Logo
image

ইউপিএছচিত উত্তীৰ্ণ অসমৰ ৭ জন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ এপ্ৰিলঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উজ্বলি উঠিল অসমৰ ৭ জনকৈ কীৰ্তিমান৷ সোমবাৰে প্ৰকাশ পোৱা ইউ পি এছ চি পৰীক্ষাৰ ফলাফলৰ ১,০১৬ জন প্ৰাৰ্থীৰ তালিকাত অসমৰ ৭ মেধাৱীয়ে স্থান নিশ্চিত কৰিছে৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতি লাভ কৰা অসমৰ প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে গুৱাহাটীৰ অভিজ্ঞান হাজৰিকা৷ অভিজ্ঞান হাজৰিকাই সৰ্বভাৰতীয় মেধাৰ তালিকাত ১৭২ সংখ্যক স্থান লাভ কৰিছে৷ ইয়াৰোপৰি অসমৰ ৰিকি লহকৰ প্ৰধানে ২৩০ সংখ্যক স্থান, তেজপুৰৰ ঈশ্বৰী ডেকাই ৩২০ সংখ্যক স্থান, ধুবুৰীৰ ঋতুৰাজ শৰ্মাই ৪৬২ সংখ্যক স্থান, নগাঁৱৰ ভাস্বত শইকীয়াই ৫৫২ সংখ্য স্থান, গোগামুখৰ কল্লোল হাজৰিকাই ৯৯২ সংখ্যক স্থান আৰু বৰপেটাৰোডৰ আজমল হুছেইনে ১০১৩ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য, ১৭২ সংখ্যক স্থান লাভ অভিজ্ঞান হাজৰিকা গোলাঘাটৰ দেৰগাঁৱৰ নিৱাসী যদিও বৰ্তমান গুৱাহাটীৰ স্থায়ী বাসিন্দা৷ চতুৰ্থবাৰৰ প্ৰয়াসত ইউপিএছচি পৰীক্ষাত সফলতাৰ মুখ দেখা অভিজ্ঞানৰ পিতৃ এপিডিচিএলৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক প্ৰসন্ন কুমাৰ হাজৰিকা আৰু মাতৃ পুষ্পাঞ্জলি হাজৰিকা৷ ২০১৭ বৰ্ষত এন আই টি শিলচৰৰ পৰা বৈদ্যুতিক অভিযন্তাৰ ডিপ্লমা লাভ কৰাৰ পাছত পাৱাৰ গ্ৰীডত অভিযন্তা হিচাপে কাম কৰিছিল অভিজ্ঞানে৷ সংবাদ মাধ্যমক অভিজ্ঞানে সফলতাৰ অনুভূতি ব্যক্ত কৰি জানিবলৈ দিয়া অনুসৰি কিছুদিন পাৱাৰ গ্ৰীডত কাম কৰাৰ পাছতেই ইউপিএছচিৰ প্ৰস্তুতিৰ বাবে ২০২০ চনত অভিযন্তা চাকৰি ত্যাগ কৰিছিল৷ ২০২১ চনত ভিজন আই এ এছত কোচিং লোৱা অভিজ্ঞানে ইউ পি এছ চিৰ ৩ বাৰকৈ মূল পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও সফলতা লাভ কৰা নাছিল৷ অৱশেষত চতুৰ্থ বাৰত সৰ্বভাৰতীয় মেধাৰ তালিকাত স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হয় অদমনীয় অভিজ্ঞানে৷ ৩ বছৰ ধৰি প্ৰস্তুতি চলাই থকা অভিজ্ঞানে দৈনিক ৯-১০ ঘণ্টাকৈ অধ্যয়ন কৰাৰ কথা জানিবলৈ দিছে৷ শেহতীয়াকৈ অভিজ্ঞানে এপিএছচি পৰীক্ষাত অসম বিত্ত সেৱাৰ পদত বাছনি লাভ কৰি বৰ্তমান বিভাগীয় প্ৰশিক্ষণ লৈ আছে৷ ইউ পি এছ চিৰ দৰে প্ৰতিযোগিতা পৰীক্ষা বহু কঠিন বুলি জানিবলৈ দি সফলতা লাভ কৰাটো বৰ সহজ নহয় বুলিও মন্তব্য কৰিছে অভিজ্ঞানে৷ তেওঁৰ এই সফলতাৰ যাত্ৰাত পৰিয়ালৰ লগতে ফ’কাছ নৰ্থ-ইষ্টৰ শশংক গুপ্ত কাশ্যপে বহু সহায় কৰা বুলিও জানিবলৈ দিছে৷ আনহাতে ইউ পি এছ চিত ২৩০ সংখ্যক স্থান লাভ কৰা ৰিকি লহকৰ প্ৰধানে বিগত ১৭ জানুৱাৰীত ঘোষিত এপিএছচি পৰীক্ষাৰ ফলাফলত বিত্ত সেৱাত অধীক্ষক পদত বাছনি লাভ কৰি বৰ্তমানৰ চাকৰি কৰি আছে৷ ৰিকি লহকৰ প্ৰধানে গুৱাহাটীৰ ডনবস্কো স্কুলত স্কুলীয়া জীৱন আৰম্ভ কৰি দিল্লীৰ বিট্‌ছ পিলানিত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল৷ ৰিকিয়ে অসম চৰকাৰৰ বিত্ত সেৱাৰ চাকৰিত যোগদানৰ পূৰ্বে ব্যক্তিগত প্ৰতিষ্ঠানতো কাম কৰিছিল৷ আনকি ৰিকিয়ে দিল্লীত পঢ়ি থকাৰ সময়ত একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক টিউচনো কৰিছিল৷ একেদৰে এইবাৰ ৩২০ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰৰ ঈশ্বৰী ডেকা তেজপুৰৰ চিত্ৰলেখা নগৰৰ নিবাসী ৰঙাপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ ৰণেন্দ্ৰ মোহন ডেকাৰ কন্যা৷ তেওঁৰ মাতৃ ভাৰতী দাস হৈছে তেজপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা৷ এইবাৰ ৯৯২সংখ্যক স্থান লাভ কৰা কল্লোল হাজৰিকাৰ ঘৰ হৈছে গোগামুখৰ সোণোৱাল গাঁৱত৷ মেধাৱী কল্লোলৰ পিতৃ কৃষ্ণ হাজৰিকা আৰু মাতৃ ৰুমী হাজৰিকা৷


অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়া ভাস্বতে পালে ৫৫২সংখ্যক স্থান

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ সাম্প্ৰতিক সময়ত শিক্ষাখণ্ডত ব্যক্তিগত শিক্ষানুষ্ঠানৰ জয়যাত্ৰাৰ সময়তে অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলত হাইস্কুল শিক্ষা সাং কৰা নগাঁৱৰ এজন যুৱকে সদ্যঘোষিত সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ৫৫২সংখ্যক স্থান লাভ কৰি অসমৰ নাম উজলাই তুলিছে৷ তেওঁৰ নাম ভাস্বত শইকীয়া৷ তেওঁ চৰকাৰী বিদ্যালয়ত অসমীয়া মাধ্যমত পঢ়িছিল৷ নগাঁও চহৰৰ ডিফলুৰ বীৰেন্দ্ৰনাথ শইকীয়া আৰু দিব্যাজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বত শইকীয়াই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল নগাঁৱৰ বাল্য ভৱনত৷ পঞ্চম শ্ৰেণীৰ পৰা নগাঁও চৰকাৰী বালক উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া ভাস্বতে ২০১২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সমগ্ৰ অসমৰ ভিতৰত দশম স্থান দখল কৰিছিল৷ পৰৱৰ্তী সময়ত গুৱাহাটী আই আই টিৰ পৰা সুখ্যাতিৰে BTech পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাস্বতে চিটি গ্ৰুপৰ ছ’ফটৱেৰ ডেভলপাৰ পদত নিযুক্তি লাভ কৰিছিল৷ ২০২২৬নত ভাৰতীয় বন সেৱাৰ পৰীক্ষাত ৬৮ সংখ্যক স্থান লাভ কৰা ভাস্বতে পুনৰ ২০২৪ চনত UPSCত অৱতীৰ্ণ হৈ ৫৫২সংখ্যক স্থান লাভ কৰি নগাঁও জিলাৰ লগতে সমগ্ৰ অসমকে গৌৰৱান্বিত কৰিছে৷ সাংবাদিকৰে হোৱা কথা বতৰাত ভাস্বতে কয়,–‘প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে৷ ভালদৰে পঢ়িলে সকলো মাধ্যমতে পঢ়ি সফলতা অৰ্জন কৰিব পাৰি৷’

তেজপুৰৰ ঈশ্বৰীয়ে পালে ৩২০সংখ্যক স্থান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ তেজপুৰৰ চিত্ৰলেখা নগৰ নিবাসী ৰঙাপৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড॰ ৰণেন্দ্ৰ মোহন ডেকা আৰু তেজপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ভাৰতী দাসৰ কন্যা ঈশ্বৰী ডেকাই মঙলবাৰে ঘোষিত ইউ পি এ চি পৰীক্ষাত ৩২০সংখ্যক স্থানেৰে তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে  অসম প্ৰশাসনিক সেৱাৰ অধীনস্থ বিত্ত সেৱাৰ পৰীক্ষাতো তৃতীয় স্থান লাভ কৰি ১ মাৰ্চত যোগদান কৰি অসম চৰকাৰৰ কোষাগাৰ আৰু গাণনিক সঞ্চালকালয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ঈশ্বৰী ডেকাই এসপ্তাহৰ ছুটী লৈ ইউ পি এ চিৰ মৌখিক পৰীক্ষাত অৱতীৰ্ণ হৈ  পুনৰ যোগদান কৰিবলৈ যাওঁতেই এই খবৰ লাভ কৰাৰ পিছত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গ৷ সৰুৰে পৰা মেধাৰ পৰিচয় দি অহা ঈশ্বৰীয়ে তেজপুৰৰ ছেইণ্ট যোছেফ কনভেণ্ট বিদ্যালয়ৰ পৰা ৮৯ শতাংশ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেজপুৰ শ’লমৰাস্থিত ১ নং কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা ৯৭.৭৫ শতাংশ নম্বৰেৰে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত নতুন দিল্লীৰ বিখ্যাত ছেইণ্ট ষ্টিফেন কলেজৰ পৰা ইংৰাজী বিষয়ত প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছিল৷ ইয়াৰ মাজতেই অসম ফাইনেঞ্চ ছাৰ্ভিচ পৰীক্ষাত অৱতীৰ্ণ হৈ তৃতীয় স্থান লাভ কৰিছিল ঈশ্বৰীয়ে৷

প্ৰথম প্ৰচেষ্টাতে ইউপিএছচি পালে ঋতুৰাজ শৰ্মাই

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদকঃ ইউপিএছচিত স্থান লাভ কৰিলে ধুবুৰীৰ এটা মধ্যবিত্ত পৰিয়ালৰ ২০ বছৰীয়া এজন যুৱকে৷ চহৰখনৰ ২ নং ৱাৰ্ডৰ ঋতুৰাজ শৰ্মাই সৰ্বভাৰতীয় ইউপিএছচি পৰীক্ষাত ৪৬২সংখ্যক স্থান লাভ কৰি কেৱল ধুবুৰীলৈই নহয়;  সুনাম কঢ়িয়াই আনিলে ৰাজ্যখনলৈও৷ পোন প্ৰথমবাৰৰ বাবে ধুবুৰীৰ পৰা ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱা ঋতুৰাজে দশম শ্ৰেণীলৈ ধুবুৰীৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰাৰ বিপৰীতে গুৱাহাটীৰ ডনবস্কোৰ পৰা উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ উল্লেখ্য যে, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন (International Studies)ৰ ওপৰত স্নাতক ডিগ্ৰী লাভ কৰা ঋতুৰাজে প্ৰথম প্ৰচেষ্টাতেই ইউপিএছচি পৰীক্ষাত উতীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ সৰুতেই পিতৃহাৰা হোৱা যুৱকজনে এটা সাক্ষাৎকাৰত নিজ মাতৃক ৰাজহাড় বুলি অভিহিত কৰে৷ সৰুতে ধুবুৰীৰ বৰলুইতৰ পাৰঘাটত ফুৰিবলৈ গ’লে পিতৃয়ে দেখুৱাই দিয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ চৰকাৰী আবাসগৃহ দুটা দেখি দেখি লাহে লাহে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতি আগ্ৰহী হোৱা বুলি জনায় আৰু প্ৰয়াত পিতৃকেই তেখেতৰ প্ৰশাসনীয় জীৱনৰ বাটকটীয়া বুলি অভিহিত কৰিছে ঋতুৰাজ শৰ্মাই৷ কোনো ধৰণৰ ব্যক্তিগত ক'চিং অবিহনেই ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছে ঋতুৰাজে৷

ইউপিএছচিত উজলিল বৰপেটাৰ আজমল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পদত সফলতা লাভ কৰিছে আজমল আই এ এছ একাডেমীৰ মেধাবী শিক্ষাৰ্থী আজমল হুছেইনে৷ আজমল হুছেইনৰ ঘৰ বৰপেটাত৷ তেওঁৰ সাফল্যত আজমল গ্ৰুপৰ লগতে উৎফুল্লিত হৈ পৰিছে বৰপেটাবাসী৷ আজমল আই এ এছ একাডেমীৰ দিকদৰ্শন আৰু নিজৰ একাগ্ৰতা ও সাধনাৰ বলত ইউপিএছচিত স্থান পাবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিছে আজমল হুছেইনে৷ উল্লেখযোগ্য আজমল হুছেইনে আজমল আই এ এছ একাডেমীৰ Interview Guidence Programত অংশগ্ৰহণ কৰি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাইছিল আজমল হুছেইনে৷ আজমল হুছেইনৰ এই কৃতিত্বত আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড॰ খছৰুল ইছলাম সহ আজমল ফাউণ্ডেচনৰ বিষয়বৱীয়া সকলে সন্তুষ্টি ব্যক্ত কৰিছে৷