Logo
image

যুযুধান ইৰান-ইজৰাইল, আন এখন যুদ্ধৰ আশংকা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ এপ্ৰিলঃ ইৰানক প্ৰত্যাক্ৰমণ কৰিব নে নকৰে সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দ্বিতীয়বাৰৰ বাবে ইজৰাইলৰ ‘ৱাৰ কেবিনেট’ সোমবাৰে দিনৰ ২ বজাত এখন অতি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আৰু ৰাষ্ট্ৰসংঘৰ নেতৃত্বত আমেৰিকাকে ধৰি বিশ্বৰ আগশাৰীৰ দেশৰ নেতৃবৰ্গই ইজৰাইলক প্ৰত্যাক্ৰমণ নকৰি ক্ষান্ত থাকিবলৈ অনুৰোধ জনাইছে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন জৰুৰী বৈঠকত সচিবপ্ৰধান এণ্টনিঅ’ গুৱেটেৰেছে কয়– মধ্যপ্ৰাচ্য অতি বিপজ্জনক স্থিতিৰ সন্মুখীন হৈছে আৰু অঞ্চলটোৱে দ্বিতীয় এখন যুদ্ধ সহ্য কৰিব নোৱাৰে৷ তেওঁ কয়– যদিহে মধ্যপ্ৰাচ্যত এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ হয়, তেন্তে সমগ্ৰ অঞ্চলটোৰ বাসিন্দা ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব৷ সেয়ে এতিয়া সকলো পক্ষই যুদ্ধ পৰিহাৰ কৰি চলাৰ গত্যন্তৰ নাই৷ পিছে ৰাষ্ট্ৰসংঘই যি সকিয়নীয়েই নিদিয়ক, যুযুধান ইৰান আৰু ইজৰাইলৰ মাজত এখন সম্ভাব্য পূৰ্ণপৰ্যায়ৰ যুদ্ধৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে মধ্যপ্ৰাচ্য আৰু সমগ্ৰ বিশ্ব৷ ৰাষ্ট্ৰসংঘৰ জৰুৰী বৈঠকত ইৰানৰ প্ৰতিনিধি আমিৰ ছয়িদ ইৰাভানিয়ে কৈছে– আত্মৰক্ষা তেওঁলোকৰ অধিকাৰ৷ সেয়ে ইজৰাইলক আক্ৰমণ কৰাৰ বাহিৰে তেওঁলোকৰ হাতত আন বিকল্প নাছিল আৰু তেওঁলোকে আত্মৰক্ষাৰ তাগিদাতে আক্ৰমণ কৰিবলৈ বাধ্য হ’ল৷ এতিয়া যদি ইজৰাইলে বা আমেৰিকাই ইৰানক আক্ৰমণ কৰে তেন্তে ইৰানে প্ৰৱল শক্তিৰে ইজৰাইলক আক্ৰমণ কৰিব৷ আনহাতে, নিৰাপত্তা পৰিষদৰ বৈঠকত ইজৰাইলৰ প্ৰতিনিধি গিলাড আৰ্ডেনে বিশ্ব সম্প্ৰদায়ক ইৰানৰ বিৰুদ্ধে কঠোৰতম নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনায়৷ ৰাষ্ট্ৰসংঘৰ মজিয়াত ইজৰাইলে আগ্ৰাসী মনোভাৱ প্ৰদৰ্শন নকৰিলেও ইৰানৰ বিৰুদ্ধে আক্ৰমণৰ সিদ্ধন্ত গ্ৰহণৰ বাবে ইজৰাইলৰ ‘ৱাৰ কেবিনেট’ৰ তিনি সদস্য ক্ৰমে– প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু, প্ৰতিৰক্ষা মন্ত্ৰী য়ুৱাভ গেলাণ্ট আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী বেনী গাণ্টজ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ সোমবাৰে দিনৰ ২ বজাৰ এই বৈঠকৰ সিদ্ধান্ত ইজৰাইলে ৰাজহুৱা কৰা নাই৷ তেওঁবাৰে হোৱা ইজৰাইলৰ ‘ৱাৰ কেবিনেট’ও ইৰানৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া চূড়ান্ত কৰিব পৰা নাছিল৷

ইৰানে দেওবাৰে আৰু শনিবাৰে ৩০০ৰো অধিক ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰে ইজৰাইলক আক্ৰমণ কৰাৰ ফলতে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি হৈছে৷ ইৰানৰ এই আক্ৰমণত অৱশ্যে ইজৰাইলৰ বিশেষ ক্ষয়-ক্ষতি নোহোৱা বুলিয়েই প্ৰকাশ৷ ইজৰাইলে দাবী কৰা অনুসৰি তেওঁলোকে ‘এৰো ডিফেন্স’ ব্যৱস্থাৰে ইৰানৰ ৯৯ শতাংশ আক্ৰমণ প্ৰতিহত কৰিছে৷ তথাপি ইৰানৰ এই প্ৰত্যক্ষ প্ৰত্যাঘাত বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ কিয়নো ইৰানে ইয়াৰ পূৰ্বে ইজৰাইলৰ বিৰুদ্ধে হিজবুল্লা, হুঠি আদি বিদ্ৰোহীক অস্ত্ৰ-শস্ত্ৰ আৰু আৰ্থিক সাহায্য প্ৰদান কৰি ‘প্ৰক্সি ৱাৰ’ বা ছাঁয়া যুদ্ধ চলোৱাৰহে অভিযোগ আছিল, প্ৰত্যক্ষ সংঘাতত লিপ্ত হোৱা নাছিল৷ কিন্তু পেলেষ্টাইনৰ বিৰুদ্ধে যোৱা ৬ মাহ যুদ্ধ কৰি থকা ইজৰাইলে ১ এপ্ৰিলত ছিৰিয়াৰ ডামাস্কাছত থকা ইৰানৰ দূতাবাসত ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত কৰি দেশখনৰ সেনাবাহিনী অৰ্থাৎ ‘ইছলামিক ৰিভলিউচনাৰি গাৰ্ড’ৰ ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ ৰেজা জাহেদি, ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ হাদি হাজি ৰহিমিসহ ৭জন সেনা বিষয়া আৰু মুঠতে ১৩জন ইৰানী কূটনীতিবিদক নিহত কৰিছিল৷ এই আক্ৰমণ ইজৰাইলে সংঘটিত কৰা বুলি এতিয়াও দেশখনে স্বীকাৰ কৰা নাই৷ কিন্তু ছিৰিয়াত থকা ইৰানৰ ৰাষ্ট্ৰদূত হোছেইন আকবৰিয়ে জনোৱা অনুসৰি, ১ এপ্ৰিলত ইজৰাইলৰ এফ-৩৫ যুদ্ধ বিমানে ডামাস্কাছত থকা ইৰানৰ দূতাবাসত উপৰ্যুপৰি ৬টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ সংঘটিত কৰি ১৩জন ইৰানী সেনা বিষয়া আৰু কূটনীতিবিদক হত্যা কৰে৷ তাৰ প্ৰত্যুত্তৰতে এতিয়া ইৰানে ইজৰাইলক আক্ৰমণ কৰিছে৷ ইজৰাইলে প্ৰথম আক্ৰমণ চম্ভালি ল’লেও একে সময়তে দুটা সীমান্তত যুদ্ধ কৰিবলগীয়া হ’লে ইহুদী ৰাষ্ট্ৰখন বিপদত পৰাটো খাটাং৷ কিয়নো আমেৰিকাৰ ৰাষ্ট˜পতি জো বাইডেনে কৈছে– তেওঁলোকে ইৰানৰ বিৰুদ্ধে ইজৰাইলৰ প্ৰত্যাক্ৰমণত ভাগ নলয়৷ বিশ্বৰ আন শক্তিশালী দেশেও উভয় ৰাষ্ট্ৰক ক্ষান্ত হ’বলৈ আহ্বান জনাইছে, ইজৰাইলক যুদ্ধত সহায় কৰাৰ কথা এতিয়ালৈকে কোৱা নাই৷ সেয়ে এতিয়াও প্ৰত্যাক্ৰমণৰ সিদ্ধান্ত ল’ব পৰা নাই ইজৰাইলে৷ কোৱা হৈছে, ইজৰাইলৰ ডামাস্কাছৰ ইৰানৰ দূতাবাসত কৰা আক্ৰমণ সমগ্ৰ বিশ্বৰ বাবে ‘গেম চেঞ্জাৰ’ হৈ পৰিব পাৰে৷