Logo
image

বৃষ্টিপাত বৃদ্ধিৰ সম্ভাৱনা

শেহতীয়াভাৱে এটা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ বতৰ ক্ৰমাৎ অস্বাভাৱিক হৈ পৰিছে৷ জলবায়ু পৰিৱৰ্তনৰ বাবে এনে হোৱা বুলি মন্তব্য কৰিছে বতৰ বিজ্ঞানীসকলে৷  দেশৰ কেইবাখনো ৰাজ্য শেহতীয়াকৈ প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপত পৰিছে৷ এইক্ষেত্ৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনো ব্যতিক্ৰম নহয়৷ দেশৰ আন বহু ঠাইৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে৷ দেশৰ অন্যতম সেমেকা ঠাই হিচাপে পৰিচিত চেৰাপুঞ্জীতো অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ৷ জুন-জুলাই মাহত সাধাৰণতে অসমত যথেষ্ট বৰষুণ হয় আৰু বৰষুণৰ ফলত তাপমানো কিছু হ্ৰাস পায়৷ কিন্তু শেহতীয়া তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে আৰু ইয়াৰ প্ৰভাৱ অসমৰ লগতে প্ৰতিবেশী ৰাজ্যকেইখনতো পৰিছে৷ বতৰ বিভাগৰ তথ্য অনুসৰি, ২০২২ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত জুন-জুলাই মাহত বৃষ্টিপাতৰ পৰিমাণ আছিল যথেষ্ট কম৷ আনহাতে, যোৱা বছৰ কেৱল উত্তৰ-পূৰ্বাঞ্চলেই নহয়, দেশৰ আন ৰাজ্যসমূহতো বৰষুণৰ পৰিমাণ কম আছিল৷ পৰিৱেশ বিজ্ঞানীসকলৰ মতে, জলবায়ু পৰিৱৰ্তনৰ বাবে ভাৰতত বতৰে কৰা ক্ষয়-ক্ষতি ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷
ইপিনে, কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এই সময়ছোৱাত দেশত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ওপৰত থকাৰ সম্ভাৱনা আছে৷ সাধাৰণতে জুনৰ পৰা ছেপ্টেম্বৰলৈ ভাৰতত বেছিকৈ বৰষুণ হয়৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈ দেশত বৰষুণৰ পৰিমাণ হ’ব পাৰে ৮৭ শতাংশ, যিটো হ’ব স্বাভাৱিকতকৈ ৬ শতাংশ অধিক৷ নিৰ্দিষ্ট এটা অঞ্চলতহে যে বৰষুণৰ পৰিমাণ বৃদ্ধি পাব তেনে নহয়, বিশেষজ্ঞসকলৰ মতে, বছৰটোৰ জুনৰ পৰা ছেপ্টেম্বৰলৈ দেশৰ সকলো ঠাইতে বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ বেছি হ’ব৷ বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পালে অন্ততঃ সৰ্বসাধাৰণ উৎকট গৰমৰ পৰা কিছু পৰিমাণে হ’লেও স্বস্তি অনুভৱ কৰিব পাৰিব৷ এটা কথা সকলোৱে স্বীকাৰ কৰিব যে দ্ৰুত উদ্যোগীকৰণ আৰু নগৰীকৰণৰ বাবে ভাৰতত ক্ৰমাৎ সংকুচিত হৈ আহিছে বনাঞ্চল৷ সেইবাবেই দেশত সৃষ্টি হৈছে অনাবৃষ্টি, গ্ৰীষ্মপ্ৰবাহ আদিৰ৷ বৰ্তমান অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত অতিপাত বৰষুণ হোৱাৰ বিপৰীতে কেইবাখনো ৰাজ্যত দেখা গৈছে প্ৰবল গ্ৰীষ্মপ্ৰবাহ৷ যদি আমি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান চহৰ গুৱাহাটীৰ কথা উল্লেখ কৰোঁ, তেন্তে ক’ব লাগিব তাপমান বৃদ্ধি পোৱাৰ মূল কাৰণটো হৈছে চহৰখনৰ সেউজ আৱৰণ ক্ৰমান্বয়ে নোহোৱা হৈ অহাটো৷ কেইদিনমান আগলৈকে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলে চহৰখনৰ সেউজ পৰিৱেশৰ বাৰুকৈয়ে প্ৰশংসা কৰিছিল৷ কিন্তু শেহতীয়াকৈ দেখা গৈছে ৰাস্তা-ঘাট  আৰু আন পৰিকল্পনাহীন নিৰ্মাণকাৰ্যৰ বাবে কাটি পেলোৱা হৈছে বহু গছ-গছনি৷ এনেয়ে দেশৰ অন্যতম প্ৰদূষিত চহৰবোৰৰ মাজত স্থান পাইছে গুৱাহাটীয়ে৷ তাৰ উপৰি গছ-গছনি হ্ৰাস পোৱাটোৱে চহৰখনৰ তাপমান বৃদ্ধিত অৰিহণা যোগাইছে৷ গোলকীয় উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা জলবায়ু পৰিৱৰ্তনৰ ফলত বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে এছিয়া মহাদেশ৷ ইয়াৰ অন্যতম কাৰণ হৈছে বনাঞ্চলৰ সংকোচন আৰু গছ-গছনিৰ লগতে জলাশয় হ্ৰাস পোৱাটো৷ শিক্ষা-দীক্ষাৰ অগ্ৰগতিয়ে মানুহক এনে এটা পৰ্যায়লৈ লৈ গৈছে যে মানুহ এতিয়া প্ৰকৃতিক জয় কৰিবলৈ অগ্ৰসৰ হৈছে৷ প্ৰকৃতিৰ ওপৰত চলিছে ধবংসযজ্ঞ৷ জনসংখ্যা বৃদ্ধি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ অগ্ৰগতিৰ ফলত মানুহৰ বৰ্ধিত চাহিদা প্ৰকৃতিয়ে পূৰণ কৰিব নোৱৰা হ’ল  আৰু তাৰ ফলতেই দেখা গৈছে পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন৷ এটা সময় আছিল যেতিয়া শাৰদীয় দুৰ্গোৎসৱৰ পাছৰ পৰাই অসমত তাপমান হ্ৰাস পাবলৈ লৈছিল৷ কিন্তু শেহতীয়াকৈ অক্টোবৰলৈ ৰাজ্যখনত গ্ৰীষ্মৰ প্ৰকোপ দেখিবলৈ পোৱা যায়৷
ভাৰতৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ লোক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু উৎপাদন ভাল হ’বলৈ হ’লে তেওঁলোকে আশাৰে বাট চাই থাকে বৰষুণলৈ৷ কিন্তু অতিবৃষ্টিও তেওঁলোকৰ বাবে হ’ব পাৰে সীমাহীন সমস্যাৰ কাৰণ৷ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননীয়ে এইসকল লোকক সকাহ দিব পাৰে নে নোৱাৰে সেয়া সময়েহে ক’ব৷