Logo
image

এইবাৰ ভোটাৰক কংগ্ৰেছৰ গেৰাণ্টী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰক লৈ শাসক-বিৰোধীৰ প্ৰচাৰ তুংগত থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছে দিলে পাঁচোটাকৈ কৃষক ন্যায় গেৰাণ্টী৷ সৰ্বভাৰতীয় কিষাণ কংগ্ৰেছৰ সমন্বয়ক ৰিজৱান ৰাজা, ৰাষ্ট্ৰীয় যুটীয়া সমন্বয়ক সাথি কৃষ্ণ চৈতন্য ৰেড্ডী আৰু প্ৰদেশ কৃষক কংগ্ৰেছৰ সভাপতি হৰিপ্ৰসাদ শইকীয়াই বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত মুকলি কৰে উক্ত কৃষক ন্যায় গেৰাণ্টী৷ কৃষক ন্যায় গেৰাণ্টী মুকলি কৰি ৰাজাই কয়– কংগ্ৰেছ শাসনলৈ আহিলে নূ্যনতম সমৰ্থন মূল্যক আইনী আওতালৈ অনা হ’ব৷ শস্যৰ মূল্য স্বামীনাথন আয়োগৰ মতে নিৰ্ধাৰণ কৰা হ’ব৷ কৃষিঋণ মাফ দিয়াৰ উদ্দেশ্যে কৃষিঋণ মাফ আয়োগ স্থাপন কৰা হ’ব৷ কৃষি সামগ্ৰীৰ ওপৰত জি এছ টি আঁতৰোৱা হ’ব৷ আমদানি-ৰপ্তানি নীতিৰ অধীনত কৃষকৰ হিত সাধনৰ হকে আৰু কৃষি উৎপাদনৰ মূল্যৰ স্থিৰতাৰ বাবে নিৰ্ধাৰণ কৰা হ’ব৷ কংগ্ৰেছৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হ’লে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ পৰিৱৰ্তন ঘটোৱা হ’ব৷ শস্যৰ লোকচানৰ ৩০ দিনৰ ভিতৰত কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা দিয়াৰ ব্যৱস্থা কৰা হ’ব৷

বিজেপি নেতাৰ কংগ্ৰেছত যোগদান

জ্যেষ্ঠ বিজেপি নেতা তথা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ জৱাহৰলাল দত্ত আৰু তেওঁৰ কেইবাজনো অনুগামীয়ে বুধবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছত যোগদান কৰে৷ দত্তক কংগ্ৰেছ দলৰ টুপী আৰু মাফলাৰ পিন্ধাই দিয়ে প্ৰদেশ কৃষক কংগ্ৰেছৰ সভাপতি হৰিপ্ৰসাদ শইকীয়া, কিষাণ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমন্বয়ক ৰিজৱান ৰাজা আৰু ৰাষ্ট্ৰীয় যুটীয়া সমন্বয়ক সাথি কৃষ্ণ চৈতন্য ৰেড্ডীয়ে৷ কংগ্ৰেছত যোগদান কৰি দত্তই কয়– নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত পৰিৱৰ্তন হ’ব বুলি আশা কৰিছিলোঁ৷ কিন্তু তেওঁৰ নেতৃত্বত দেশৰ গণতন্ত্ৰ ধবংস হ’ল৷ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত মই বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছোঁ৷ বিজেপিক প্ৰতিহত কৰাটো আজিৰ তাৰিখত সময়ৰ আহ৩ান৷ দেশৰ প্ৰতিজন নাগৰিকে এই কথা অনুধাৱন কৰিব লাগিব৷