Logo
image

দেশজুৰি ৪,৬৫৮ কোটি টকা জব্দ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ এপ্ৰিলঃ এইবাৰৰ লোকসভা নিৰ্বাচনে  একপ্ৰকাৰ গণতন্ত্ৰৰ ৭৫ বছৰীয়া ইতিহাসত নজিৰ সৃষ্টি কৰিছে৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই নিৰ্বাচন আয়োগে সমগ্ৰ দেশতে অভিলেখসংখ্যক হিচাপবিহীন নগদ ধন, সুৰা, ড্ৰাগ, ধাতু তথা উপহাৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে৷ বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ফ্লায়িং স্কোৱাডে যিমান পৰিমাণৰ নগদ ধন তথা নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল, তাতকৈ যেন এক হাজাৰ কোটি টকাৰ অধিক নগদ ধন আৰু সামগ্ৰী এইবাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বেই জব্দ কৰিছে৷ 

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি বিগত ১ মাৰ্চৰ পৰা এইপৰ্যন্ত সমগ্ৰ দেশতে নগদ ধন আৰু জব্দ কৰা অন্যান্য সামগ্ৰীৰ মূল্য হৈছে ৪,৬৫০ কোটি টকা৷ তাৎপৰ্যপূৰ্ণভাৱে দেশৰ আন আন ৰাজ্যৰ সমান্তৰালভাৱে অসমতো ফ্লায়িং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভিলেন্স টীমে এইপৰ্যন্ত ১৪১ কোটি টকা মূল্যৰ নগদ ধন আৰু নিচাযুক্ত সামগ্ৰী জব্দ কৰিছে৷ অসমত জব্দ হোৱা নগদ ধনৰ পৰিমাণ হৈছে ৩ কোটি ১৭লাখ টকা আৰু জব্দকৃত সুৰাৰ মূল্য হৈছে ১৯ কোটি টকা৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি বিগত ডেৰ মাহ ধৰি সমগ্ৰ দেশতে দৈনিক গড়ে ১০০ কোটিৰো অধিক হিচাপবিহীন নগদ ধন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ আয়কৰ বিভাগ, ইডি, চিবিআই আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীয়ে যৌথভাৱে এই নগদ ধন, সুৰা, ড্ৰাগ, বহুমূলীয়া ধাতু আৰু উপহাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আয়োগৰ পৰিসংখ্যা অনুসৰি নগদ ধন আৰু অন্যান্য হিচাপহীন সামগ্ৰীৰ তালিকাত শীৰ্ষত থকা ৰাজস্থানত উদ্ধাৰ হয় ৭৭৮ কোটি টকা৷ ইয়াৰ উপৰিও গুজৰাটত ৬০৫ কোটি, তামিলনাডুত ৪৬০ কোটি, মহাৰাষ্ট্ৰত ৪৩১ কোটি, পঞ্জাবত ৩১১ কোটি, কৰ্ণাটকত ২৮১ কোটি, দিল্লীত ২৩৬ কোটি আৰু অন্যান্য হিচাপহীন সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ ইফালে, গুজৰাটত সৰ্বাধিক ৪৮৫.৯৯ কোটি টকাৰ ড্ৰাগ জব্দ হৈছে৷ তামিলনাডুত ২৯৩.০২ কোটি টকাৰ ড্ৰাগ, পাঞ্জাবত ২৮০.৮১ কোটি টকাৰ, নতুন দিল্লী আৰু আন স্থানৰ পৰা ১৮৯.৯৪ কোটি টকাৰ ড্ৰাগ জব্দ হৈছে৷ দেশত মুঠ ২০৬৮.৮৫ কোটি টকাৰ ড্ৰাগ জব্দ হৈছে৷ সুৰাৰ ক্ষেত্ৰত ১২৪.৩৩ কোটি, পশ্চিমবংগত ৫১.১৭ কোটি টকা, ৰাজস্থান আৰু অন্যান্য স্থানত ৪০.৭৮ কোটি টকাৰ সুৰা জব্দ হৈছে৷ দেশত মুঠ ৪৮৯.৩১ কোটি টকাৰ সুৰা জব্দ হৈছে৷ দেশত ৩৯৫.৯৩ কোটি নগদ ধন জব্দ হৈছে৷