Logo
image

‘মই অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাডৰ’

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ১৮ এপ্ৰিলঃ বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নলবাৰীলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীয়ে পুৱাৰ ভাগত কইনাধাৰাস্থিত ৰাজ্যিক অতিথিশালাৰ পৰা ওলাই খানাপাৰাৰ খেলপথাৰৰ অস্থায়ী হেলিপেডৰ পৰা বায়ুসেনাৰ তিনিখনকৈ হেলিকপ্টাৰেৰে নলবাৰীলৈ ৰাওনা হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে দিনৰ ১১ বাজি ৪০ মিনিটত সভাস্থলীৰ কাষতে নিৰ্মাণ কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰে৷ প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পাটৰ গামোচা আৰু অসমীয়াৰ বাদ্যযন্ত্ৰ কুৰকুৰীৰে সম্ভাষণ জনায়৷ নলবাৰীৰ বৰকুৰাত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বৰকুৰাৰ বিশাল খেতিপথাৰত আয়োজিত বিজয় সংকল্প সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী ৰণডংকা বজায়৷ অসমীয়াতে ৰাজ্যবাসীক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ জনসমাগমেই প্ৰতিফলিত কৰিছে ৪ জুনৰ ফলাফল কি হ’ব৷ ‘৪ জুন, ৪০০ পাৰ’ বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে এই নিৰ্বাচনী সভাৰ মঞ্চৰ পৰাই মা কামাখ্যা, মা কালী, শ্ৰীশ্ৰী হৰিমন্দিৰ, বিল্বেশ্বৰ দেৱালয়, বাসুদেৱ মন্দিৰতো সেৱা লয়৷ ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি উল্লেখ কৰি অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাদৰ তেওঁ নিজেই বুলিও কয়৷ বিজেপি সবকা সাথ, সবকা বিকাশ নীতিত বিশ্বাসী বুলি কৈ প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে অসমত সব কা সাথ সবকা বিকাশ আৰম্ভ হৈ গৈছে৷ অসমে বিকাশৰ নতুন ৰেকৰ্ড গঢ়িবলৈ আজি সক্ষম হৈছে৷ অসমত ২৫০০ কিলোমিটাৰ নতুনকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ ২৭ হাজাৰ কোটিৰো অধিক টকাৰে ছেমি কণ্ডাক্টৰ প্ৰকল্প হাতত লোৱা হৈছে৷ ‘ছেমি কণ্ডাক্টৰ প্ৰকল্পই অসমক নতুন শক্তি প্ৰদান কৰিব৷ কংগ্ৰেছে কৰিব নোৱৰা কাম বিজেপিয়ে ১০ বছৰত কৰি দেখুৱাইছে৷ তিনি তালাক প্ৰথাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছে৷ ইয়াৰ ফল মুছলিম আই-ভনীসকলে লাভ কৰিছে৷ মোদীয়ে দেশত শান্তি স্থাপনৰ প্ৰয়াস কৰি আহিছে৷ ভেদাভাৱ নাথাকিব৷ এনডিএ চৰকাৰৰ উন্নয়নত কোনো ধৰণৰ ভেদভাৱ নাই৷’ অযোধ্যাত পাঁচশ বছৰ পিছত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে বুলি উল্লেখ কৰি তাত ৰাম নৱমী পালন কৰি থকা বুলি কৈ প্ৰভু ৰামৰ বাবে সেৱা জনাবলৈ সভাস্থলীৰ পৰাই মোদীয়ে সকলোকে মোবাইল ফোনৰ ফ্লাচ লাইট অন কৰিবলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে সকলোৱে মোবাইল ফোনৰ ফ্লাচ অন কৰে৷ দেশবাসীক ৰামনৱমীৰ শুভেচ্ছা জনায় মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম ধবনি দিয়ে৷ ইফালে, কংগ্ৰেছক ক্ষুৰধাৰ ভাষাৰে সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছে উত্তৰ-পূবক কেৱল সমস্যাহে দিছিল৷ বিজেপিয়ে উত্তৰ-পূবক সম্ভাৱনাপূৰ্ণ অঞ্চল হিচাপে গঢ়ি তুলিছে বুলিও তেওঁ মন্তব্য কৰে৷ নলবাৰীৰ বিশাল জনসমাৱেশ দেখি ব্ৰহ্মপুত্ৰৰ লগত তুলনা কৰি আপ্লুুত হৈ মোদীয়ে কয়– আপোনালোকৰ এই বিশাল উপস্থিতি ব্ৰহ্মপুত্ৰৰ পানীতকৈ কম নহয়৷ প্ৰধানমন্ত্ৰীয়ে অসমীয়াতে ক’লে– আকৌ এবাৰ মোদী চৰকাৰ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে খাৰ খোৱা এছামিজ’ বুলিও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে বৰপেটা, কোকৰাঝাৰ, গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ৰমে ফণীভূষণ চৌধুৰী, জয়ন্ত বসুমতাৰী আৰু বিজুলী কলিতা মেধিক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়৷ লক্ষাধিক লোকৰ সমাগম ঘটা সভাখনত হেলিকপ্টাৰেৰে আহি উপস্থিত হোৱা মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চমু ভাষণত কয়– ‘আমাৰ অসম চাওলুং চুকাফা, লাচিত বৰবৰফুকন, মহাবীৰ চিলাৰায়ৰ দৰে পৱিত্ৰ বীৰৰ সৌৰ্য-বীৰ্য্যৰে গৰ্বিত এই বীৰভূমিত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আমাৰ সকলোৰে আনন্দৰ বিষয়৷ বিশেষকৈ প্ৰজ্ঞা নগৰী নলবাৰীত মোদীৰ পদাৰ্পন আমি গৌৰৱেৰে সোঁৱৰিম৷ লোকসভা নিৰ্বাচন সমাগত৷ ইতিমধ্যে অসমবাসীয়ে সিন্ধান্ত লৈছে৷’ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে ভোটদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ আহ৩ান জনায়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–‘প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে দায়িত্ব লোৱাৰ পিছত ২৭ বাৰকৈ অসম ভ্ৰমণ, চৰাইদেউলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, ১৪৫ ফুট উচ্ছতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মভূমি বৰদোৱাক সজাই পৰাই তোলা, মা কামাখ্যাৰ ক’ৰিডৰ আদি আজি চৌপাশে অসমখনক আগুৱাই নিয়াত মোদীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ অসমীয়াৰ গামোচা পিন্ধি আমাৰ প্ৰধানমন্ত্ৰীয়ে চাৰে তিনি কোটি অসমীয়াক গৰ্বিত কৰিছে৷ মই বিশ্বাস কৰো মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব আৰু ভাৰত বিশ্ব গুৰু হ’ব৷ ভাৰতৰ ভিতৰত অসম এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম৷ এইবাৰৰ নিৰ্বাচনত আমি ১৪খন আসনৰ ভিতৰত ১৪ খনতেই বিজয়ী হ’বলৈ সক্ষম হ’ম৷ নিৰ্বাচনৰ পিছত লাখপতি বাইদেউৰ লগতে লাখপতি ভিনদেউ হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ বিশাল জনসভাখনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই চমু ভাষণত মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ লক্ষ্যৰে আজিৰ এই সংকল্প সমাৱেশৰ আয়োজন কৰা হৈছে বুলি কয়৷ তেওঁ কয় যে মোদীৰ নেতৃত্বতত দেশত যি ধৰণেৰে উন্নয়ন হৈছে ২০৪৭ চনত বিশ্বত এক নম্বৰ দেশ হ’ব ভাৰত৷ ইউপিপিএলৰ সভাপতি তথা বিটিচি চিফ প্ৰমোদ বড়োৱে প্ৰধানমন্ত্ৰী মোদীক দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰি মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে বুলি উল্লেখ কৰে৷ সভাত উপস্থিত থাকি অগপ সভাপতি অতুল বৰাই বিজেপি চৰকাৰৰ দিনত উন্নয়ন ত্বৰান্বিত হোৱা বুলি উল্লেখ কৰি কয় যে এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে৷ কংগ্ৰেছ চৰকাৰকো বৰাই সমালোচনা কৰে৷ নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইবাৰৰ নিৰ্বাচনত অসমত ৰেকৰ্ড হ’ব বুলি উলেখ কৰি ৰাজ্যখনৰ ১৪খন আসনৰ ভিতৰত ১৪ খনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলিও মন্তব্য কৰে৷ উক্ত সভাত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, ৰঞ্জিত কুমাৰ দাস, সাংসদ কুইন ওজা, উৰ্খা গৌড়া ব্ৰহ্ম, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি ৰেখাৰাণী দাস বড়ো উপস্থিত থাকে৷ উল্লেখ্য, নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰধানমন্ত্ৰী আহি পোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ দি থকা সময়ত সভাস্থলী এজনকো ত্যাগ নকৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো সভাস্থলীত সৃষ্ট বোকাময় অৱস্থা আৰু গৰমৰ তীব্ৰতাৰ বাবে একাংশ লোকে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দি থকা অৱস্থাতে ঘৰমুৱা হোৱা পৰিলক্ষিত হয়৷