Logo
image

মুখ্যমন্ত্ৰী হৈ কাম কৰাৰ যি সুযোগ পাইছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও পাইছোঁ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ এপ্ৰিলঃ যুৱ প্ৰজন্মৰ কাৰণে, যিসকলক আমি সমাজৰ সচেতন ভোটাৰ হিচাপে গণ্য কৰো তেওঁলোকৰ সুন্দৰ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিশ্ৰুতিবদ্ধ৷ আমাৰ পৰৱৰ্তী চৰকাৰখনে যুৱ প্ৰজন্মৰ সংস্থাপনৰ দিশত বিশেষ গুৰুত্ব দিব৷ এই ভাষ্য কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে ‘আমাৰ অসম’ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মোদী মন্ত্ৰীসভাৰ বন্দৰ, জাহাজ আৰু জলপৰিবহণ তথা আয়ুস মন্ত্ৰণালয়ৰ কেবিনেট মন্ত্ৰী সোণোৱালে কয় যে যুৱক-যুৱতীসকলে যাতে নিযুক্তিৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে ফেৰ মাৰিব পাৰে তাৰ বাবে প্ৰতিখন ৰাজ্যতে প্ৰতিষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰিব আমাৰ চৰকাৰে৷ যুৱক-যুৱতীসকল যাতে কোনো কাৰণতে নিবনুৱা হৈ নাথাকে, নিজৰ নিজৰ যোগ্যতা অনুসৰি যাতে সন্মানজনক সংস্থাপনৰ সুবিধা লাভ কৰে তাৰ বাবে পৰৱৰ্তী চৰকাৰখনে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব৷ আগন্তুক অলিম্পিক খেলত অসমৰ ভৱিষ্যৎ প্ৰজন্মই যাতে সুখ্যাতিৰে অংশ ল’ব পাৰে তাৰ বাবে তেওঁলোকৰ পাৰদৰ্শিতা বৃদ্ধিৰ ব্যৱস্থা লোৱা হ’ব৷ আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক ‘আমাৰ অসম’ৰ তৰফৰ পৰা কেতবোৰ প্ৰশ্ন সোধা হৈছিল৷ ‘আমাৰ অসম’ৰ প্ৰশ্ন আৰু সোণোৱালৰ উত্তৰ পঢ়ুৱৈৰ বাবে আগবঢ়োৱা হ’ল৷

(১)অবকি বাৰ, ৪০০ পাৰ! কিহৰ ভিত্তিত বিজেপি দলে ইমান ডাঙৰ লক্ষ্য আগত লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে? 
উত্তৰঃ এইবাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ ৪০০ৰো অধিক আসনৰ লক্ষ্য জনতাৰ আস্থাৰ ওপৰত আধাৰিত৷ ইয়াৰ বাবে আমাৰ দলৰ কৰ্মী আৰু সমৰ্থকসকলক একত্ৰিত কৰাটো এটা কৌশলগত লক্ষ্য হিচাপে লোৱা হৈছে৷ এইবাৰ নিৰ্বাচনত আমাৰ মূল লক্ষ্য হৈছে বিকাশ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা বিকাশৰ যি ধাৰা অক্ষুণ্ণ ৰাখিছে সেই ধাৰাক অব্যাহত ৰাখি ২০৪৭ চনৰ ভিতৰত এখন পূৰ্ণ বিকশিত ভাৰতবৰ্ষ গঠনৰ উদ্দেশ্যেৰে আমি ৰাইজৰ জনাদেশ বিচাৰিছো৷ আমি এখন ‘বিকশিত ভাৰত’ গঢ়াৰ বিষয়টোক অগ্ৰাধিকাৰ দিছোঁ৷ এয়া মোদীৰ গেৰাণ্টি৷ যোৱা দহটা বছৰত আমি কথাৰে নহয়, কামেৰে ৰাইজক প্ৰমাণ দি আহিছোঁ৷ আজি ভাৰত বিশ্বৰ দ্ৰুততম বিকশিত দেশ৷ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ আমাৰ দেশত আছে৷ দৈনিক ৭৫, ০০০ ভাৰতীয় লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে৷ যোৱা এটা দশকত যি হাৰত স্থলপথ, ৰেলপথ, জলপথ আৰু বিমানবন্দৰৰ আন্তঃগাঁথনিৰ বিকাশ কৰা হ’ল পূৰ্বৰ চৰকাৰৰ দিনত এইবোৰ সপোনৰো অগোচৰ আছিল৷ এনেকুৱা বহুত উদাহৰণ মই দিব পাৰোঁ৷ আমাৰ ৰিপোৰ্ট কাৰ্ড বৰ সুন্দৰ৷ ইয়াৰ ওপৰত ভিত্তি কৰি মই দৃঢ়তাৰে কব পাৰোঁ বিজেপি দলে এইবাৰ লোকসভা নিৰ্বাচনত ৪০০ৰো অধিক আসন লাভ কৰিব৷ 

(২) নৰেন্দ্ৰ মোদীৰ দুয়োটা কাৰ্যকালৰ ভিতৰত তুলনা কৰিলে আপোনাৰ দৃষ্টিত কোনটো কাৰ্যকাল শ্ৰেষ্ঠ? 
উত্তৰঃ মোৰ দৃষ্টিত মোদীৰ দুয়োটা কাৰ্যকালেই নিজৰ নিজৰ ঠাইত শ্ৰেষ্ঠ৷ বিজেপি নেতৃত্বত এনডিএ চৰকাৰে দেশৰ শাসনভাৰ হাতত লোৱাৰ সময়ৰে পৰা নিৰন্তৰ বিকাশত অগ্ৰাধিকাৰ দি আহিছে৷ মোদী দুয়োটা কাৰ্যকালতে দেশৰ বাবে উল্লেখযোগ্য কাম হৈছে৷ ভাৰত আজি বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিলৈ উন্নীত হৈছে৷ এই অৰ্থনৈতিক উন্নয়নৰ আধাৰ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত স্থাপন হৈছিল৷ ১০ বছৰ আগতে আমাৰ দেশখন অৰ্থনৈতিকভাৱে ১১ তম স্থানত আছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্ত আৰু আত্মনিৰ্ভৰ প্ৰকল্পৰ বাবে এই সকলোবোৰ সম্ভৱ হৈছে৷ তেখেতৰ প্ৰথমটো কাৰ্যকালত স্বচ্ছ ভাৰত অভিযান, মেক ইন ইণ্ডিয়া, ক’লা ধন নিৰ্মূলৰ বাবে বিমুদ্ৰাকৰণ, জিএছটিৰ প্ৰয়োগ, বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আয়ুষ্মান ভাৰত, সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ইত্যাদি কাম সম্পূৰ্ণ হৈছিল৷ আনহাতে, দ্বিতীয়তো কাৰ্যকাল থলুৱা উৎপাদন বৃদ্ধিৰ বাবে আত্মনিৰ্ভৰ ভাৰত, দেশত কোভিড-১৯১ ভেকচিনৰ সৰ্বব্যাপী প্ৰয়োগ, প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰপ্লেনৰ সফল ৰূপায়ণ, সেউজ তথা সৌৰশক্তিৰ প্ৰয়োগ, ৰাম মন্দিৰ বিবাদৰ স্থায়ী সমাধান আৰু ৰাম মন্দিৰ প্ৰতিষ্ঠা, তিনি তালাক অবৈধকৰণ, মহাকাশ খণ্ডত অভূতপূৰ্ব উন্নয়ন আদি উল্লেখযোগ্য সফলতাৰে ভৰি আছে৷ 

(৩) অসমৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে লোৱা পাঁচটা উল্লেখযোগ্য কাম? 
উত্তৰঃ দেশৰ ‘অষ্টলক্ষ্মী’ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অসমৰ বাবে মোদী চৰকাৰে ভাবিব নোৱাৰা উন্নয়ন সাধন কৰিছে৷ কংগ্ৰেছ চৰকাৰৰ দিনত চূড়ান্ত অৱহেলিত এই অংশটোৰ উন্নয়নৰ বাবে যোৱা এটা দশকত মোদী চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে৷ বিজেপি চৰকাৰে দেশৰ অন্যান্য অংশৰ লগত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ বৃদ্ধিৰ উদ্দেশ্যে আন্তঃগাঁথনিৰ বিকাশ কৰাৰ লগতে জনসাধাৰণৰ মনৰ মাজৰ দূৰত্ব হ্ৰাস কৰাতো বিশেষ গুৰুত্ব দিছে৷ আন্তঃগাঁথনিমূলক উন্নয়নৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে অসমত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ নিৰ্মাণ তথা সম্প্ৰসাৰণত গুৰুত্ব দিছে৷ ব্ৰহ্মপুত্ৰৰ ওপৰত ভালেকেইখন দলঙৰ কাম চলি আছে৷ তাৰ ভিতৰত বগীবিল দলং, ড॰ ভূপেন হাজৰিকা সেতু, শৰাইঘাটৰ দ্বিতীয় দলঙৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰা হৈছে৷ ৰেলপথৰ বৈদু্যতিকৰণ আৰু দ্বৈতকৰণ, ৰেল ষ্টেচন উন্নীতকৰণ, উন্নত ৰেলৰ সংযোজন আদি কৰা হৈছে৷ পৰিৱেশ অনুকূল আৰু কম খৰচী যাতায়তৰ বিকল্প হিচাপে জলপথৰ বিকাশ কৰা হৈছে৷ বিশেষকৈ ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নৈত ইতিমধ্যে কাৰ্গো চলাচল আৰম্ভ হৈছে৷ বিচ্ছিন্নতাবাদে জুৰুলা কৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ স্থায়ী শান্তি ঘূৰাই আনিবলৈ কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ চেষ্টা কৰিছে৷ অসমত আলফা, বড়ো উগ্ৰপন্থী, আদিবাসী উগ্ৰপন্থীসকলৰ লগত শান্তিচুক্তি স্বাক্ষৰিত কৰা হৈছে৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখনকো সংকুচিত কৰি অনা হৈছে৷ দক্ষতা প্ৰশিক্ষণ আৰু উদ্যোগ বিকাশৰ জৰিয়তে যুৱসকলৰ নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে চৰকাৰে অসমত বিভিন্ন দক্ষতা বিকাশৰ প্ৰচেষ্টা আৰম্ভ কৰিছে৷ আৰ বাবে স্কিল ইণ্ডিয়াৰ দৰে কাৰ্যসূচী হাতত লোৱা হৈছে৷ 

(৪) কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আপোনাৰ তিনিটা বিশেষ সফলতা আৰু তিনিটা বিফলতা?
উত্তৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমি ২০১৪ চনৰ পৰা জনকল্যাণ আৰু ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীক সফল ৰূপ দিবলৈ চেষ্টা কৰিছো৷ যদিও আৰু বহুতো কৰিব লগা আছে, ডিব্ৰুগড় তথা অসমক দেশৰ অৰ্থনীতিত অৰ্থপূৰ্ণ অৱদানকাৰী হিচাপে শক্তিশালী কৰাৰ দিশত আমি কাম কৰিব লাগিব৷ দেশৰ নাগৰিকসকলৰ জীৱনৰ মানদণ্ড পূৰ্বতকৈ ভালেখিনি উন্নত হৈছে৷ কাৰণ ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰা হৈছে৷ প্ৰধানমন্ত্ৰী আৱাস, জল জীৱন মিছন, আয়ুষ্মান ভাৰত, উজ্জ্বলা,জন ধন যোজনা, প্ৰধানমন্ত্ৰী কিষাণ আদিৰ দৰে কল্যাণমূলক আঁচনিৰ সফলতাই জনসাধাৰণক প্ৰত্যক্ষ লাভালাভৰ দিশলৈ লৈ গৈছে৷ কিন্তু, আমি বিকশিত ভাৰত নোহোৱালৈকে ইতিবাচক বিকাশৰ ওপৰত কাম কৰি যাব লাগিব৷ একেদৰে, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক মুখ্য শক্তিশালী দেশ হিচাপে উন্নীত হোৱাৰ ফলত আমাৰ সন্মান যথেষ্ট বৃদ্ধি হৈছে৷ আমি এখন সুৰক্ষিত দেশত বাস কৰাৰ সৌভাগ্য অৰ্জন কৰিছোঁ৷ আজি আমি বহু মেৰুত বিভক্ত গোলকীয় শৃংখলাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছো৷ ভাৰতৰ সমৃদ্ধিশালী ঐতিহ্যই মানুহৰ বাবে উন্নত, স্বাস্থ্যৱান আৰু সুখী জীৱন যাপন কৰাৰ বাবে আশ্চৰ্যকৰ কাম কৰিছে৷ দিনক দিনে বিভিন্ন দেশৰ অধিক সংখ্যক লোকে যোগভ্যাসত অংশগ্ৰহণ কৰিছে৷ এজন আয়ুস মন্ত্ৰী হিচাপে, ভাৰতৰ এই শক্তিক বিশ্ব মঞ্চলৈ আগুৱাই নিয়াটো মোৰ বাবে আনন্দৰ বিষয়৷ আজি আমি আয়ুৰ্বেদৰ দৰে পৰম্পৰাগত ঔষধ প্ৰণালীৰ ওপৰত কাম কৰি আছো৷ ইয়াৰ দ্বাৰা ভাৰতৰ বাহিৰত ৰোগাক্ৰান্ত মানুহক আৰোগ্য কৰিব পৰা যাব৷ ভাৰতৰ জলপথসমূহক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ এতিয়াও বাকী আছে৷ নৰেন্দ্ৰ মোদী চৰকাৰে বৃহৎ সংখ্যক ৰাষ্ট্ৰীয় জলপথক স্বীকৃতি দিয়াৰ ফলত নৌপৰিবহণত এক ইতিবাচক পৰিৱেশ সৃষ্টি হৈছে৷ এইটোৱে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবেও সুযোগৰ এক বৃহৎ দিশ মুকলি কৰিছে৷ কাৰণ জলপথে গ্ৰাম্য অৰ্থনীতিক শক্তি প্ৰদান কৰিব৷ বাৰাণসী আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰা বিশ্বৰ আটাইতকৈ দীঘল নদী ক্ৰুজ গংগা বিলাসে দেশৰ বাবে গ্ৰাম্য পৰ্যটনৰ লগতে নদী পৰ্যটনৰ সম্ভাৱনা মুকলি কৰিছে৷ আমি আমাৰ দেশখনক ‘বিকশিত ভাৰত’ বনাবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো৷ 

(৫) আপুনি মুখ্যমন্ত্ৰী নে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিজক সফল বুলি ভাবে? 
উত্তৰঃ মই পদবীতকৈ কামকহে অগ্ৰাধিকাৰ দিওঁ৷ যি পদতে নাথাকো কিয় মোৰ একমাত্ৰ লক্ষ্য হৈছে জনকল্যান৷ ৰাজনৈতিক জীৱনত পদবীৰ সালসলনি স্বাভাৱিক কথা৷ মই সৌভাগ্যৱান যে মুখ্যমন্ত্ৰী হৈ থকা সময়চোৱাত অসমৰ বাবে কাম কৰিবলৈ যি সুযোগ পাইছিলোঁ, সেই একেই সুযোগ কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও পাইছোঁ৷ বৰং কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মোৰ কামৰ পৰিসৰ বৃদ্ধিহে পালে৷ মই মুখ্যমন্ত্ৰী হৈ থকা কালচোৱাত ৩,৬৭,০০০ খিলঞ্জীয়া ভূমিহীন পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ভূমিৰ অধিকাৰ লাভ কৰিছিল৷ উজনি অসমৰ গুৰুত্বপূৰ্ণ দলং বগীবিল, ঢলা-শদিয়া সেতুৰ কাম সম্পূৰ্ণ হৈছিল৷ কাজিৰঙা আৰু সত্ৰ-নামঘৰৰ মাটি বেদখলমুক্ত কৰা হৈছিল৷ ৰাজ্যত ছাউথ এছিয়ান গেম্‌ছ, খেল’ ইণ্ডিয়া, ১৭ বছৰ অনূৰ্ধৰ ফিফা বিশ্বকাপ আদিৰ দৰে গুৰুত্বপূৰ্ণ খেল আয়োজন কৰাৰ ফলত ক্ৰীড়া আন্তঃগাঁথনি গঢ় লৈ উঠিছিল৷ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়ৰ শুভাৰম্ভ কৰা হৈছিল৷ জাতীয় আন্দোলনৰ শ্বহীদ সকলক আৰ্থিক অনুদানৰ লগতে অসম আন্দোলনৰ তথ্যকোষ প্ৰস্তুত কৰা হৈছিল৷ ভাষা গৌৰৱ আঁচনিৰ অধীনত অসম সাহিত্য সভা আৰু জনগোষ্ঠীয় সাহিত্য সভালৈ বিত্তীয় অনুদান আগবঢ়োৱা হৈছিল৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী হৈ থকা সময়চোৱাত অসমৰ লগতে সমগ্ৰ ভাৰতৰ উন্নয়নৰ বাবে যথাসম্ভৱ চেষ্টা কৰিছোঁ৷ আপোনালোকে জানি ভাল পাব, মোৰ কাৰ্যকালত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগটো মোদী মন্ত্ৰীসভাৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ মন্ত্ৰালয় হিচাপে পৰিগণিত হৈছে৷ বিভিন্ন অন্তৰ্দেশীয় আৰু আন্তৰ্জাতিক জাহাজ চলাচল, সামুদ্ৰিক বাণিজ্য, বন্দৰৰ ক্ষমতা আগৰ তুলনাত যথেষ্ট বৃদ্ধি কৰা হৈছে৷ ৰাষ্ট্ৰীয় জলপথসমূহক পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হৈছে৷ ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ আমাৰ ব্ৰহ্মপুত্ৰ নদীতো বিভিন্ন উন্নয়নমূলক কাম কৰি থকা হৈছে৷ আয়ুস খণ্ডত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ পুনৰুজ্জিৱীতকৰণ কৰা হৈছে৷ ২০১৪ চনৰ পূৰ্বে ভাৰতৰ আয়ুষ সামগ্ৰীৰ বজাৰ মূল্য মাত্ৰ ২৪, ০০০ কোটিতে সীমাবদ্ধ আছিল, কিন্তু এতিয়া দেশৰ আয়ুষ সামগ্ৰীয়ে বিশ্বজুৰি ৪.৫০ লাখ কোটি টকাৰ বজাৰ লাভ কৰিছে৷ 

(৬) ‘কা’ আইন বলবৎ হোৱাত বিশেষকৈ অসমত বিজেপি দল আগন্তুক নিৰ্বাচনত লাভ নে ক্ষতিৰ সন্মুখীন হ’ব, আপোনাৰ মতামত৷
উত্তৰঃ ‘কা’ এখন সৰ্বভাৰতীয় আইন৷ ১৯৪৭ চনৰ দেশ বিভাজনৰ পাছত আমাৰ ওচৰ-চুবুৰীয়া দেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা লোকসকলক সুৰক্ষা দিয়াৰ বাবেই এই আইন বলবৎ হৈছে৷ কিন্তু ইয়াৰ প্ৰভাৱ অসমত অলপো নপৰে৷ কা বলবৎ হোৱাৰ এমাহৰো অধিক হৈ সময় যোৱাৰ পাছতো মাত্ৰ এজন লোকেহে অসমত এতিয়ালৈকে আবেদন কৰিছে৷ গতিকে অসমত ‘কা’ৰ প্ৰভাৱ নপৰেই৷ অসম চুক্তিৰ ক্ষেত্ৰতো ই বিধিপথালি নিদিয়ে৷ মই নিজেই এজন অসমীয়া ভূমিপুত্ৰ৷ গতিকে কেতিয়াও অসমীয়া জাতিবিৰোধী কাম হ’বলৈ নিদিওঁ৷ অসম চুক্তিৰ দফাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আমাৰ চৰকাৰে কাম কৰি আহিছে৷ খিলঞ্জীয়া জনগণৰ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ বাবেই বিজেপি চৰকাৰ শাসনলৈ আহিছিল আৰু ইয়াৰ বাবে আগলৈও নিষ্ঠাৰে কাম কৰি যাব৷ কেৱল বিৰোধীক মই এটাই আহ্বান জনাও যাতে তেওঁলোকে ৰ কোটি ৯০ লাখ বাংলাদেশীৰ ভুৱা তথ্যৰে জাতীয় জীৱনক উত্তেজিত কৰি সৰ্বাংগীণ প্ৰগতিৰ ধাৰাত বিধিপথালি নিদিয়ে৷ অসমৰ ৰাইজে এতিয়া আন্দোলন নিবিচাৰে, বিচাৰে কেৱল উন্নয়ন আৰু উন্নয়ন৷ একমাত্ৰ উন্নয়নৰ স্বাৰ্থতেই এইবাৰ অসমৰ ৰাইজে বিজেপিক পক্ষত ভোটদান কৰিব৷ 

(৭) এইবাৰৰ নিৰ্বাচনত আপুনি কিমান ভোটৰ ব্যৱধানত জয়ী হব বুলি ভাবে? 
উত্তৰঃ ৰাইজৰ ওপৰত মোৰ প্ৰবল আস্থা আছে৷ মই নতুনকৈ ৰাজনীতিৰ পথাৰত নমা নেতা নহয়৷ এক সুদীৰ্ঘ সময় ৰাইজৰ লগত জড়িত হৈ তেওঁলোকৰ সুখ-দুখৰ সমভাগী হৈছোঁ৷ অসমৰ ৰাইজে মোৰ ৰাজনৈতিক ভাৱাদৰ্শ ভালদৰে বুজি পায়৷ সেয়েহে এইবাৰ নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে বিপুল মাত্ৰাত ভোট দি বিজেপিক জয়যুক্ত কৰিব৷ ‘আকৌ এবাৰ মোদী চৰকাৰ’৷

(৮) বিৰোধী ঐক্য মঞ্চৰ একমাত্ৰ অকংগ্ৰেছী প্ৰাৰ্থীজন আপোনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ তেওঁ আছুৰো প্ৰাক্তন সাধাৰণ সম্পাদক আছিলে৷ তেওঁৰ পৰা আপুনি কিবা প্ৰত্যহ্বানৰ সন্মুখত হ’বলগীয়া হৈছে নেকি? 
উত্তৰঃ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিজন প্ৰাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ৷ ৰাজনীতিত প্ৰত্যাহ৩ান থাকিবই৷ ঠিক একেদৰে হৰা-জিকাও থাকিব৷ কিন্তু মূল্যবোধৰ ৰাজনীতিক জীয়াই ৰাখি দেশৰ সৰ্বাংগীণ প্ৰগতিৰ স্বাৰ্থত আমি শাসক-বিৰোধী সকলোৱে মিলি একেলগে আগুৱাই যাব লাগিব৷ কাৰণ আমাৰ চৰকাৰৰ লক্ষ্য– ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা৷ ভাৰত এখন সমৃদ্ধ গণতান্ত্ৰিক দেশ আৰু নিৰ্বাচন হৈছে আমাৰ গৌৰৱোজ্জ্বল গণতন্ত্ৰৰ আটাইতকৈ বিশাল উদযাপন৷ বিগত ১০ বছৰত ‘মোদীৰ গেৰাণ্টী’য়ে কেনেদৰে দেশৰ বিকাশৰ ক্ষেত্ৰত অভূতপূৰ্ব নৱজাগৰণৰ সূচনা কৰিছে, তাৰ প্ৰতিবেদন কাৰ্ড ৰাখি আমি ৰাইজৰ সৈতে সংযুক্ত হৈ আহিছোঁ৷ মই আমাৰ বিৰোধীসকলক সন্মান কৰোঁ, যিসকলে ডিব্ৰুগড় লোকসভা সমষ্টিত বিভিন্ন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে৷ গণতন্ত্ৰৰ সৰ্ববৃহৎ আদালত নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ন্যায়াধীশ হৈছে নাগৰিকসকল৷ ৰাইজেই নিৰ্বাচিত কৰিব ৰাইজৰ বাবে সৰ্বাধিক কাম কৰিব পৰা জনপ্ৰতিনিধিক৷ আমি শাসক-বিৰোধী সকলোৱে মিলি গণতন্ত্ৰৰ মূল্যবোধক জীয়াই ৰাখিব লাগিব৷ 

(৯) দিল্লীৰ ৰাজনীতিৰ পৰা ৰাজ্যৰ ৰাজনীতিলৈ উভতি অহাৰ কিবা পৰিকল্পনা বা ইচ্ছা আছে নেকি?
উত্তৰঃ আমাৰ বিজেপি দলৰ বাবে শৃংখলাবদ্ধতা আৰু অনুশাসন খুব গুৰুত্বপূৰ্ণ৷ যাক দলৰ প্ৰতিজন নেতা, কৰ্মীয়ে মানি চলে৷ তেনে ক্ষেত্ৰত দলে যি সিদ্ধান্ত লয় তাক আমি মানি ল’ব লাগিব৷ মই যি পদবীতে নাথাকো কিয় দেশ, জাতি আৰু দলৰ বাবে কাম কৰি যোৱাটোৱে মোৰ প্ৰথম কৰ্তব্য৷ 

(১০) বিজেপিৰ লক্ষ্য ৪০০+৷ আপোনাৰ মতে সমগ্ৰ দেশত কংগ্ৰেছে কিমান আসন পাব? 
উত্তৰঃ বিজেপিৰ নেতৃত্বত এন ডি এয়ে উত্তৰ-পূব ভাৰতৰ ২৫খন আসনৰ ভিতৰত ২২ খনতকৈ অধিক আসন লাভ কৰিবলৈ সাজু হৈছে৷ আনহাতে দেশৰ অন্য প্ৰান্তত এন ডি এ ৪০০তকৈও অধিক আসন লাভ কৰি অনায়াসে চৰকাৰ গঠন কৰিব৷ ‘অন্তোদয়’ অৰ্থাৎ দেশৰ আটাইতকৈ উপেক্ষিত লোকসকলৰ উন্নতিত উৎসৰ্গিত বিজেপিৰ শাসন নীতিয়ে প্ৰতিজন নাগৰিকৰ জীৱন সামৰি প্ৰকৃত উন্নতি সাধন কৰিছে৷ কংগ্ৰেছৰ শাসনকালত উত্তৰ-পূব ভাৰতক কেইবা দশক ধৰি অৱহেলা কৰাৰ বিপৰীতে মোদী চৰকাৰে প্ৰাথমিকতা প্ৰদান কৰিছে৷ ডিব্ৰুগড়ৰ বগীবিল দলং আৰু তিনিচুকীয়া আৰু শদিয়াৰ মাজত থকা ড॰ ভূপেন হাজৰিকা সেতুৰ দৰে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ কৰিছে৷ ইয়াৰ উপৰিও, উজ্জ্বলা, জল জীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু আয়ুষ্মান ভাৰতৰ দৰে পদক্ষেপে অঞ্চলটোৰ ৰাইজৰ জীৱনৰ মানদণ্ড যথেষ্ট উন্নত কৰিছে৷ ইয়াৰ ফলত মানুহে সন্মান আৰু গৌৰৱেৰে জীয়াই থাকিবলৈ সক্ষম হৈছে৷ সেয়ে ‘এইবাৰ, ৪০০ পাৰ’ শ্লোগানটো চৌদিশে শক্তিশালীভাৱে প্ৰতিধবনিত হৈছে৷ ই বিশ্বনেতা নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰিত্ব গ্ৰহণ কৰিব বুলি ব্যাপক বিশ্বাস প্ৰতিফলিত কৰিছে৷ উত্তৰ-পূবৰ জনসাধাৰণে অঞ্চলটোৰ পৰা সৰ্বাধিক সংখ্যক সাংসদ নিৰ্বাচন কৰিবলৈ সাজু হৈছে, যাৰ ফলত এন ডি এৰ পুনৰ শাসনলৈ অহাৰ বাট মুকলি হৈছে৷ 

(১১) ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ আপোনাৰ প্ৰত্যাশা আৰু সপোন কি? 
উত্তৰঃ বাণিজ্য কেন্দ্ৰ হিচাপে ডিব্ৰুগড়ৰ সমৃদ্ধিশালী ইতিহাস আছে৷ লগতে ই উজনি অসমৰ সামাজিক আৰু সাংস্কৃতিক ঐতিহ্যৰ কেন্দ্ৰস্থল৷ স্বাধীনতাৰ আগৰে পৰাই অবিভক্ত ডিব্ৰুগড় জিলা ভাৰতৰ আটাইতকৈ ধনী জিলাবোৰৰ ভিতৰত এখন আছিল য’ত চাহ, কয়লা, কাঠ, পেট্ৰ’লিয়াম প্ৰচুৰ পৰিমাণে পোৱা গৈছিল৷ স্বাধীনতাৰ পিছত, কংগ্ৰেছ চৰকাৰৰ প্ৰণালীবদ্ধ অৱহেলাৰ বাবে, ডিব্ৰুগড় ক্ৰমান্বয়ে চৰকাৰৰ অগ্ৰাধিকাৰৰ পৰা বাদ পৰি যায়৷ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীয়ে বগীবিল দলং নিৰ্মাণৰ বাবে বিত্তীয় অনুমোদন দিয়ালৈকে ছয় দশকৰো বেছি সময় এই অঞ্চলটো অৱহেলিত হৈ পৰি থাকিল৷ যাৰ ফলত এই অঞ্চলৰ ৰাইজ অসহায় হৈ পৰিছিল৷ ইউ.পি.এ. চৰকাৰৰ সময়ত এই প্ৰকল্পটো নিৰ্মাণ কৰাত আৰু বিলম্ব কৰা হৈছিল৷ ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰে লোৱা উল্লেখযোগ্য পদক্ষেপৰ ফলত আজি ডিব্ৰুগড়ে ইয়াৰ হেৰুওৱা গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ আগবাঢ়িছে৷ বগীবিল দলংখন দেশৰ এক অভিযান্ত্ৰিক আশ্চৰ্য৷ আজি চাহ জনজাতি সম্প্ৰদায়ে সংশোধিত মজুৰি, মডেল স্কুল, চিকিৎসালয়, উজ্জ্বলা আঁচনি, জন ধন যোজনাৰ সৈতে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিছে৷ আমি বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে ডিব্ৰুগড় তথা অসমৰ হেৰুওৱা গৌৰৱ পুনৰুদ্ধাৰৰ পথত আগবাঢ়িছো৷ 

(১২) বিগত ৫ বছৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আপুনি কৰা ৫টা বিশেষ উল্লেখনীয় কাম? 
উত্তৰঃ ডিব্ৰুগড় মোৰ জন্মভূমি৷ এই ঠাইখন মোৰ বাবে প্ৰাণৰো অধিক প্ৰিয়৷ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা কালচোৱাতে হওক বা পিছলৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সময়তে হওক ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে মই যথাসাধ্য চেষ্টা কৰিছোঁ৷ বগীবিলৰ অসম্পূৰ্ণ দলঙৰ কাম ক্ষিপ্ৰতাৰে সম্পাদন হোৱাত ব্ৰহ্মপুত্ৰৰ দুইপাৰৰ ৰাইজৰ যাতায়তৰ সমস্যা নাইকিয়া হ’ল৷ মই সাংসদ হৈ থকা সময়ত লেপেতকটাত গেছ ক্ৰেকাৰ প্ৰকল্প কাম আৰম্ভ কৰিবলৈ দাবী জনাইছিলোঁ আৰু আশা কৰা ধৰণে প্ৰকল্পৰ কাম আগবাঢ়ি পিছলৈ সম্পূৰ্ণ হৈছিল৷ ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীত কাৰ্গো বা জাহাজ চলাচল সুগম কৰা হৈছে৷ তাৰ বাবে ডিব্ৰুগড়ৰ বগীবিলত ৫০ কোটি টকাৰে কাৰ্গো তথা টুৰিষ্ট টাৰ্মিনেল বনাই থকা হৈছে আৰু ইয়াৰ ৫০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ বান আৰু গৰা খহনীয়াই বিধবস্ত কৰা ডিব্ৰুগড়ৰ নৈকাষৰীয়া অঞ্চলবোৰত মথাউৰিৰ লগতে ৰাস্তা নিৰ্মাণ কৰা হৈছে৷ যাৰ ফলত এই অঞ্চলত বান আৰু গৰা খহনীয়াৰ সমস্যা বহুখিনি ৰোধ হৈছে৷ চাহ বাগান অঞ্চলত বিদ্যালয়, বাট পথ নিৰ্মাণৰ কাম কৰা হৈছে৷ যাৰ ফলত আজি বাগানৰ ৰাইজে এটা মৰ্যাদাপূৰ্ণ জীৱন কটাবলৈ সক্ষম হৈছে৷