভাত পাঁচ সহশ্ৰাধিক ৰাইজৰ উপস্থিতিত কংগ্ৰেছ দলৰ পৰা প্ৰায় অৰ্ধশতাধিক লোকে এ আই ইউ ডি এফ দলত যোগদান কৰে৷