Logo
image

সংকটত নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ!: কোকৰঝাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব শৰণীয়াই

'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধি, ১৮ এপ্ৰিলঃ কোকৰাঝাৰ লোকসভা সমষ্টিত দুবাৰকৈ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়া তৃতীয়বাৰৰ বাবে সাংসদ হোৱাৰ আশাত চেঁচা পানী পৰিল। তৃতীয়বাৰৰ বাবে সাংসদ হোৱাৰ সপোন দেখা নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ এতিয়া সংকটত৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰাৰ উপৰি দলীয় ভেটি শক্তিশালী কৰিবলৈ চেষ্টা চলাই অৱশেষত শৰণীয়াই হাৰ মানিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত। 

নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ-পত্ৰ বৈধ নহয় বুলি এক অভিযোগ তুলি ন্যায়ালয়ৰ কাষ চাপিছিল বিৰোধী। দীৰ্ঘ সময় ন্যায়ালয়ত ইয়াক লৈ বিবেচনা চলি থকা মাজতে শৰণীয়াৰ জাতিগত প্ৰমাণ-পত্ৰক লৈ বৃহস্পতিবাৰে চূড়ান্ত ৰায়দান দিয়ে উচ্চ ন্যায়ালয়ে। শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰ বৈধ নহয় বুলি ৰায় দিয়ে ন্যায়ালয়ে৷ যাৰ বাবে এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব শৰণীয়াই৷

কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভোটাৰ ৰাইজৰ লগতে বিভিন্ন অঞ্চলত গৈ দলীয় নেতা-কৰ্মী, সমৰ্থকসকলক সক্ৰিয় কৰাই নহয় তেওঁ পুনৰ সাংসদ হোৱাৰ এক সপোন দেখি আহিছিল। নৱ কুমাৰ শৰণীয়াৰ সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিলে। ন্যায়ালয়ে দিয়া ৰায়দানৰ পিছত তেওঁৰ ৰাজনৈতিক জীৱনত এক বাধা আহি পৰিছে। ৰাজনৈতিকভাৱে অতিকৈ সক্ৰিয় আৰু শক্তিশালী নৱ কুমাৰ শৰণীয়া এতিয়া বিমোৰত পৰিছে। একপ্ৰকাৰে সংকটত নৱ শৰণীয়াৰ ৰাজনৈতিক জীৱন৷ কোকৰাঝাৰ লোকসভা সমষ্টিত চাৰি লাখৰো অধিক ভোটাৰ আছে। যি ভোটাৰ ৰাইজে নৱ কুমাৰ শৰণীয়াৰ বাহিৰে আন কোনো নেতা বা প্ৰাৰ্থীক সমৰ্থন নকৰে। সেইসকল নেতা-কৰ্মী, ভোটাৰ ৰাইজৰ বাবে লোকসভা নিৰ্বাচনত পচন্দৰ প্ৰাৰ্থী কোন হ'ব সেয়া এতিয়া লক্ষণীয় হ'ব৷