Logo
image

ৰাহুল গান্ধীৰ হেলিকপ্টাৰত তালাচী চলোৱা বিষয়া নিলম্বিত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ এপ্ৰিলঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হেলিকপ্টাৰত তালাচী চলোৱা ফ্লায়িং স্কোৱাডৰ দলটোৰ মুৰব্বীক নিৰ্বাচন আয়োগে নিলম্বিত কৰিছে৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অবিহনে তামিলনাডুৰ নীলগিৰিত ৰাহুল গান্ধীৰ হেলিকপ্টাৰত তালাচী চলোৱাৰ বাবেই এই বিষয়াজনক নিলম্বিত কৰা হৈছে৷ নিৰ্বাচন আয়োগে এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে৷ তেওঁলোকে অৱশ্যে ৰাহুল গান্ধীৰ নাম উল্লেখ কৰা নাই৷ পিছে নীলগিৰিত  ফ্লায়িং স্কোৱাডৰ যিটো দলে নিৰ্বাচনী প্ৰচাৰত ব্যৱহৃত হেলিকপ্টাৰত তালাচী চলাইছিল সেয়া নিৰ্বাচন আয়োগৰ বিনানুমতিত আৰু নিৰ্দেশ অবিহনে হোৱাৰ বাবেই দলটোৰ মুৰব্বীক নিলম্বিত কৰা বুলি আয়োগে প্ৰকাশ কৰিছে৷ এই তালাচী ‘চিলেক্টিভ’ বা বাচি বাচি চলোৱা বুলি অভিযোগ উঠাত নিৰ্বাচন আয়োগ তৎপৰ হৈ পৰে৷ কিয়নো, এই পৰ্যন্ত ৰাহুল গান্ধী আৰু পশ্চিমবংগৰ অভিষেক বেনাৰ্জীৰ বাহিৰে আন কোনো গুৰুত্বপূৰ্ণ নেতাৰ হেলিকপ্টাৰত তালাচী চলোৱা নাই৷ বিজেপিৰ নেতাৰ কাষেই চপা নাই ফ্লায়িং স্কোৱাড৷ সেয়ে ৰাহুল গান্ধীৰ তালাচী ‘চিলেক্টিভ চেকিং’ বুলি দেশজুৰি বিতৰ্ক সৃষ্টি হৈছিল৷ বিতৰ্ক ডাঙৰ হোৱাৰ আশংকাত নিৰ্বাচন আয়োগে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰে৷ ইয়াৰ উপৰি আন এনে বিভিন্ন বিতৰ্কিত ঘটনাত জড়িত হৈ পৰা ফ্লায়িং স্কোৱাডৰ ১০৬জন বিষয়াক নিৰ্বাচন আয়োগে নিলম্বিত কৰিছে৷