Logo
image

বিমানত উঠিয়েই জোতা খুলি আইপেড উলিয়াই ল’লে মোদীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ এপ্ৰিলঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ ঠিক পূৰ্বে ভগৱান শ্ৰীৰামচন্দ্ৰই বিজেপিৰ তাৰকা প্ৰচাৰক৷ অহা শুকুৰবাৰে দেশজুৰি মুঠ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ১০২টা লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ দুদিন পূৰ্বে বুধবাৰে বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে৷ বুধবাৰৰ দিনটোত কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিয়ে সমগ্ৰ দেশজুৰি যিমান নিৰ্বাচনী প্ৰচাৰ চলাইছে, গেৰুৱা দলটো পুৱাৰ পৰাই ততোধিক নিমগ্ন হৈ পৰিছে ৰামনৱমী পালন আৰু ভগৱান শ্ৰীৰামচন্দ্ৰৰ পূজা-অৰ্চনাত৷ ৰামৰ অচলা ভক্তিৰ ওপৰত ভৰ কৰিয়েই যে বিজেপি এইবাৰ লোকসভাৰ নিৰ্বাচনত নামিব, তাৰ স্পষ্ট ইংগিত পূৰ্বেই আছিল৷ সেয়া বুধবাৰে সত্য প্ৰতিপন্ন কৰিলে বিগত দুটা লোকসভা নিৰ্বাচনৰ দৰে এইবাৰো বিজেপিৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ মূল হোতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে অসমৰ নলবাৰীত নিৰ্বাচনী সভাত প্ৰচাৰ সামৰি নিজৰ বিমানত উঠিয়েই উলিয়াই ল’লে আইপেড আৰু তাতে প্ৰত্যক্ষ কৰিলে অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা লাইভ হৈ থকা সূৰ্যতিলক অনুষ্ঠান৷ অতি সাত্বিকভাৱে ভৰিৰ চেন্দেল খুলি আবেগ বিহ্বলভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰত্যক্ষ কৰিলে এই অনুষ্ঠান৷ তেওঁ ‘এক্স’ হেণ্ডলত নিজৰ সূৰ্যতিলক অনুষ্ঠান প্ৰত্যক্ষ কৰি থকা দুখন ফটো আপলোড কৰি লিখিলে– ‘নলবাৰীৰ নিৰ্বাচনী সভাত ভাগ লৈয়েই মই ৰামলালাৰ সূৰ্যতিলক চালো৷ কোটি কোটি ভাৰতবাসীৰ দৰেই এই মুহূৰ্ত মোৰ বাবেও আবেগিক৷ অযোধ্যাত অনুষ্ঠিত ৰাম নৱমী ঐতিহাসিক৷ কিয়নো ৫টা শতাব্দীৰ প্ৰতীক্ষাৰ অন্তত এইবাৰেই ভগৱান শ্ৰীৰামচন্দ্ৰৰ গৃহভূমিত প্ৰথমটো ৰামনৱমী উদ্‌যাপন কৰা হৈছে৷ ৫০০ বছৰৰ পাছত জন্মভূমিত ৰামলালাৰ জন্মদিৱস পালন আৰু ভগৱান ৰামৰ কপালত সূৰ্যতিলকৰ এই অনুষ্ঠান চমৎকাৰ৷’
প্ৰসংগতঃ, অযোধ্যাৰ ৰাম মন্দিৰৰ এই সূৰ্যতিলক অনুষ্ঠান চহৰখনৰ ১০০ স্থানত বিশাল স্ক্ৰীণত প্ৰদৰ্শন কৰাৰ লগতে সমগ্ৰ দেশতে লাইভ সম্প্ৰচাৰ কৰা হয়৷ দুপৰীয়া ১২ বাজি ১ মিনিটত ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ কপালত সূৰ্যতিলক শোভিত হৈছিল ২১ পৰা আঢ়ৈ মিনিট সময় ধৰি৷ ৫৮ মিলিমিটাৰ ব্যাসৰ সূৰ্যতিলকে ৰামলালাৰ কপাল শোভিত কৰাৰ দৃশ্য আছিল সন্মোহনী৷ দেশৰ দুটা প্ৰতিষ্ঠান ক্ৰমে ৰুৰকিৰ ‘চেণ্ট্ৰেল বিল্ডিং ৰিছাৰ্চ ইনষ্টিটিউট’ (চি বি আৰ আই) আৰু বেংগালুৰুৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অব এষ্ট্ৰ'ফিজিক্স’ৰ (আই আই এ পি) মুঠ ১০জন বিজ্ঞানীয়ে ৪খন আইনা (মিৰ’ৰ) আৰু ৪খন কাঁচৰ (লেন্স) সহায়ত তৃতীয় মহলাৰ পৰা কৌণিকভাৱে সংস্থাপন কৰি সূৰ্যতিলকৰ সৃষ্টি কৰে৷ কোৱা বাহুল্য মাথোঁ, এই সমস্ত পৰিকল্পনা আছিল স্বয়ং প্ৰধানমন্ত্ৰী মোদীৰ৷
ৰামনৱমীৰ দুদিন পাছত দেশজুৰি আৰম্ভ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ৰাম আৰু ৰাম মন্দিৰক মূল উপজীব্য কৰি লোৱাৰ পৰিকল্পনা বিজেপিৰ আগৰে পৰাই আছিল৷ ২২ জানুৱাৰীত ৰাম মন্দিৰত মোদীয়ে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়তে এইবাৰৰ লোকসভা নিৰ্বাচন ৰাম ভক্তিৰ লহৰেৰে সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছিল গেৰুৱা দলটোৱে৷ তাতে প্ৰথম ভোটগ্ৰহণৰ দুদিন পূৰ্বে ৰামনৱমী অনুষ্ঠান হোৱাত বিজেপিয়ে হাততে সৰগ ঢুকি পাইছে৷ সেয়ে বুধবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰৰ সামৰণিৰ দিনটোত বিজেপিৰ নেতা-কৰ্মীয়ে পৰম্পৰাগত নিৰ্বাচনী প্ৰচাৰতকৈয়ো অধিক নিমগ্ন হৈ পৰিছে ৰামনৱমী পালনেৰে ভগৱান শ্ৰীৰামচন্দ্ৰৰ পূজা-অৰ্চনাত৷ অৱশ্যে ৰাজনৈতিক কৌশল অৱলম্বন কৰি বিজেপিয়ে নিজৰ বেনাৰত ৰামনৱমীৰ অনুষ্ঠান আয়োজন কৰাৰ বিপৰীতে ভিন ভিন সংগঠনক সন্মুখত ৰাখি নিজে ব্যাপক হাৰত সেই অনুষ্ঠানত ভাগ লৈছে৷ উল্লেখ্য, অহা শুকুৰবাৰে অসম (৫), অৰুণাচল প্ৰদেশ (২), বিহাৰ (৪), চত্তীশগড় (১), মধ্য প্ৰদেশ (৬), মহাৰাষ্ট্ৰ (৫), মণিপুৰ (২), নাগালেণ্ড (১), মিজোৰাম (১), ৰাজস্থান (১২), ছিকিম (১), তামিলনাডু (৩৯), ত্ৰিপুৰা (১), উত্তৰ প্ৰদেশ (৮), উত্তৰাখণ্ড (৫), পশ্চিম বংগ (৩), আন্দামান নিকোবৰ দীপপুঞ্জ (১), জম্মু-কাশ্মীৰ (১), লাক্ষাদ্বীপ (১) আৰু পুডুচেৰীৰ (১) মুঠ ১০২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বুধবাৰে বিয়লি ৫ বজাত প্ৰচাৰ অভিযানৰ সামৰণি পৰে৷