Logo
image

কংগ্ৰছ দল গান্ধী পৰিয়ালৰ এটা কোম্পানী আৰু কৰ্মীসকল কোম্পানীটোৰ চাকৰিয়ালঃ পীয়ূষ হাজৰিকা

'আমাৰ অসম'ৰ তিতাবৰৰ বিশেষ প্ৰতিবেদক, ১৭ এপ্ৰিলঃ অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰ বুধবাৰে বিয়লি ৫ বজাত অন্ত পৰে। ইয়াৰ লগে লগে প্ৰায় এমাহজোৰা উৎকণ্ঠা, ব্যস্ততা আৰু ৰাজনৈতিক নেতাৰ মুখচুপতিয়ে উত্তাল কৰি ৰখা উজনি অসমৰ ৰাজনৈতিক পৰিৱেশ স্তিমিত হৈ পৰিল। নিৰ্বাচনী প্ৰচাৰভিযানৰ অন্তিমদিনা শাসকীয় দল বিজেপিয়ে তিতাবৰ বিধানসভা সমষ্টিত বিশাল পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰে। 

তিতাবৰৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা পদযাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকাই। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে খেলপথাৰত সমবেত হোৱা বিশাল বিজেপি সমৰ্থকক উদ্দেশ্যি মন্ত্ৰী হাজৰিকাই কয়- "তিতাবৰ বিধানসভা সমষ্টিটোত এটা সময়ত এগৰাকী মুখ্যমন্ত্ৰীয়ে ১৫ বছৰ ধৰি ৰাজত্ব কৰাৰ পাছতো সমষ্টিটোৰ কোনো উন্নয়ন নহ'ল। এগৰাকী মুখ্যমন্ত্ৰীয়ে ১৫ বছৰ ধৰি একেৰাহে শাসন কৰাৰ পাছত সমষ্টিটোৰ কি উন্নয়ন হ'ল দেখুৱাই দিয়কচোন। কেন্দ্ৰত নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পৰিবৰ্তনৰ বাবে সকলোৱে বিজেপিক ভোট দিলে৷ কিন্তু তিতাবৰৰ মানুহে আৱেগ বুলি বিজেপিক ভোট নিদিলে। ফলত উন্নয়নৰ ক্ষেত্ৰত তিতাবৰ বহুত পিছপৰি থাকিল। বিগত সময়ত তিতাবৰত মিটিং এখন পাতিব পৰাকৈ এটা ভাল অ'ডিটৰিয়াম কংগ্ৰেছে বনাব নোৱাৰিলে, এখন ভাল আই টি আই নিৰ্মাণ কৰিব নোৱাৰিলে। কংগ্ৰেছে যিমানদিন সমষ্টিটো দখল কৰি ৰাখিছে, তালৈ লক্ষ্য কৰিলে তিতাবৰৰ গ্ৰামাঞ্চলৰ বাটপথবোৰ ডাবল লেন হ'ব লাগিছিল, তিতাবৰৰ নগৰৰ মূল বাটপথবোৰ ফ'ৰলেন হ'ব লাগিছিল। কিন্তু নহ'ল। কিয় জানেনে বুলি উত্তৰ দি মন্ত্ৰীগৰাকীয়ে আকৌ কয়- "২০০১ চনৰপৰা তিতাবৰৰ মানুহে একেৰাহে কংগ্ৰেছক ভোট দি আহিছে আৰু তিতাবৰত কাম নকৰিলেও কংগ্ৰেছকে ভোট দিব বুলি তেওঁলোকে ধৰি লৈছে।"

তিতাবৰৰ উন্নয়নৰ স্বাৰ্থতে এইবাৰ কংগ্ৰেছক বাদ দি বিজেপিক ভোট দিবলৈ আহ্বান জনাই তেওঁ কয়- "এইবাৰ যদি তিতাবৰৰ মানুহে তপন গগৈক পদুম ফুলৰ চিনত ভোট দি ২৫ হাজাৰ ভোট বেছিকৈ দিয়ে তেতিয়া হ'লে মুখ্যমন্ত্ৰী তিতাবৰত এদিন থকাকৈ আহিব আৰু তিতাবৰৰ মানুহৰ লগত সমস্যাৰ বিষয়ে কথা পাতি ৰাস্তা-ঘাট, খোৱাপানীকে ধৰি যিমান সমস্যা আছে সকলো সমস্যা সমাধান কৰি দিব।" 

আনহাতে কংগ্ৰেছ দলক সমালোচনা কৰি পীয়ূষ হাজৰিকাই কয় যে কংগ্ৰেছ দল গান্ধী পৰিয়ালৰ অনুগত। কংগ্ৰেছ দলটো ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ এটা কোম্পানী, আৰু কৰ্মীসকল এই কোম্পানীৰ চাকৰিয়াল। কালি তেওঁলোকৰ মালিক প্ৰিয়ংকা গান্ধী আহোঁতে যিখিনি মানুহ গোট খালে, সেইটো দেখিলে তিতাবৰত কংগ্ৰেছ ইতিমধ্যে শেষ হ'ল বুলি অসমৰ মানুহে গম পাই গৈছে। প্ৰিয়ংকা গান্ধী নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এগৰাকী সাধাৰণ সম্পাদিকা আৰু তেওঁ আহোতেও যেতিয়া কংগ্ৰেছৰ মানুহ গোট নাখালে, ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে যোৰহাট লোকসভা সমষ্টিত এইবাৰ তপন গগৈয়ে আঢ়ৈ লাখ ভোটৰ ব্যৱধানত জিকিব। প্ৰিয়ংকা গান্ধীৰ তিতাবৰ ভ্ৰমণৰ পাছতে আচলতে বিজেপিৰ দুটা ভোট বেছিকৈহে লাভ হ'ল বুলি মন্ত্ৰীগৰাকীয়ে তীৰ্যক ভাষাৰে সমালোচনা কৰে। অন্তিম প্ৰচাৰভিযানৰ পদযাত্ৰা কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাঘেৰিটা, সাংসদ পল্লৱলোচন দাস, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, অসম ৰাজ্যিক বিজেপিৰ মিডিয়া কোষৰ ডুইনা বৰুৱাকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী নেতাই অংশ লয়।